ETV Bharat / business

খাদ্য সুৰক্ষা আৰু পৰিষ্কাৰ-পৰিছন্নতাৰ ক্ষেত্ৰত ৰামোজী ফিল্ম চিটী, ডলফিন হোটেললৈ বিশেষ স্বীকৃতি - RAMOJI FILM CITY

ৰামোজী গ্ৰুপলৈ খাদ্য সুৰক্ষা আৰু পৰিষ্কাৰ-পৰিছন্নতা বজায় ৰখাৰ ক্ষেত্ৰত বিশেষ স্বীকৃতি আগবঢ়াইছে ৰাজ্যিক খাদ্য সুৰক্ষা আয়োগে ৷

RAMOJI FILM CITY
খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত মাপকাঠী নিৰ্ধাৰণ ৰামোজী ফিল্ম চিটীৰ ডলফিন হোটেলৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 13, 2025, 1:08 PM IST

হায়দৰাবাদ: দেশজুৰি ৰেষ্টুৰেণ্টসমূহৰ বাবে এক মাপকাঠী নিৰ্ধাৰণ কৰি খাদ্য সুৰক্ষা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ আদৰ্শ মানদণ্ডৰ বাবে স্বীকৃতি লাভ কৰিছে ৰামোজী ফিল্ম চিটী আৰু ডলফিন হোটেলে । ৰাজ্যিক খাদ্য সুৰক্ষা আয়ুক্ত আৰ ভি কৰ্ণনে ৰাষ্ট্ৰীয় স্বাস্থ্য নীতিৰ মানদণ্ড অনুসৰি উচ্চমানৰ, পুষ্টিকৰ আৰু সুৰক্ষিত খাদ্য সেৱা বজাই ৰখাৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰচেষ্টাক প্ৰশংসা কৰে ।

বুধবাৰে ৰামোজী ফিল্ম চিটীত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত আৰ ভি কৰ্ণন আৰু ৰাজ্যিক খাদ্য সুৰক্ষা সঞ্চালক ডাঃ শিৱলীলাই ডলফিন হোটেলৰ উপ অধ্যক্ষ বিপিন সিংহল আৰু উপদেষ্টা পি কে থিমমাইয়া ‘‘ইট ৰাইট কেম্পাছ’’(Eat Right Campus)ৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে । ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষই ৰামোজী ফিল্ম চিটিক ইট ৰাইট কেম্পাছ হিচাপে প্ৰমাণিত কৰি শীৰ্ষ স্তৰৰ খাদ্য সুৰক্ষা পদ্ধতিৰ প্ৰতি নিজৰ দায়বদ্ধতাক পুনৰ প্ৰতিষ্ঠা কৰে ।

  • কেইবাটাও শাখাত লাভ কৰে ফাইভ ষ্টাৰ হাইজিন ৰেটিং

অনুষ্ঠানৰ সময়ত ৰামোজী ফিল্ম চিটি আৰু ডলফিন হোটেলৰ অধীনস্থ ১৯টা শাখাক ফাইভ ষ্টাৰ হাইজিন ৰেটিং প্ৰমাণপত্ৰ প্ৰদান কৰা হয় । খাদ্য সুৰক্ষাৰ উচ্চ মানদণ্ড বজাই ৰখাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানক স্বীকৃতি দি কেইবাজনো ব্যক্তিক আভ্যন্তৰীণ নিৰীক্ষক হিচাপেও স্বীকৃতি প্ৰদান কাৰ হয় ৷

  • এক উল্লেখযোগ্য কৃতিত্ব

অনুষ্ঠানত ভাষণ দি আৰ ভি কৰ্ণনে ২০২২ চনৰ পৰা ইট ৰাইট কেম্পাছৰ প্ৰমাণপত্ৰ বজাই ৰখাৰ বাবে ৰামোজী ফিল্ম চিটীক প্ৰশংসা কৰে । খাদ্য সুৰক্ষাৰ উৎকৃষ্টতা বজাই ৰখাৰ ক্ষেত্ৰত ডলফিন হোটেলৰ পৰিচালন সঞ্চালক বিজয়েশ্বৰীৰ নেতৃত্ব আৰু সমগ্ৰ দলটোৰ নিষ্ঠাৰ তেওঁৰ শলাগ লয় ।

ডাঃ শিৱলীলাই ৰামোজী ফিল্ম চিটীয়ে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সুৰক্ষা নিয়মৰ অধীনত ৪১টা শাখাৰ অনুজ্ঞাপত্ৰ লাভ কৰাৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰে । তেওঁ কয় যে ই তেলেংগানাৰ প্ৰথমটো ইট ৰাইট কেম্পাছ হৈয়ে আছে আৰু এইবাৰ পুনৰ প্ৰমাণপত্ৰ লাভ কৰিছে ।

  • কোন কোন উপস্থিত আছিল অনুষ্ঠানত

এই অনুষ্ঠানত মুখ্য বিষয়াসকলে অংশগ্ৰহণ কৰে, য’ত আছিল :

  • প্ৰাক্তন উপ খাদ্য নিয়ন্ত্ৰক টি বিজয়কুমাৰ
  • সহকাৰী খাদ্য নিয়ন্ত্ৰক খলিল
  • এছ বি আৰ প্ৰসাদ, ভেংকট পাৰ্বতীসম আৰু জি শ্ৰীনিবাস ৰাও
  • বিভিন্ন বিভাগৰ প্ৰতিনিধি আৰু কৰ্মচাৰী

এই সাফল্যৰ জৰিয়তে ৰামোজী ফিল্ম চিটী আৰু ডলফিন হোটেলে ইয়াৰ পৰ্যটকসকলৰ বাবে নিৰাপদ, স্বচ্ছ আৰু উচ্চমানৰ খাদ্য সেৱা নিশ্চিত কৰাৰ ক্ষেত্ৰত এক আদৰ্শ দাঙি ধৰিছে ।

লগতে পঢ়ক: ৰামোজী ফিল্ম চিটীত এড শ্বীৰানৰ কনচাৰ্ট, অৰমান মালিকৰ কণ্ঠত ‘বুট্টা বোম্মা’

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.