গুৱাহাটী: গুৱাহাটী উচ্চ ন্যায়ালয়ে পূৰ্বে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা সন্দৰ্ভত ৰায় স্থগিত ৰখা ৫ খন জিলাতো নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অনুমতি দিছে । ন্যায়ালয়ৰ এক খণ্ড বিচাৰপীঠে বৃহস্পতিবাৰে এটা গুৰুত্বপূৰ্ণ ৰায়যোগে ৰাজ্যখনৰ বাকী ৫ খন জিলাতো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়ে । ন্যায়ালয়ে অহা ৬ ফেব্ৰুৱাৰীত গোচৰসমূহৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে ।
উল্লেখ্য যে পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত দীৰ্ঘদিন ধৰি বহু জল্পনা-কল্পনা চলি আহিছিল । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে ব'হাগ বিহুৰ আগত নাইবা পাছত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা যাব বুলি ইতিমধ্যে প্ৰকাশ কৰিছিল । লক্ষণীয় বিষয় যে গুৱাহাটী উচ্চ ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত থকা জটিলতা দূৰ কৰিলে যদিও এই নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব সেই লৈ কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই ৰাজ্য চৰকাৰে । অৱশ্যে নিৰ্বাচন আয়োগে ৰাজ্য চৰকাৰৰ মুখ্য সচিবলৈ পত্ৰৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু বুলি অৱগত কৰিছে ।
গুৱাহাটী উচ্চ ন্যায়ালয়ে ১২ জানুৱাৰীত ৯ খন পঞ্চায়তক বাদ দি নিৰ্বাচন অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰিছিল । পিছে সেই সিদ্ধান্তত স্থগিতাদেশ জাৰি কৰি খণ্ড বিচাৰপীঠে আজি সকলো পঞ্চায়ততে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অনুমতি প্ৰদান কৰিলে । সেয়ে এতিয়া নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়টো ৰাজ্য চৰকাৰৰ ওপৰতেই নিৰ্ভৰ কৰিছে । লক্ষ্যণীয়ভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰ উদগ্ৰীৱ হৈ আছে বুলি কোৱাৰ পাছতো কিন্তু ন্যায়ালয়ৰ ৰায়ৰ পাছত তেওঁৰ স্থিতি সলনি কৰিছে । ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা ।
লগতে পঢ়ক: আইনী জটিলতাত পঞ্চায়ত নিৰ্বাচন: ৯ জানুৱাৰী পর্যন্ত জাৰি কৰিব নোৱাৰিব অধিসূচনা
মাৰ্চত এই দুই পৰীক্ষা অন্ত পৰাৰ পাছতে আহিব ৰঙালী বিহুৰ পৰিবেশ । বিহুৰ মাজত যে কোনো কাৰণতে নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নাযাব সেয়াও মুখ্যমন্ত্ৰীৰ ভাষ্যতে স্পষ্ট হৈছে । ব’হাগ বিহুৰ পাছত আহিব বাৰিষাৰ বতৰ । বাৰিষা নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰো যে প্ৰস্তুত নহয় সেয়াও স্পষ্ট । সেয়ে এনে পৰিস্থিতিত ২০২৫ ৰ আগষ্টলৈকে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ ক্ষেত্ৰত জটিলতা আছে । বাৰিষা বানপানীৰ কথাও আছে । ইফালে আকৌ ৰাজ্যত আৰম্ভ হ’ব ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি । ইতিমধ্যে ২০২৬ ৰ নিৰ্বাচনক লক্ষ্য কৰি ৰাজনৈতিক দলসমূহে কাম-কাজ আৰম্ভ কৰিছে । গতিকে ছেপ্টেম্বৰৰ পৰা সেই সময়খিনিত স্বাভাৱিকতে পঞ্চায়তৰ পৰিৱৰ্তে বিধানসভা নিৰ্বাচনৰহে বতাহ তীব্ৰতৰ হ’ব ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ এমাহ সময় লাগে । সাধাৰণতে চৰকাৰসমূহে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব নিবিচাৰে । বিশেষকৈ বিধানসভা নিৰ্বাচনৰ আগে আগে কোনো চৰকাৰে পঞ্চায়ত নিৰ্বাচন পাতিব নোখোজে । কিন্তু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে চৰকাৰ উদগ্ৰীৱ হৈ আছে বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰিছিল । লক্ষণীয় বিষয় যে গুৱাহাটী উচ্চ ন্যায়ালয়ে পূৰ্বে ৯টা পঞ্চায়তক বাদ দি নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰাৰ পাছত মুখ্যমন্ত্ৰী শৰ্মাই কৈছিল যে বৰ্তমান সময়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিৱেশ নাই । সন্মুখত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আছে ।
লগতে পঢ়ক: পঞ্চায়ত নিৰ্বাচন হ'ব নে নাই : কি ক'লে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই
পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ এমাহ সময় লাগে । তেনেস্থলত ব'হাগ বিহুৰ আগে-পিছে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা যাব । মুখ্যমন্ত্ৰীৰ এই ভাষ্য অনুসৰি যদি ব'হাগ বিহুৰ আগে-পিছে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা যাব তথাপিও এইক্ষেত্ৰত কেতবোৰ কাৰিকৰী সমস্যাৰো সৃষ্টি হোৱাৰ সম্ভাৱনা আছে । কিয়নো এইবাৰ পঞ্চায়ত নিৰ্বাচন পূৰ্বতকৈ বহু পৃথক হ’ব ।
সমষ্টি পুনৰ নিৰ্ধাৰণে ৰাজ্যৰ পঞ্চায়তসমূহৰ গাঁথনিত পৰিবৰ্তন আনিছে । সলনি হৈছে পঞ্চায়তসমূহৰ চাৰিসীমা । ক’ৰবাত যদি পঞ্চায়ত বিলুপ্ত কৰা হৈছে আৰু আন ক’ৰবাত আকৌ নতুনকৈ গঠন কৰা হৈছে । এইবাৰ পঞ্চায়ত নিৰ্বাচন পঞ্চায়ত সংশোধনী আইন অনুসৰি অনুষ্ঠিত হ’ব । জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত পৰ্যায়ত দলীয় প্ৰতীক থাকিব যদিও গাঁও পঞ্চায়ত পৰ্যায়ত নাথাকিব দলীয় প্ৰতীক । প্ৰাৰ্থীসমূহক দলীয় প্ৰতীক প্ৰদান কৰিব ৰাজ্যিক নিৰ্বাচন আয়োগে ।
তাৰোপৰি এইবাৰ সকলো পদৰ বাবে প্ৰত্যক্ষ নিৰ্বাচনো নহ’ব । পূৰ্বে পঞ্চায়ত সভাপতিক জনসাধাৰণে প্ৰত্যক্ষভাৱে ভোট দি নিৰ্বাচিত কৰিছিল । এইবাৰ গাওঁ পঞ্চায়তৰ ১০ নিৰ্বাচিত সদস্যইহে নিৰ্বাচন কৰিব সভাপতিগৰাকীক । আনহাতে পঞ্চায়তৰ নতুন সীমা অনুসৰি নতুনকৈ গঠন কৰা হৈছে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ । সেয়ে পূৰ্বতকৈ ইয়াৰ সংখ্যাগত দিশটোলৈকো পৰিবৰ্তন আহিছে ।
গাঁও পঞ্চায়তৰ দৰেই সলনি হৈছে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সীমা আৰু সংখ্যা । পঞ্চায়তসমূহৰ সীমা নতুনকৈ নিৰ্ধাৰণ কৰাৰ ফলত বিলুপ্তি হৈছে ২৩ খন জিলা পৰিষদৰ । পূৰ্বে ৰাজ্যত জিলা পৰিষদৰ সদস্যৰ সংখ্যা আছিল ৪২০ । এতিয়া এই সংখ্যা ৩৯৭ লৈ হ্ৰাস পাইছে । আঞ্চলিক পঞ্চায়তৰ সংখ্যা পূৰ্বৰ ১৮৫ ৰ পৰা ১৮৪ লৈ হ্ৰাস পাইছে । বিলুপ্ত হৈছে ৪ খন পঞ্চায়ত । পূৰ্বে ৰাজ্যত পঞ্চায়তৰ সংখ্যা আছিল ২১৯৭ খন । এতিয়া এই সংখ্যা হ্ৰাস পাইছে ২১৯৩ লৈ । এনে পৰিস্থিতিত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিষয়টো যথেষ্ট জটিল হৈ পৰিছে ।
লগতে পঢ়ক: প্ৰথমবাৰৰ বাবে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কি ৰণনীতি অজাপৰ