গুৱাহাটী: বিজেপিৰ শাসনকালত অসম ভাৰতৰ অতি পিছপৰা ৰাজ্যত পৰিণত হৈছে বুলি অভিযোগ কৰিছে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ ৰিপুণ বৰাই । বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত এই অভিযোগ কৰি তেওঁ কয়,"অসম ভাৰতৰ পাঁচখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হোৱা দূৰৰ কথা, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ শাসনকালত অসমৰ অৰ্থনীতি আৰু সামগ্ৰিক বিকাশ বিধ্বস্ত কৰি অসম কেনেকৈ ভাৰতৰ ভিতৰত এখন অতি পিছপৰা ৰাজ্যত পৰিণত হৈছে ।"
তেওঁ লগতে কয়,"দেশৰ ভিতৰত অসম জনমূৰি আয়ত নিম্ন । ৰিজাৰ্ভ বেংকৰ শেহতীয়া চাৰ্ভেৰ তথ্য অনুযায়ী ২০২৩-২০২৪ বিত্তীয় বৰ্ষত ভাৰতৰ বিভিন্ন ৰাজ্যৰ তুলনাত অসমৰ জনমূৰি আয় (Rs 1,35,787) সর্বনিম্ন । ভাৰতৰ ৩৩ খন ৰাজ্যত ভিতৰত জনমূৰি আয়ত অসমৰ স্থান ৩০ নম্বৰত । চুবুৰীয়া ৰাজ্য মেঘালয় ( Rs 1,36,948), চিকিম (Rs 5,87,743 ) ৰ জনমূৰি আয়তকৈ অসমৰ জনমূৰি আয় কম ।"
কংগ্ৰেছৰ প্ৰাক্তন সাংসদগৰাকীয়ে লগতে কয়, "বিজেপিৰ ন বছৰীয়া শাসনকালত প্ৰতি বছৰে অসমৰ জনমূৰি আয় ক্রমাগত ভাৱে কমি আহিছে । নৱজাত শিশু আৰু প্ৰসূতি মহিলাৰ মৃত্যুৰ হাৰ অসমত সৰ্বাধিক । WHO আৰু ভাৰত স্বাস্থ্য পৰিয়াল কল্যাণ বিভাগৰ শেহতীয়া তথ্য অনুযায়ী অসমত নৱজাত শিশুৰ মৃত্যুৰ হাৰ (IMR) প্রতি 1000 ৰ ভিতৰত 36 আৰু সৰ্বভাৰতীয় পৰ্যায়ত এই হাৰ 30 । ঠিক একেদৰে প্ৰসূতি মহিলাৰ মৃত্যুৰ হাৰ (MMR) অসমত প্ৰতি এক লাখ প্ৰসূতি মহিলাৰ ভিতৰত 195, যিটো দেশৰ ভিতৰত সৰ্বাধিক । এই দুটা তথ্যই অসমৰ স্বাস্থ্য বিভাগ আৰু চিকিৎসা সেৱাৰ ফোঁপোলা স্বৰূপ উদঙাইছে ।"
মহিলাৰ বিৰুদ্ধে অপৰাধত অসম শীৰ্ষত বুলি উল্লেখ কৰি বৰাই কয়,"'বেটি বচাও, বেটি পঢ়াও' শ্লগান দিয়া বিজেপিৰ আমোলত অসমত NCRB (National Crime Records Bureau) ৰ তথ্য অনুযায়ী বিজেপিৰ যোৱা আঠ বছৰীয়া শাসনকালত ৰাজ্যখনত 18,262 টা মহিলা ধৰ্ষণ আৰু ধৰ্ষণত মৃত্যুৰ গোচৰ পঞ্জীভূত হৈছে । ২০২১-২২ চনত মহিলাৰ বিৰুদ্ধে অসমত ভাৰতৰ ভিতৰত সৰ্বাধিক অপৰাধ সংঘটিত হৈছিল । যোৱা দুটা বছৰত এই অপৰাধ সামান্য পৰিমাণে হ্ৰাস পাইছে যদিও NCRB ৰ প্ৰতিবেদনত অসমত মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ 168.3 যিটো সৰ্বভাৰতীয় হাৰ 64.5 তকৈ বহু বেছি ।"
ৰিপুণ বৰাই অভিযোগ কৰি কয়,"অসমৰ প্ৰতি কেন্দ্ৰৰ বিজেপি চৰকাৰে মাহীআইৰ দৃষ্টিৰে চাই আছে । অসমে বিভিন্ন বিভাগৰ উন্নয়নমূলক কামকাজৰ বাবে নীতিগতভাৱে প্ৰাপ্য পুঁজিসমূহ কেন্দ্ৰই কৰ্তন কৰা আৰু নিয়মিতভাৱে মুকলি কৰি নিদিয়াৰ ফলত অসমৰ উন্নয়ন সাংঘাতিকভাৱে বাধাগ্ৰস্ত হৈছে । GST ৰ অংশ হিচাবে অসমে কেন্দ্ৰীয় চৰকাৰৰ পৰা এতিয়াও পাবলৈ বাকী আছে 85,000 কোটি টকা । বানপানীৰ ক্ষয়-ক্ষতিৰ মেৰামতি তথা NDRF শিতানত পাবলৈ বাকী আছে প্ৰায় 2,700 কোটি টকা ।"