ETV Bharat / health

HMPV ৰ লক্ষণ আৰু প্ৰতিৰোধ ব্যৱস্থা কি ? জানি লওক কেইটামান কথা - HMPV IN INDIA

হিউমেন মেটাপ্নিউমোভাইৰাছৰ (এইচ এম পি ভি) ফলত সাধাৰণতে মৃদু চৰ্দিসদৃশ লক্ষণে দেখা দিয়ে । এই সন্দৰ্ভত কিছু পৰামৰ্শ জাৰি কৰা হৈছে ।

HMPV in India
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jan 9, 2025, 9:38 AM IST

নতুন দিল্লী/গাজিয়াবাদ : কৰোনা ভাইৰাছ মহামাৰীৰ ঠিক পাঁচ বছৰ পিছত চীনে পুনৰ এবাৰ ভাইৰাছৰ সৈতে যুঁজি আছে । ভাৰততো হিউমেন মেটাপ্নিউমোভাইৰাছৰ (এইচ এম পি ভি) পাঁচটা পজিটিভ ঘটনাৰ তথ্য পোৱা গৈছে । যাৰ ফলত কোভিড-19 সদৃশ প্ৰাদুৰ্ভাৱৰ আশংকা বৃদ্ধি হৈছে ।

হিউমেন মেটাপ্নিউমোভাইৰাছ হৈছে এক সাধাৰণ শ্বাসতন্ত্ৰৰ ভাইৰাছ, যি সাধাৰণতে মৃদু চৰ্দিসদৃশ লক্ষণৰ সৃষ্টি কৰে । অধ্যয়নে দেখুৱাইছে যে ই ১৯৭০ ৰ দশকৰ পৰা মানুহৰ ক্ষেত্ৰত বিয়পি আছে । অৱশ্যে বিজ্ঞানীসকলে প্ৰথমবাৰৰ বাবে ২০০১ চনত ইয়াক চিনাক্ত কৰিছিল ।

গাজিয়াবাদ জিলা নিৰীক্ষণ বিষয়া ডাঃ ৰাকেশ কুমাৰ গুপ্তাই এইচ এম পি ভি ভাইৰাছ সন্দৰ্ভত এক পৰামৰ্শ জাৰি কৰিছে । এই পৰামৰ্শত ভাইৰাছবিধৰ পৰা প্ৰতিৰোধ আৰু সাৱধানতাৰ প্ৰতি কেনেদৰে মনোযোগ দিব লাগে সেয়া উল্লেখ কৰা হৈছে । 12 টা পইণ্টৰ পৰামৰ্শটোত এইচ এম পি ভি ভাইৰাছ সম্পৰ্কীয় তথ্য আৰু ইয়াক প্ৰতিৰোধ কৰাৰ উপায় দিয়া হৈছে ।

"এইচ এম পি ভি হৈছে এক সাধাৰণ শ্বাস-প্ৰশ্বাসৰ ভাইৰাছ । বিগত কেইবাদিনো ধৰি চীনৰ কিছুমান অঞ্চলত শ্বাস-প্ৰশ্বাসৰ লক্ষণ থকা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে । শীতকালত হিউমেন মেটাপ্নিউমোভাইৰাছ (এইচ এম পি ভি) চৰ্দি-কাহৰ লক্ষণৰ সৈতে জ্বৰসদৃশ ৰোগ প্ৰকট হয় । শীতকালত বিভিন্ন শ্বাস-প্ৰশ্বাসজনিত ৰোগ যেনে ঋতুগত ইনফ্লুৱেঞ্জা, ইনফ্লুৱেঞ্জা সদৃশ ৰোগ (আই এল আই) আৰু গুৰুতৰ তীব্ৰ শ্বাসতন্ত্ৰৰ ৰোগৰ (এছ এ আৰ আই) সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি হয় । যদি এজন ব্যক্তিৰ এই লক্ষণবোৰ থাকে, তেওঁ নিকটতম প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকৰ পৰা বিনামূলীয়া পৰামৰ্শ লাভ কৰিব পাৰে । জিলা নিৰীক্ষণ বিষয়া ডাঃ আৰ কে গুপ্তাই কয় ।

ভাইৰাছবিধ প্ৰতিৰোধ কৰিবলৈ কি কৰিব লাগে

  • হাঁচি বা কাহ মৰাৰ সময়ত নাক আৰু মুখ ঢাকিবলৈ ৰুমাল বা টিছু ব্যৱহাৰ কৰিব ।
  • অতি ভিৰ হোৱা ঠাইলৈ যোৱাটো পৰিহাৰ কৰিব ।
  • চাবোন পানীৰে হাত পৰিষ্কাৰ কৰি ৰাখিব ।
  • যথেষ্ট পৰিমাণে পানী আৰু পানীয় খাব আৰু পুষ্টিকৰ খাদ্য খাব ।
  • যদি আপোনাৰ চৰ্দি, কাহ, জ্বৰ আদিৰ লক্ষণ আছে তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক আৰু কেৱল চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে ঔষধ গ্ৰহণ কৰক ।
  • যদি আপোনাৰ লক্ষণ আছে তেন্তে স্বাস্থ্যৱান লোকৰ পৰা দূৰত্ব বজাই ৰাখিব ।

কি নকৰিব

  • কৰমৰ্দন নকৰিব ।
  • একেখন টিছু পেপাৰ আৰু ৰুমালকে বাৰে বাৰে ব্যৱহাৰ নকৰিব ।
  • লক্ষণযুক্ত লোকৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক পৰিহাৰ কৰিব ।
  • চিকিৎসকৰ পৰামৰ্শ অবিহনে ঔষধ ব্যৱহাৰ নকৰিব ।
  • বাৰে বাৰে চকু, নাক আৰু মুখ স্পৰ্শ নকৰিব ।
  • ৰাজহুৱা স্থানত থু-খেকাৰ পেলোৱাটো পৰিহাৰ কৰিব ।
লগতে পঢ়ক :প্ৰথমে শৰীৰৰ কোনটো অংশত আক্ৰমণ কৰে HMPV ভাইৰাছে ? - HMPV
লগতে পঢ়ক :HMPV সংক্ৰমণ: ভাৰতত চিন্তাৰ কোনো কাৰণ নাই, আশ্বস্ত কৰিলে স্বাস্থ্য বিভাগে - HMPV IN INDIA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.