ETV Bharat / sports

ক্ৰিকেট ইতিহাসৰ সকলো ফৰ্মেটত শতক অৰ্জন কৰা অধিনায়কসকল কোন কোন ? - CAPTAINS CENTURIES IN ALL FORMATS

বিৰাট কোহলী, কেন উইলিয়ামচন, ষ্টিভ স্মিথ আৰু জো ৰুটৰ অধিনায়ক হিচাপে টি-২০ ফৰ্মেটত এটাও শতক নাই ।

captains centuries in all formats
ৰোহিত শৰ্মা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : 23 hours ago

হায়দৰাবাদ : যিকোনো খেলুৱৈৰ বাবে নিজৰ দেশক নেতৃত্ব প্ৰদান কৰাটো সদায় এক ডাঙৰ প্ৰত্যাহ্বান । ইতিহাসে দেখুৱায় যে অধিনায়ক হোৱাৰ পিছত খেলুৱৈসকলে অধিক চাপ অনুভৱ কৰে আৰু নিজৰ স্বভাৱসিদ্ধ প্ৰদৰ্শন কৰাত বহু ক্ষেত্ৰত ব্যৰ্থ হয় । কিন্তু এনে কিছু ক্ৰিকেটাৰো আছে, যিয়ে এই চাপ উপভোগ কৰি ব্যক্তিগতভাৱে নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰিছে । অৱশ্যে বিৰাট কোহলী আৰু ৰিকি পণ্টিঙৰ দৰে অধিনায়কো আছে, যাৰ দখলত অধিনায়ক হিচাপে সৰ্বাধিক 41 টা শতক আছে কিন্তু তেওঁলোকৰ কেৱল এদিনীয়া আৰু টেষ্টতহে শতক আছে ।

এইটো কথা অৱশ্যেই স্বীকাৰ্য যে অধিনায়কৰ ওপৰত যথেষ্ট বোজা থাকে । তেওঁ সকলো সময়তে দলটোৰ প্ৰদৰ্শন নিৰীক্ষণ কৰিব লাগে । দলটোক সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ উপৰি সঠিকভাৱে ফিল্ড সজাব লাগিব আৰু সম্ভাৱ্য সফলতাৰ বাবে সঠিক সময়ত বলাৰসকলক প্ৰয়োগ কৰিব লাগিব । একে সময়তে তেওঁ এগৰাকী ভাল বেটছমেনো হ'ব লাগে, যিয়ে বেটিং আক্ৰমণৰ নেতৃত্ব দিব পাৰে আৰু দলটোক আগুৱাই নিব পাৰে ।

ক্ৰিকেটৰ যিকোনো ফৰ্মেটত শতক অৰ্জন কৰাটো যিকোনো বেটছমেনৰ বাবে এক ডাঙৰ সাফল্য । তাতে যদি তেওঁ অধিনায়ক হয়, তেন্তে ই আৰু বিশেষ হৈ পৰে । এতিয়ালৈকে বিশ্ব ক্ৰিকেটত মুঠ 21 গৰাকী খেলুৱৈ আছে যিয়ে ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে শতক অৰ্জন কৰিছে (টেষ্ট, এদিনীয়া আৰু টি-20) । এই নিবন্ধত আমি চাৰিগৰাকী অধিনায়কৰ পৰ্যালোচনা কৰিম, যিসকলে তিনিওটা ফৰ্মেটতে শতক অৰ্জন কৰি ইতিহাসৰ পৃষ্ঠাত নিজৰ নাম খোদিত কৰিছে ।

ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে শতক অৰ্জন কৰা অধিনায়কসকল

1. তিলকৰত্নে দিলশান (শ্ৰীলংকা) : শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকী এই তালিকাৰ তিনিওটা ফৰ্মেটত শতক অৰ্জন কৰা অধিনায়কসকলৰ ভিতৰত এগৰাকী । তিলকৰত্নে দিলশান শ্ৰীলংকান ক্ৰিকেট দলৰ এগৰাকী অন্যতম গুৰুত্বপূৰ্ণ খেলুৱৈ আছিল । তিনিওটা ফৰ্মেটতে শতক অৰ্জন কৰা শ্ৰীলংকাৰ প্ৰাক্তন অলৰাউণ্ডাৰ তিলকৰত্নে দিলশান আছিল প্ৰথমগৰাকী অধিনায়ক আছিল । দিলশানে অধিনায়ক হিচাপে প্ৰথম শতক তেওঁৰ পঞ্চম এদিনীয়া, তৃতীয় টি-২০ আৰু তৃতীয় টেষ্ট মেচত অৰ্জন কৰে । দিলশানৰ অধিনায়ক হিচাপে ৩ টা শতক আছে ।

captains centuries in all formats
তিলকৰত্নে দিলশান (ETV Bharat)

টেষ্ট অধিনায়ক হিচাপে তেওঁৰ প্ৰথম শতক ১৯৩ ৰাণ লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে আহিছিল । তাৰ পিছত এদিনীয়াত তেওঁ 2010 চনত হাৰাৰেত জিম্বাব'ৱেৰ বিৰুদ্ধে 102 টা বলত 108 ৰাণ কৰিছিল । আনহাতে, ক্ৰিকেটৰ হ্ৰস্ব ফৰ্মেটত তেওঁ ২০১১ চনত পাল্লেকেলেত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫৭ টা বলত ১০৪ ৰাণ সংগ্ৰহ কৰিছিল । দিলশানে টেষ্টত মুঠ 16 টা শতক, এদিনীয়াত 22 টা শতক আৰু টি-20ত এটা শতক অৰ্জন কৰিছে ।

২. ফাফ ডু প্লেচিছ : দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক ফাফ ডু প্লেচিছ হৈছে অধিনায়ক হিচাপে তিনিওটা ফৰ্মেটত শতক অৰ্জন কৰা দ্বিতীয়গৰাকী ক্ৰিকেটাৰ । দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰগৰাকী হৈছে নিজৰ দলৰ বাবে গুৰুত্বপূৰ্ণ ৰাণ সংগ্ৰহ কৰা আটাইতকৈ নিৰ্ভৰযোগ্য বেটছমেনসকলৰ মাজৰ এগৰাকী । অধিনায়ক হিচাপে তেওঁৰ নামত ১১ টা শতক আছে । ইয়াৰে ভিতৰত এটা টি-20, 5 টা এদিনীয়া আৰু 5 টা টেষ্ট শতক তেওঁৰ নামত আছে ।

captains centuries in all formats
ফাফ ডু প্লেচিছ (ETV Bharat)

ডু প্লেচিছে ২০১৬ চনত নিউজীলেণ্ডৰ বিৰুদ্ধে ১১২ ৰাণ সংগ্ৰহ কৰি অধিনায়ক হিচাপে প্ৰথম টেষ্ট শতক অৰ্জন কৰিছিল । আনহাতে, এদিনীয়াত তেওঁ 2016 চনৰ অক্টোবৰত জোহান্সবাৰ্গত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 111 ৰাণ সংগ্ৰহ কৰিছিল । ইফালে টি-২০ অধিনায়ক হিচাপে তেওঁ ২০১৫ চনৰ জানুৱাৰীত জোহান্সবাৰ্গত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ১১৯ ৰাণ সংগ্ৰহ কৰিছিল । প্ৰাক্তন প্ৰ'টিয়া অধিনায়কগৰাকীৰ নামত টেষ্টত 10 টা, এদিনীয়াত 12 টা আৰু টি-20ত এটা শতক আছে ।

৩. বাবৰ আজম : ২০১৫ চনত আন্তঃৰাষ্ট্ৰীয় অভিষেকৰ পিছৰে পৰা পাকিস্তান ক্ৰিকেট দলৰ অন্যতম গুৰুত্বপূৰ্ণ খেলুৱৈ হৈ আছে বৰ্তমানৰ অধিনায়ক বাবৰ আজম । তিনিওটা ফৰ্মেটতে শতক অৰ্জন কৰা অধিনায়কসকলৰ ভিতৰত তেৱোঁ এজন । বাবৰ আজমে টেষ্টত ৯টা, এদিনীয়াত ১৭ টা আৰু টি-২০ত ২টা শতক অৰ্জন কৰিছে । তিনিওটা ফৰ্মেটত শতক অৰ্জন কৰা তেওঁ একমাত্ৰ পাকিস্তানী অধিনায়ক । আনহাতে, অধিনায়ক হিচাপে তেওঁৰ নামত মুঠ ১৫ টা শতক আছে । ইয়াৰে 3 টা টি-20, 8 টা এদিনীয়া আৰু 4 টা শতক টেষ্টত আহিছে ।

captains centuries in all formats
বাবৰ আজম (ETV Bharat)

অধিনায়ক হিচাপে তেওঁ প্ৰথম এদিনীয়া শতক তৃতীয়টো ইনিংছত অৰ্জন কৰিছিল । আনহাতে, টি-২০ আৰু টেষ্টত তেওঁ ক্ৰমান্বয়ে পঞ্চদশ আৰু ষোড়শ ইনিংছত শতক অৰ্জন কৰিছিল । অধিনায়ক হিচাপে তেওঁৰ প্ৰথম এদিনীয়া শতক (১২৫ ৰাণ) ২০১৯ চনত জিম্বাব'ৱেৰ বিৰুদ্ধে আহিছিল । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তেওঁ অধিনায়ক হিচাপে টি-20ত 59 টা বলত 122 ৰাণ সংগ্ৰহ কৰিছিল । ২০১৫ চনত আত্মপ্ৰকাশ কৰাৰ পিছৰে পৰা বাবৰ আজমে এতিয়ালৈকে তেওঁৰ কেৰিয়াৰত ৯ টা টেষ্ট, ১৯ টা এদিনীয়া আৰু ৩টা টি-২০ শতক অৰ্জন কৰিছে ।

৪. ৰোহিত শৰ্মা : ক্ৰিকেটৰ তিনিওটা ফৰ্মেটত শতক অৰ্জন কৰা প্ৰথম ভাৰতীয় অধিনায়ক হৈছে ৰোহিত শৰ্মা । তেওঁ বাবৰ আজম, তিলকৰত্নে দিলশান আৰু ফাফ ডু প্লেচিছৰ সৈতে অধিনায়ক হিচাপে সকলো ফৰ্মেটত আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰা চতুৰ্থগৰাকী খেলুৱৈ । 'হিটমেন' নামেৰে প্ৰখ্যাত ৰোহিত শৰ্মাই টেষ্টত ১২ টা, এদিনীয়াত ৩১ টা আৰু টি-২০ত ৪ টা শতক অৰ্জন কৰিছে । অৱশ্যে অধিনায়ক হিচাপে তেওঁৰ নামত মুঠ 11 টা শতক আছে । ইয়াৰে ভিতৰত 3 টা টি-20, 4 টা এদিনীয়া আৰু 4 টা হৈছে টেষ্ট শতক । অধিনায়ক হিচাপে তেওঁ দ্বিতীয় ইনিংছত প্ৰথম এদিনীয়া আৰু টি-২০ শতক অৰ্জন কৰিছিল ।

captains centuries in all formats
ৰোহিত শৰ্মা (ETV Bharat)
লগতে পঢ়ক :অসম সন্তান দেৱজিৎ লন শ‍‍ইকীয়া বি চি চি আইৰ সচিব হোৱাটো নিশ্চিত - DEVAJIT LON SAIKIA
লগতে পঢ়ক :হকীৰ পিছত এইবাৰ খো খো; ওড়িশাই 3 বছৰৰ বাবে পৃষ্ঠপোষকতা কৰিব ৰাষ্ট্ৰীয় খো খো দলক - ODISHA TO SPONSOR NATIONAL KHO KHO

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.