ETV Bharat / state

বিশ্ব ঐতিহ্য ক্ষেত্ৰত আৰম্ভ হ'ল চৰাইদেউ মহোৎসৱ - CHARAIDEO FESTIVAL

নিউয়ৰ্ক টাইমছৰ সমীক্ষাত বিশ্বৰ ৫২টা পৰ্যটনস্থলীৰ তালিকাত চতুৰ্থ স্থানত চৰাইদেউ মৈদাম ৷

CHARAIDEO FESTIVAL
চৰাইদেউ মৈদাম ক্ষেত্ৰত আজিৰে পৰা চৰাইদেউ মহোৎসৱ (Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 9 hours ago

ডিব্ৰুগড়: বিশ্বৰ বুকুত জিলিকি উঠা চৰাইদেউ মৈদামস্থলীৰ কাষতে বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে চৰাইদেউ মহোৎসৱ । আজি পুৱা স্বৰ্গদেউসকললৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ আৰু পতাকা উত্তোলেনেৰে মহোৎসৱৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় ।

চৰাইদেউ মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে চৰাইদেউ জিলাৰ আয়ুক্ত ডাঃ নেহা যাদৱ, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে চৰাইদেউ মৈদাম ক্ষেত্ৰৰ লগত জড়িত বিষয়ববীয়াসকলে । অনুষ্ঠানত উপস্থিত সকলোৱে ধৰ্মীয় পৰম্পৰাগত নীতিৰে অনুষ্ঠিত হোৱা বান-ফি পূজাতো অংশগ্ৰহণ কৰে । এই চৰাইদেউ মহোৎসৱৰ তিনিটা দিনতে মৈদাম ক্ষেত্ৰৰ ইতিবৃত্ত আৰু ইয়াৰ ভৱিষ্যৎ পৰিকল্পনাক লৈ আলোচনা কৰা হ'ব । মহোৎসৱস্থলীত ৰাইজৰ বাবে আজি মুকলি কৰা হৈছে গ্ৰন্থ, বস্ত্ৰ, কৃষি আৰু জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য-মেলা ।

চৰাইদেউ মৈদাম ক্ষেত্ৰত আজিৰে পৰা চৰাইদেউ মহোৎসৱ (Etv Bharat Assam)

আহোম ৰাজশাসনৰ ৬০০ বছৰীয়া সোণালী ইতিহাস বহন কৰিছে ঐতিহাসিক চৰাইদেউ মৈদামে । এই ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে এক নতুন পৰিচয় লাভ কৰি আহোম ৰাজশাসনক পুনৰ বিশ্ব দৰবাৰত উজলাই তুলিলে । বিগত বৰ্ষৰ ২১ জুলাইৰ পৰা ৩১ জুলাইলৈকে নতুন দিল্লীত অনুষ্ঠিত হোৱা ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক সন্মিলনত ইউনেস্কোৱে চৰাইদেউ মৈদাম ক্ষেত্ৰকো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰে ।

CHARAIDEO FESTIVAL
চৰাইদেউ মৈদাম ক্ষেত্ৰত আজিৰে পৰা চৰাইদেউ মহোৎসৱ (Etv Bharat Assam)

ঐতিহাসিক চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হোৱাৰ পাছতে দেশী-বিদেশী পৰ্যটকৰ ভিৰ বাঢ়িছে মৈদাম ক্ষেত্ৰলৈ । বিশ্ব ঐতিহ্য ক্ষেত্ৰখনক অতি জনপ্ৰিয় কৰাৰ লক্ষ্যৰে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ পৰ্যটন আৰু পুৰাতত্ত্ব বিভাগে । বিগত বৰ্ষৰ শেষৰফালে চৰাইদেউ মৈদামত ৰাজ্য চৰকাৰে বিশ্ব ঐতিহ্য সপ্তাহ অনুষ্ঠিত কৰা পাছতে আজিৰে পৰা চৰাইদেউ মৈদাম ক্ষেত্ৰত অনুষ্ঠিত হৈছে চৰাইদেউ মহোৎসৱ ।

কি কি কাৰ্যসূচী অনুষ্ঠিত হৈছে চৰাইদেউ মহোৎসৱত:

আজিৰে পৰা তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে এই মহোৎসৱ । আজি চৰাইদেউ মহোৎসৱত গ্ৰন্থ, বস্ত্ৰ, কৃষি আৰু জনগোষ্ঠীয় পৰম্পৰাগত খাদ্য মেলা মুকলি কৰা পাছতে সন্ধিয়া অনুষ্ঠিত হয় স্থানীয় শিল্পীৰ দ্বাৰা পৰম্পৰাগত সাজপাৰ প্ৰদৰ্শন আৰু সাংস্কৃতিক অনুষ্ঠান । লগতে লোককৃষ্টি গৱেষণা আৰু উন্নয়ন সমিতিৰ দ্বাৰা নিবেদন কৰা হয় বুৰঞ্জীমূলক নাটক 'মহাবীৰ লাচিত বৰফুকন' । দ্বিতীয় দিনা অনুষ্ঠিত হ'ব থলুৱা পৰম্পৰাগত খেল-ধেমালিৰ প্ৰতিযোগিতা, ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতা লগতে সাংস্কৃতিক অনুষ্ঠান ।

তৃতীয়া দিনা অৰ্থাৎ সামৰণিৰ দিনটোত অনুষ্ঠিত হ'ব সাংস্কৃতিক সমন্বয় যাত্ৰা । এই অনুষ্ঠানত অংশ ল'ব ৰাজ্যৰ বহুকেইজন শিল্পী, অভিনেতা-অভিনেত্ৰীয়ে । মুকলি সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটাই । লগতে মহোৎসৱৰ বিভিন্ন কাৰ্যসূচীত বিশ্বৰ ভালেকেইখন দেশৰ ৰাষ্ট্ৰদূতে অংশ‌ ল'ব ।

কেইবাজনো বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হ’ব বঁটা:

চৰাইদেউ মহোৎসৱত উদ্যোক্তাসকলে প্ৰদান কৰিব কেইবাটাও বঁটা । চৰাইদেউ মহোৎসৱতে বিশিষ্ট সংগীত পৰিচালক যতীন শৰ্মালৈ অসম কলা ৰত্ন বঁটা, লোককৃষ্টিৰ সাধক অনিল শইকীয়ালৈ জীৱনজোৰা শিল্প সাধনা বঁটা, বিশিষ্ট চলচ্চিত্ৰ পৰিচালক দীনেশ গগৈলৈ লোককৃষ্টি প্ৰজ্ঞা বঁটা, লোককৃষ্টিৰ সাধক সুৰেখা বসুমতাৰীলৈ ৰুদ্ৰ সিংহ সমন্বয় বঁটা, বিশিষ্ট অনাতাঁৰ শিল্পী চৈয়দ ছাদুল্লালৈ কণ্ঠ শিৰোমণি বঁটা আৰু লোককৃষ্টিৰ সাধক অশোক বৰদলৈলৈ সংগীত শিৰোমণি বঁটা প্ৰদান কৰা হ'ব ।

বিশ্ব সমাদৃত NEW YORK TIMES ত চৰাইদেউ মৈদাম ক্ষেত্ৰৰ পৰ্যটনৰ সন্দৰ্ভত বিৱৰণ :

বিশ্বৰ পৰ্যটনৰ মানচিত্রত উজলিছে চৰাইদেউ মৈদাম । বিশ্ব সমাদৃত NEW YORK TIMES ত চৰাইদেউ মৈদাম ক্ষেত্ৰৰ পৰ্যটনৰ সন্দৰ্ভত বিৱৰণ । নিউয়ৰ্ক টাইমছৰ সমীক্ষাত বিশ্বৰ ৫২ টা পৰ্যটনস্থলীৰ তালিকাত চতুৰ্থ স্থান লাভ কৰিছে চৰাইদেউ মৈদামে । ইফালে চৰাইদেউ মৈদামৰ সুনাম ইতিমধ্যে বিশ্বৰ বুকুত বিয়পি পৰাত চৰাইদেউৰ সৰ্বত্ৰে আনন্দৰ বন্যা । বিশ্বজুৰি চৰাইদেউ সন্দৰ্ভত চলা চর্চাক লৈ আশাবাদী চৰাইদেউবাসী । পুনৰ এইদৰে চৰাইদেউ মৈদাম সমাদৃত হোৱাত চৰাইদেউৰ বাবে অতি ভাল খবৰ বুলি উল্লেখ কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে । চৰাইদেউ মহোৎসৱৰ দৰে অনুষ্ঠানৰ দ্বাৰা চৰাইদেউ মৈদাম অধিক জনপ্ৰিয় হ'ব বুলি আশাবাদী বিধায়কগৰাকী ।

লগতে পঢ়ক: একেদিনাই ১৪খন দেশৰ ১৮০ গৰাকী পৰ্যটক বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.