হায়দৰাবাদ: মহিলা প্ৰিমিয়াৰ লীগ (WPL)ৰ দুটা সফল ছিজনৰ পিছত তৃতীয় সংস্কৰণৰ বাবে সাজু হৈছে । WPL 2025 ৰ নিলাম প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে । নিলামৰ পিছতে বি চি চি আইয়েও প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে দুখন চহৰ চৰ্টলিষ্ট কৰিছে । শেহতীয়া প্ৰতিবেদন অনুসৰি এই প্ৰতিযোগিতাখন ৬ বা ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব পাৰে । এই অনুসৰি এইবাৰ বৰোদা আৰু লক্ষ্ণৌত খেল অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । অৱশ্যে বি চি চি আইয়ে এতিয়াও তাৰিখ আৰু স্থান সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই ।
বৰোদাত ফাইনেল অনুষ্ঠিত হ’ব পাৰে:
ক্ৰিকবাজৰ প্ৰতিবেদন অনুসৰি বি চি চি আইয়ে ডব্লিউ পি এলৰ তৃতীয় ছিজনৰ বাবে বৰোদা আৰু লক্ষ্ণৌক চৰ্টলিষ্ট কৰিছে । প্ৰতিযোগিতাখন আয়োজন কৰাৰ বাবে উত্তৰ প্ৰদেশ ক্ৰিকেট সন্থা আৰু বৰোদা ক্ৰিকেট সন্থাৰ সৈতে আলোচনা আৰম্ভ কৰিছে । বি চি চি আইয়ে হয়তো অতি সোনকালে এই দুখন চহৰক খেলৰ ভেন্যু হিচাপে ঘোষণা কৰিব পাৰে । প্ৰতিবেদন অনুসৰি বৰোদাত দ্বিতীয় পৰ্যায়ৰ WPLৰ পৰিকল্পনা কৰা হৈছে ।
🚨 UPDATE ON WPL 2025 🚨
— Tanuj Singh (@ImTanujSingh) January 7, 2025
- Likely to start from Feb 6.
- Baroda & Lucknow as the venues. (Cricbuzz/TOI). pic.twitter.com/zc6lPxKUiN
WPL ৰ চূড়ান্ত খেলখন ৮ মাৰ্চ অথবা ৯ মাৰ্চত অনুষ্ঠিত হ’ব আৰু বৰোদাত এই খেলখন অনুষ্ঠিত হোৱাৰ সম্ভৱনা আছে । শেহতীয়াকৈ বৰোডাৰ কোটাম্বি ষ্টেডিয়ামত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সুবিধা উপলব্ধ কৰা হৈছিল । ইয়াৰ পিছত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মহিলা দলে এই খেলপথাৰত ৩ খন এদিনীয়া খেলত অৱৰ্তীণ হৈছিল । ইয়াৰ উপৰিও এই খেলপথাৰত ছিনিয়ৰ মহিলা টি-২০ প্ৰতিযোগিতাৰ বহু মেচো অনুষ্ঠিত হৈছে । কিছু ৰঞ্জী ট্ৰফীৰ খেলো ইয়াত খেলা হৈছে ।
ভাৰতৰ ঘৰুৱা এদিনীয়া টুৰ্ণামেণ্ট বিজয় হাজাৰে ট্ৰফীৰ কিছু নকআউট মেচো ইয়াত আয়োজন কৰা হৈছে । নতুন সুবিধাসমূহ পৰীক্ষা কৰিবলৈ বিজয় হাজাৰে ট্ৰফীৰ ছেমি ফাইনেল আৰু ফাইনেল মেচসমূহো বৰোদাত অনুষ্ঠিত হ’ব পাৰে । সেয়েহে এতিয়া বি চি চি আইয়ে ইয়াক ডব্লিউ পি এলৰ বাবে স্থান হিচাপে বাছি লৈছে ।
The Kotambi Stadium in Vadodara and the Ekana Stadium in Lucknow are likely to host the Women’s Premier League (WPL) 2025 fixtures in February.#CricketTwitter #WPL2025 pic.twitter.com/c6KSDHnG3r
— Female Cricket (@imfemalecricket) January 7, 2025
দুটা পৰ্যায় অনুষ্ঠিত হ’ব ২৩খন খেল:
WPL 2025 ত ৫ টা দলে চেম্পিয়ন হোৱাৰ উদ্দেশ্যেৰে অৱৰ্তীণ হ’ব । ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু WPL ৰ বৰ্তমানৰ চেম্পিয়ন । বেংগালুৰুৱে নিজৰ খিতাপ পুনৰ লাভ কৰিব বিচাৰিব । আনহাতে আন দলসমূহে এই খিতাপ জয়ৰ লক্ষ্যৰে খেলপথাৰত অৱৰ্তীণ হ’ব । ইয়াৰ বাবে মুঠ ২৩খন খেল অনুষ্ঠিত হ’ব আৰু এই খেলসমূহ দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব । বৰোদা ক্ৰিকেট সন্থাই বি চি চি আইক ইয়াত দ্বিতীয় পৰ্যায়ৰ খেলসমূহ আয়োজন কৰিবলৈ আহ্বান জনাইছে, কিয়নো ষ্টেডিয়ামত বাকী থকা কাম সম্পূৰ্ণ কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন ।
উল্লেখ্য যে, WPL ৰ প্ৰথম ছিজন মুম্বাইত অনুষ্ঠিত হৈছিল আৰু মুম্বাই ইণ্ডিয়ানছে খিতাপ অৰ্জন কৰিছিল । আনহাতে দ্বিতীয় ছিজনত বেংগালুৰু আৰু দিল্লীত খেল অনুষ্ঠিত হৈছিল আৰু স্মৃতি মান্ধনাৰ নেতৃত্বত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰিছিল ।
লগতে পঢ়ক: ক্ৰিকেট ইতিহাসৰ সকলো ফৰ্মেটত শতক অৰ্জন কৰা অধিনায়কসকল কোন কোন ?