ETV Bharat / state

ৰাজীৱ শদিয়াৰ ভূমি ষড়যন্ত্ৰৰে দখল কৰাৰ চেষ্টা কাৰ ? আলফা স্বাধীনৰ পত্ৰ কালৈ ? - ULFA WARNING

জনতাৰ শিল্পী ৰাজীৱ শদিয়াৰ ভূমি ষড়যন্ত্ৰৰে দখল কৰাৰ অভিযোগ বনিয়া আনন্দ ৰাচিবাচিয়া আৰু PNBৰ পৰিচালক অমিত ঝাৰ বিৰুদ্ধে । আলফা স্বাধীনৰ প্ৰতিক্ৰিয়া প্ৰকাশ ।

ULFA warns bank and individual for trying to encroch property of deceased Singer Rajib Sadiya
ৰাজীৱ শদিয়াৰ ভূমি ষড়যন্ত্ৰৰে দখল কৰাৰ অভিযোগ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 24, 2025, 8:12 PM IST

তিনিচুকীয়া: মৃত্যুৰ পিছতো হয়তো শান্তিত থাকিব পৰা নাই জনতাৰ শিল্পী ৰাজীৱ শদিয়াই । কাৰণ যি টুকুৰা মাটিত ৰাজীৱে নিজৰ সপোনৰ ঘৰখন বান্ধিবলৈ মন মেলিছিল সেই মাটিটুকুৰাতে শেনচকু পৰিছে একাংশ বহিৰাগতৰ। ৰাজীৱৰ পৰিয়ালটোৱে বসবাস কৰা মাটি টুকুৰাৰ নামতে ৫০ লক্ষাধিক টকাৰ ঋণ লৈ এটা চক্ৰই জালিয়াতি কৰাৰ কথা পোহৰলৈ আহিছে । যাক লৈ এতিয়া চকু কপালত উঠিছেে সকলোৰে । আনকি এনে কাণ্ডত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা স্বাধীনেও ।

জানিবপৰা মতে ৰাজীৱ শদিয়াৰ পৰিয়ালটোৱে বসবাস কৰা তিনিচুকীয়াৰ গেলাপুখুৰীস্থিত মাটিডোখৰৰ স্বত্বাধিকাৰী মনোজ চুতীয়াই উক্ত মাটিখিনি ৰাজীৱৰ পৰিয়ালটোক দান দিবলৈ মনস্থ কৰিছিল। কিন্তু ভূমিৰ দান কাৰ্য সম্পাদন নৌহওতেই এইকথা পোহৰলৈ আহিছে যে মাটিৰ গৰাকী মনোজ চুতীয়াৰ অজ্ঞাতেই দুগৰাকী ব্যক্তিয়ে মাটিটুকুৰাৰ নামত মনোজ চুতীয়াৰ নথি-পত্ৰ জালিয়াতিৰে পঞ্জাব নেচনেল বেংকৰ পৰা ৫০ লাখ টকাৰ ঋণ লৈ পলায়ন কৰিছে । ফলত এতিয়া বেংক কৰ্তৃপক্ষই উক্ত মাটিখিনি দখল কৰিবলৈ আগবাঢ়িছে । এই কথাক লৈ এতিয়া সৰৱ হৈছে প্ৰয়াত শদিয়াৰ গুণমুগ্ধসকল ।

ULFA warns bank and individual for trying to encroch property of deceased Singer Rajib Sadiya
ৰাজীৱ শদিয়াৰ ভূমি ষড়যন্ত্ৰৰে দখল কৰাৰ অভিযোগ (ETV Bharat Assam)

জনতাৰ শিল্পী ৰাজীৱ শদিয়াৰ তিনিচুকীয়াৰ গেলাপুখুৰীস্থিত ভূমি ষড়যন্ত্ৰৰে বনিয়া আনন্দ ৰাচিবাচিয়া আৰু পঞ্জাৱ নেচনেল বেংকৰ পৰিচালক অমিত ঝাই জালিয়াতি কৰাক লৈ আলফা স্বাধীনেও প্ৰেৰণ কৰিছে এক পত্ৰ । সংযুক্ত মুক্তি বাহিনী, অসম স্বাধীনৰ প্ৰচাৰ বিভাগৰ সহকাৰী সম্পাদক দ্বিতীয় লেফটেনেণ্ট ঈশান অসমৰ স্বাক্ষৰিত পত্ৰৰ জৰিয়তে সংশ্লিষ্ট পক্ষক এনে ষড়যন্ত্ৰৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে সংগঠনটোৱে ।

আলফা স্বাধীনৰ পত্ৰ (ETV Bharat Assam)

পত্ৰত উল্লেখ কৰা অনুসৰি,“একবিংশ শতিকাৰত অসমৰ থলগিৰি জনগণৰ জাতি-মাটি-ভেটিৰ হকে সংগীত ৰচনা আৰু পৰিৱেশন কৰি অসমৰ যুৱপ্ৰজন্মৰ মাজত জাতীয়তাবাদৰ বীজ ৰোপন কৰিবলৈ চেষ্টা অব্যাহত ৰখি গণশিল্পীলৈ পৰ্যৱসিত হোৱা সদ্য প্রয়াত সংগীত শিল্পী ৰাজীৱ গগৈ ওৰফে ৰাজীৱ শদিয়াদেৱে বসবাস কৰা তিনিচুকীয়াৰ গেলাপুখুৰীস্থিত মাটিডোখৰৰ স্বত্বাধিকাৰী মনোজ চুতীয়াদেৱে শিল্পীগৰাকীৰ স্মৃতি সুৰক্ষাৰ বাবে উক্ত মাটিখিনি ৰাজীৱ শদিয়াৰ পৰিয়ালক দান কৰাৰ পোষকতা কৰিছে ।"

লগতে উল্লেখ কৰে,"আনহাতে মনোজ চুতীয়াদেৱৰ অজ্ঞাতে তেখেতক অভিভাৱক সজাই তদানীন্তন পঞ্জাব নেচনেল বেংক তিনিচুকীয়া শাখাৰ প্ৰৱন্ধক অমিত ঝা আৰু তেখেতৰ সহযোগী আনন্দ ৰাচিৱাচিয়াই মনোজ চুতীয়াৰদেৱৰ নথি-পত্ৰ জালিয়াতিৰে পঞ্জাব নেচনেল বেংকৰ পৰা ৫০ লাখ টকাৰ ঋণ লৈ সম্প্রতি অসম এৰিছে । এনে পৰিপ্ৰক্ষিতত পঞ্জাৱ নেচনেল বেংক কর্তৃপক্ষই উক্ত মাটিখিনি দখল কৰাৰ যি ষড়যন্ত্ৰত লিপ্ত হৈছে তেনে ষড়যন্ত্ৰৰ পৰা বিৰত থাকিবলৈ "সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)" সংগঠনৰ তৰফৰ পৰা নিৰ্দেশনা প্রদান কৰা হৈছে ।"

আলফা স্বাধীনে সকিয়নী প্ৰদান কৰি পত্ৰখনত কয়,"এই নির্দেশনা অমান্য কৰি কোনো ব্যক্তি বিশেষ অথবা প্রতিষ্ঠানে উক্ত মাটিখিনি হস্তগত কৰিব বিচাৰিলে "সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)" সংগঠনে কঠোৰতকৈ কঠোৰতম ব্যৱস্থা ল'বলৈ বাধ্য থাকিব ।”

উল্লেখযোগ্য যে, ১২ জানুৱাৰীৰ নিশা তিনিচুকীয়া জিলাৰ ৰসবাৰী পৰ্যটন মেলাৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰি থকা অৱস্থাত মঞ্চৰ পৰা হঠাৎ অসুস্থ হৈ বাগৰি পৰিছিল জনতাৰ শিল্পী ৰাজীৱ শদিয়া ৷ মঞ্চত দুটা গীত পৰিৱেশন কৰাৰ পাছতে হঠাৎ মঞ্চৰ পৰা তললৈ বাগৰি পৰে শিল্পীগৰাকী। ততাতৈয়াকৈ উদ্যোক্তা তথা সতীৰ্থসকলে ৰাজীৱ শদিয়াক ৰূপাইৰ এখন ব্যক্তিগত নাৰ্ছিংহোমলৈ লৈ গৈছিল যদিও পিছত ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয় শিল্পীগৰাকীক ।

কিন্তু দুৰ্ভাগ্য যে ১৩ জানুৱাৰীৰ দিনৰ ভাগত শিল্পীগৰাকীয়ে প্ৰাণত্যাগ কৰে । শিল্পীগৰাকীয়ে প্ৰাণত্যাগ কৰাৰ পাছত তেখেতৰ শেষ যাত্ৰাত হাজাৰ হাজাৰ লোকে অংশ লয় আৰু 'ৰাজীৱ শদিয়া অমৰ হওক' শ্ল’গানেৰে মুখৰিত কৰি তোলে শদিয়াৰ আকাশ বতাহ । চিকিৎসকৰ মতে, ৰাজীৱ শদিয়াৰ ৰক্তচাপ অতি নিম্ন হৈ পৰাত তেওঁৰ মৃত্যু হয় ।

লগতে পঢ়ক: ঘৰতে এভাগি ভাওনাৰে শ্ৰদ্ধাঞ্জলি জনতাৰ শিল্পী ৰাজীৱ শদিয়াক - SINGER RAJIB SADIYA DEATH

ৰাজীৱ শদিয়াৰ মৃত্যুৱে প্ৰমাণ কৰিলে ৰাইজৰ মাজত থকা গণশিল্পীৰ ভেঁটি - SINGER NAYAN AXOM ON RAJIB SADIYA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.