গুৱাহাটী: কোনে জানে কাৰ কেতিয়া মন পিছলি পৰিব, কোনে জানে কাৰ মৰমে কাক বলিয়া কৰিব ? বয়সে বলাব নোৱাৰে দুৰন্ত প্ৰেমক । নেদেখাজনে লিখা সম্পৰ্কক কোনেনো তলাব পাৰে !
এদিন দুদিনকৈ উকলি যোৱা জীৱনৰ বিয়লি বেলাতো মিলন হ'ব প্ৰিয়জনৰ সৈতে । সেয়ে এইবাৰ বয়স-সমাজ আদিৰ কথাৰ নাভাবি বিয়লি বেলাত গাত মাহ-হালধি ঘঁহিবলৈ সাজু হ'ল এহাল ককা-আইতা ।
কেইবাবছৰীয়া প্ৰেমৰ অন্তত জীৱনৰ বিয়লি বেলাত যুগ্ম জীৱন আৰম্ভ কৰিবলৈ সাজু হৈছে এহাল ককা-আইতা । তাৰ বাবে গুৱাহাটীৰ ২ নং মঠঘৰীয়াস্থিত মাতৃ নিৱাস নামৰ বৃদ্ধাশ্ৰমত ধুমধামেৰে আয়োজন চলিছে এখন বিশেষ বিবাহৰ । আজি অৰ্থাৎ বৃহস্পতিবাৰে জোৰোণ সম্পন্ন হোৱাৰ পিছত কাইলৈ অৰ্থাৎ শুকুৰবাৰে উক্ত বৃদ্ধাৱাসতে হ'বলগীয়া ৭১ বছৰীয়া ককা আৰু ৬৫ বছৰীয়া আইতাৰ বিয়াখনক লৈ এতিয়া বেছ চৰ্চা লাভ কৰিছে ।
বেলতলা প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাৱাসত বাস কৰা ককা পদ্মেশ্বৰ গোৱালাই বিয়া পাতিব ২ নং মঠঘৰীয়াৰ মাতৃ নিৱাসত বাস কৰা আইতা জয়া প্ৰভা বৰাক । দৰা ককাৰ আচল ঘৰ বোকাখাটত । আনহাতে কইনা আইতাৰ ঘৰ তেজপুৰত । ভালপোৱাই নামানে বয়সৰ বাধা । সেয়ে ৭১ বছৰটো দুৰন্ত তৰুণ ককাই বিচাৰি পালে ৬৫ বছৰীয়া আইতা । বৃদ্ধ বয়সতে মিলি গ’ল দুয়োৰে মন।সেয়ে এক হোৱাৰ সিদ্ধান্ত ককা আইতাৰ ।
প্ৰেম চাগে এনেকুৱাই, হয়তো নেদেখাজনেও তেনেকৈ লিখিছিল তেওঁলোকৰ জীৱনৰ অবুজ প্ৰেম কাহিনী । সম্প্ৰতি ককা আইতাৰ বিয়াখনক লৈ দুয়োখন বৃদ্ধা আবাসতে উদুলি-মুদুলি পৰিৱেশ । তাৰে মাজতে বৃহস্পতিবাৰে সম্পন্ন হয় জোৰোণৰ সমস্ত নীতি-নিয়ম । বহুচৰ্চিত বিয়াখনক লৈ এতিয়া বৃদ্ধা আবাসৰ বাসিন্দা সকলোৰে মনত পাৰভঙা আনন্দ । স্বাভাৱিকতে শুকুৰবাৰে অনুষ্ঠিত হ'বলগীয়া ককা আইতাৰ বিয়াৰ বাতৰিয়ে ৰাইজৰ মাজতো সৃষ্টি কৰিছে যথেষ্ঠ উৎসুকতাৰ । আপোনজনৰ পৰা আঁতৰি থকা দুটা মনে অৱশেষত যেন বিচাৰি পালে এটি নতুন ঠিকনা । সঁচাকৈ কি নিৰ্ভেজাল ককা আইতা ৰ প্ৰেম কাহিনী ।