ETV Bharat / state

প্ৰতিটো নিৰ্বাচনৰ বাবে আগতীয়াকৈ পৰিকল্পনা কৰে বিজেপিয়ে: ৰণোজ পেগু - BJP MEETING

পঞ্চায়ত নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰিবলৈ উজনিৰ তিনিটা লোকসভা সমষ্টিক লৈ ডিব্ৰুগড়ত বিজেপিৰ ৰুদ্ধদ্বাৰ বৈঠক । উপস্থিত ৰাজ্যিক সভাপতিৰ লগতে মন্ত্ৰী-বিধায়ক ।

BJP holds meeting over 3 LS constituencies in upper Assam in view of panchayat polls
ডিব্ৰুগড়ত বিজেপিৰ ৰুদ্ধদ্বাৰ বৈঠক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 9 hours ago

ডিব্ৰুগড়: পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে । ইয়াৰ লগে লগে শাসকীয় দল বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰস্তুতি তুংগত তুলিছে । পঞ্চায়ত নিৰ্বাচনত শাসকীয় দলটোৱে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ যাতে সক্ষম হয় তাৰ বাবে ইতিমধ্যে জিলাই জিলাই আৰু সমষ্টি পৰ্যায়ত দলটোৰ নেতৃত্ব সালসলনি কৰি সাংগঠনিক কামকাজত আগবাঢ়িছে ।

সমষ্টি পৰ্যায়ত মণ্ডল সভাপতি সলনি কৰাৰ লগতে জিলাসমূহত নতুন সভাপতি নিযুক্তি দি পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক দল বিজেপি । বৃহস্পতিবাৰে পঞ্চায়তৰ ৰণনীতি প্ৰস্তুত কৰিবলৈ উজনিৰ তিনিটা লোকসভা সমষ্টিক লৈ ডিব্ৰুগড়ত বিজেপিৰ ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয় । ডিব্ৰুগড় জিলা পুথিভঁৰালত ডিব্ৰুগড় লোকসভা, যোৰহাট লোকসভা আৰু লখিমপুৰ লোকসভাক সামৰি অনুষ্ঠিত হয় পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সভা ।

ডিব্ৰুগড়ত বিজেপিৰ ৰুদ্ধদ্বাৰ বৈঠক (ETV Bharat Assam)

পঞ্চায়ত নিৰ্বাচনক লৈ অনুষ্ঠিত দ্বিতীয়খন পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সভাত কেৱল উজনিৰ তিনিটা সমষ্টিক লৈহে আলোচনা কৰিছে বিজেপিৰ ৰাজ্যিক নেতৃত্বই । পৰ্যায়ক্ৰমে আন সমষ্টিক লৈ পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সভা অনুষ্ঠিত কৰিব । ডিব্ৰুগড়, যোৰহাট আৰু লখিমপুৰ লোকসভাক সামৰি অনুষ্ঠিত আজিৰ সভাত উপস্থিত থাকে দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্ৰী ৰণোজ পেগু, প্ৰশান্ত ফুকনৰ উপৰি প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈৰ লগতে ৰাজ্যিক সম্পাদক, তিনিটা লোকসভা সমষ্টিৰ বহু কেইজন বিধায়ক, জিলা সমিতিৰ সভাপতি আৰু বিজেপিৰ বিভিন্ন পৰ্যায়ৰ নেতাসকল ।

এই পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সভাত ডিব্ৰুগড় লোকসভা, যোৰহাট লোকসভা আৰু লখিমপুৰ লোকসভাক সামৰি পঞ্চায়ত নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰি দলীয় কৰ্মীসকলক নিজা নিজা দায়িত্বৰ বিষয়ে অৱগত কৰে ৰাজ্যিক নেতৃত্বই ।

নতুন নিয়ম অনুসৰি হ'বলগা পঞ্চায়ত নিৰ্বাচনক লৈ আলোচনা:

এই সভাত অংশগ্ৰহণ কৰি ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয়, "ডিব্ৰুগড়, যোৰহাট আৰু লখিমপুৰ লোকসভাক সামৰি আজি দ্বিতীয়খন পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সভা অনুষ্ঠিত হৈছে । এই তিনিটা লোকসভা সমষ্টিৰ সকলো জিলা সভাপতি, ৰাজ্যিক সমিতিৰ বিষয়ববীয়া, মন্ত্ৰী-বিধায়কসকলক লৈ আলোচনাত মিলিত হৈ কেনেকৈ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিম সেই বিষয়ে আলোচনা কৰা হ'ব । নতুন নিয়ম অনুসৰি হ'বলগা পঞ্চায়ত নিৰ্বাচনক লৈ দলীয় কৰ্মী সকলৰ সৈতে আলোচনা কৰা হ'ব ।"

লগতে মিত্ৰতা সম্পৰ্কত সভাপতিগৰাকীয়ে কয়, "অসম গণ পৰিষদ আৰু ইউ পি পি এলৰ লগত পঞ্চায়ত নিৰ্বাচনত সমষ্টিৰ ভিত্তিত মিত্ৰতা হ'ব ।"

বিজেপিয়ে প্ৰতিটো নিৰ্বাচনৰ বাবে আগতীয়াকৈ পৰিকল্পনা কৰে:

যোৰহাট লোকসভা আৰু লখিমপুৰ লোকসভাক সামৰি অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সভাত অংশগ্ৰহণ কৰি ধেমাজিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয়,"ভাৰতীয় জনতা পাৰ্টী এটা শৃংখলাবদ্ধ আৰু প্ৰণালীবদ্ধ হিচাপে কাম কৰা এটা দল । প্ৰতিটো নিৰ্বাচনৰ বাবে আগতীয়াকৈ পৰিকল্পনা কৰা হয় । সেয়ে আজি এই সভাত ৰাজ্যিক সভাপতিৰ পৰা মন্ত্ৰী, সাংসদ, জিলা সভাপতি সকলোৱে অংশগ্ৰহণ কৰিছে । পঞ্চায়ত নিৰ্বাচনৰ মিত্ৰতাক লৈ জিলা আৰু সমষ্টি পৰ্যায়ত সিদ্ধান্ত ল'ব দলৰ কৰ্মী সকলে ।"

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠ বেপাৰীয়ে বৈদেশিক নীতি চলাই আছে : গৌৰৱ গগৈ - MP GAURAV GOGOI ON FOREIGN POLICY

হুকহুকাই কান্দি উঠিল শিক্ষাগুৰুৱে... কাৰ ভুলৰ শাস্তি এয়া - TEACHERS PROTEST

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.