ETV Bharat / bharat

তিৰুপতিত পদপিষ্টৰ ঘটনাত নিহত ৬; প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ - TIRUPATI STAMPEDE

বুধবাৰে সন্ধিয়া অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিৰ বিষ্ণু নিৱাসমৰ ওচৰত সংঘটিত পদপিষ্টৰ ঘটনাত প্ৰায় ছয়জন লোকে প্ৰাণ হেৰুৱায় আৰু আন কেইবাজনো লোক আহত হয় ।

Tirupati stampede
তিৰুপতিত পদপিষ্টৰ ঘটনাত নিহত ৬ (ANI)
author img

By ANI

Published : 13 hours ago

নতুন দিল্লী : বুধবাৰে অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিৰ বিষ্ণু নিৱাসমৰ ওচৰত সংঘটিত এক শোকাৱহ পদপিষ্টৰ ঘটনাত প্ৰাণ হেৰুওৱা ব্যক্তিসকলৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰাজ্য চৰকাৰে ঘটনাটোৰ ভুক্তভোগীসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াই আছে । X ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে লিখিছে,

PM Modi expresses grief over loss of lives in Tirupati stampede
প্ৰধানমন্ত্ৰী মোদী (ANI)

"অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিত হোৱা পদপিষ্টৰ ঘটনাত দুখ পাইছো । যিসকলে তেওঁলোকৰ আত্মীয় লোকসকলক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা । মই প্ৰাৰ্থনা কৰো যে আঘাতপ্ৰাপ্তসকল সোনকালে আৰোগ্য হওক । অন্ধ্ৰপ্ৰদেশ চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াইছে ।"

আনহাতে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও এই ঘটনাত শোক প্ৰকাশ কৰিছে । লগতে তিৰুপতিৰ পদপিষ্টৰ ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে । অমিত শ্বাহে আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবেও প্ৰাৰ্থনা কৰে ।

‘‘তিৰুপতি মন্দিৰত সংঘটিত দুৰ্ভাগ্যজনক ঘটনাত দুখ পাইছো । মৃতকৰ পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা । আঘাতপ্ৰাপ্তসকল অতি সোনকালে আৰোগ্য হওক । তিৰুপতি বিষ্ণু নিৱাসমৰ টিকট কাউণ্টাৰত সংঘটিত পদপিষ্টৰ ঘটনাত মই গভীৰভাৱে হতবাক হৈছো । এই দুৰ্ভাগ্যজনক ঘটনাটোত প্ৰাণ হেৰুওৱা ভক্তসকলৰ আত্মাৰ বাবে মই প্ৰাৰ্থনা জনাইছো । মই আঘাতপ্ৰাপ্তসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ ।"

অমিত শ্বাহে X পোষ্টত কয় ।

উল্লেখ্য যে তিৰুমালা তিৰুপতি দেৱস্থানমৰ (টি টি ডি) বিষয়াসকলে জনোৱা অনুসৰি, বুধবাৰে সন্ধিয়া অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিৰ বিষ্ণু নিৱাসমৰ ওচৰত সংঘটিত পদপিষ্টৰ ঘটনাত প্ৰায় ছয়জন লোকে প্ৰাণ হেৰুৱায় আৰু আন কেইবাজনো লোক আহত হয় । ঘটনাটো তিৰুমালা শ্ৰীবাৰী বৈকুণ্ঠ দ্বাৰ টিকট কাউণ্টাৰৰ ওচৰৰ বিষ্ণু নিৱাসমৰ ওচৰত সংঘটিত হৈছিল । মন্দিৰ দৰ্শনৰ টোকেন বিতৰণৰ সময়ত এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয় ।

টি টি ডিৰ অধ্যক্ষ বি আৰ নাইডুৰ কাৰ্যালয়ৰ বিবৃতি অনুসৰি, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে ঘটনাটো গভীৰভাৱে নিৰীক্ষণ কৰি আছে আৰু বৃহস্পতিবাৰে পুৱা পদপিষ্টত নিহতসকলৰ পৰিয়ালক সাক্ষাৎ কৰিব ।

বিবৃতিটোত কোৱা হৈছে, "এইটো এটা দুৰ্ভাগ্যজনক ঘটনা, 6 জন তীৰ্থযাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে । এতিয়ালৈকে কেৱল এজন তীৰ্থযাত্ৰীক চিনাক্ত কৰা হৈছে । আনহাতে, আনসকলক এতিয়াও চিনাক্তকৰণ কৰা হোৱা নাই । মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু ঘটনাটোক লৈ অতি উদ্বিগ্ন । লগতে এক টেলি-কনফাৰেন্সৰ সময়ত বিষয়াসকলৰ পৰিচালনা পদ্ধতিৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰিছে । মুখ্যমন্ত্ৰীয়ে কাইলৈ পুৱা ১১.৪৫ বজাত মৃতকৰ পৰিয়ালক সাক্ষাৎ কৰিব । মুখ্যমন্ত্ৰীয়ে সতৰ্ক কৰি দিছে যে এনে ঘটনাৰ যেন পুনৰাবৃত্তি নহয় । লগতে বিষয়টোৰ শেহতীয়া স্থিতিৰ ওপৰত তেওঁ অবিৰত নিৰীক্ষণ কৰি আছে ।"

ইফালে এই দুৰ্ঘটনাত শোক প্ৰাকশ কৰিছে ৰাহুল গান্ধীয়ে ৷ কংগ্ৰেছৰ নেতা-কৰ্মীসকলক এই জটিল সময়ত সকলো ধৰণৰ সাহায্য আগবঢ়াবলৈ তেওঁ আহ্বান জনায় । X ৰ এটা পোষ্টত ৰাহুল গান্ধীয়ে লিখিছে, ‘‘তিৰুপতীত হোৱা কৰুণ ঘটনা সঁচায়ে দুখজনক । শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰি আহত সকলোকে আৰোগ্য কামনা কৰিছো ৷ এই কঠিন সময়ত সম্ভৱপৰ সহায় আগবঢ়াবলৈ কংগ্ৰেছ নেতাসকলৰ লগতে সকলোকে আহ্বান জনাইছো ।"

লগতে পঢ়ক :সুকলমে উভতি আহিবনে ! উদ্ধাৰ অভিযানক লৈ চিন্তিত শ্ৰমিক পৰিয়াল - ASSAM COAL MINE TRAGEDY
লগতে পঢ়ক :ভাৰতত এই পৰ্যন্ত সংঘটিত কেইটামান উল্লেখযোগ্য কয়লাখনি দুৰ্ঘটনা - COAL MINES ACCIDENTS IN INDIA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.