ETV Bharat / state

উমৰাংছ'ৰ কয়লা খনিৰ ঘটনাক লৈ জাঙুৰ খাই উঠিছে দল-সংগঠন - UMRANGSO COAL MINE TRAGEDY

ৰেটহ'ল মাইনিং সন্দৰ্ভত চৰকাৰক তীব্ৰ সমালোচনা সুস্মিতা দেবৰ । উমৰাংছ'ৰ ঘটনাৰ উচিত তদন্তৰ দাবী ষষ্ঠ অনুসূচী সুৰক্ষা সমিতিৰ ।

Umrangso coal mine tragedy
উমৰাংছ' কয়লা খনিৰ ঘটনাক লৈ জাঙুৰ খাই উঠিছে দল-সংগঠন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jan 8, 2025, 6:37 PM IST

হাফলং : ডিমা হাছাও জিলাৰ উদ্যোগ নগৰী হিচাপে পৰিচিত উমৰাংছ' তিনি কিলোৰ কলামাটিত কয়লা খনিত সংঘটিত দুৰ্ঘটনাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে । তাৰ মাজতে তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেবে অসম চৰকাৰক তীব্ৰ সমালোচনা কৰে ।

উমৰাংছ' কয়লা খনিৰ ঘটনাক লৈ সুস্মিতা দেবৰ প্ৰতিক্ৰিয়া

তেওঁ কয়,"উমৰাংছ'ত হোৱা ঘটনাটো অতি চিন্তাৰ বিষয় । সোমবাৰে ঘটনাটো হৈছিল আৰু আজি বুধবাৰ । কিমানজন শ্ৰমিক বাছি আছে সেয়া কোৱা অসম্ভৱ । ভাৰতীন সেনাই অভিযান চলাই আছে । কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীয়ে কিছুমান প্ৰশ্নৰ উত্তৰ দিয়া উচিত । মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব লাগে ৰেটহ'ল মাইনিং বৈধ নে অবৈধ ? দুৰ্ঘটনা হোৱা অঞ্চলটোত ৰেটহ'ল মাইনিং যে হৈ আছে কাৰ নিৰ্দেশত চলি আছে ? ৰেটহ'ল মাইনিং অসম খনি উন্নয়ন নিগম নে কোনো দল নে কোনো লোকৰ নিৰ্দেশত হৈছে ? যিসকল এই খননৰ লগত জড়িত তেওঁলোকৰ সুৰক্ষাৰ বাবে খনি আৰু খনিজ মন্ত্ৰীয়ে কি ব্যৱস্থা কৰিছে ? আমি তৃণমূল কংগ্ৰেছ ভুক্তভোগীসকলৰ সৈতে আছো ।" এই ক্ষেত্ৰত সঠিক তদন্তৰো দাবী কৰে সুস্মিতা দেবে ।

উমৰাংছ' কয়লা খনিৰ ঘটনাক লৈ জাঙুৰ খাই উঠিছে দল-সংগঠন (ETV Bharat)

ষষ্ঠ অনুসূচী সুৰক্ষা সমিতিৰ দাবী

ইফালে সমগ্ৰ বিষয়টোক লৈ সৰৱ হৈ পৰিছে ষষ্ঠ অনুসূচী সুৰক্ষা সমিতি । অবৈধ কয়লা খনন বন্ধ কৰাৰ দাবীত ষষ্ঠ অনুসূচী সুৰক্ষা সমিতিৰ হৈ ডেনিয়েল লাংথাচা আৰু অচিং জেমিয়ে ডিমা হাছাও জিলাৰ আয়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে । এই সন্দৰ্ভত ডেনিয়েল লাংথাচাই কয়,"দীৰ্ঘ দিনৰ পৰা ডিমা হাছাও জিলাত অবৈধ কয়লাৰ খনন চলি আছে । ইয়াৰ লগতে বহু লোক জড়িত হৈ আছে আৰু এই খননৰ লগত ৰাজনৈতিক ব্যক্তিও জড়িত হৈ আছে ।"

তেওঁ কয়,"আদালতে ইতিমধ্যে ৰেটহ'ল মাইনিং অবৈধ আৰু ইয়াক বিপদজনক বুলি নিষিদ্ধ কৰিছে । কিন্তু ডিমা হাছাও জিলাত অবৈধ ৰেটহ'ল মাইনিং চলি আছে । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাৰ পত্নীৰ নামৰ লাইচেন্সত পুনুচ নুনিচা নামৰ ব্যক্তিয়ে এই অবৈধ মাইনিং চলাই গৈছে ।"

ডেনিয়েল লাংথাচাই লগতে কয় যে কালি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে ডিমা হাছাও জিলা ষষ্ঠ অনুসূচীৰ অধীনত থকাৰ বাবে ইয়াত ৰাজ্য চৰকাৰৰ ক্ষমতা সীমিত কিন্তু ডেনিয়েলে প্ৰশ্ন উত্থাপন কৰি কয়,"খনি আৰু খনিজ বিভাগটো উত্তৰ কাছাৰ স্বায়ত্ত শাসিত বিভাগৰ হাতত নাই । এই বিভাগটো ৰাজ্য চৰকাৰৰ হাতত আছে । যাৰ বাবে ডিমা হাছাও জিলাত যিদৰে অবৈধ খনন চলি আছে ইয়াৰ উচিত তদন্ত কৰি অনতিপলমে চৰকাৰে ডিমা হাছাও জিলাত অবৈধ খনন বন্ধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।" ডিমা হাছাও জিলাত অবৈধ জুৱা বৃদ্ধি হোৱাৰ অভিযোগ কৰি তেওঁ এই ক্ষেত্ৰত প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায় ।

লগতে পঢ়ক :ভাৰতত এই পৰ্যন্ত সংঘটিত কেইটামান উল্লেখযোগ্য কয়লাখনি দুৰ্ঘটনা - COAL MINES ACCIDENTS IN INDIA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.