ETV Bharat / state

নিউয়ৰ্ক টাইমছৰ তালিকাত জিলিকিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান - KAZIRANGA NATIONAL PARK

নিউয়ৰ্ক টাইমছত প্ৰকাশ পাইছে অসমৰ পৰ্যটনৰ বাবে এক আশাব্যঞ্জক খবৰ । তালিকাত স্থান লাভ কৰিছে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে ।

Kaziranga National Park shines on the world's tourism map
নিউয়ৰ্ক টাইমছত তালিকাত জিলিকিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 10 hours ago

কাজিৰঙা: বিশ্বৰ পৰ্যটন মানচিত্ৰত জিলিকিছে অসম । ২০২৫ চনত নিউয়ৰ্ক টাইমছে প্ৰকাশ কৰা বিশ্বৰ ৫২ খন পৰ্যটন ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে অসমৰ দুই পৰ্যটন ক্ষেত্ৰ ।

বিশ্বৰ আগশাৰীৰ এই কাকতৰ সমীক্ষাৰ তালিকাত বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু শেহতীয়াকৈ ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হোৱা চৰাইদেউক চতুৰ্থ স্থান দিয়া হৈছে ।

নিউয়ৰ্ক টাইমছৰ তালিকাত জিলিকিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (ETV Bharat Assam)

সমগ্ৰ ভাৰতৰ ভিতৰত অসমে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চতুৰ্থ স্থান দখল কৰাত আনন্দৰ বন্যা বৈছে কাজিৰঙাত । স্বাভাৱিকতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগতে কাজিৰঙা পৰ্যটন উদ্যোগৰ লগত জড়িত সকলোকে আনন্দ দিছে এই খবৰে । উল্লেখ্যে যে পূৰ্বে ৰাষ্ট্ৰীয় পৰ্যায়ত দহখন আইকনিক স্থানৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ।

ইপিনে, বিগত সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ দেশৰ দুগৰাকীকৈ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী মোদী, লোকসভাৰ অধ্যক্ষ, ভূটানৰ ৰজাৰ ভ্ৰমণে কাজিৰঙাক আন্তৰাষ্ট্ৰীয় পৰ্যায়ত নতুন ৰূপত পৰিচয় কৰায় । এই সন্দৰ্ভত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোণালী ঘোষে কয়, "কাজিৰঙাক বিশ্বৰ এখন আগশাৰীৰ পত্ৰিকাই স্থান দিয়াটো স্বাভাৱিকতে গুৰুত্বপূৰ্ণ বতৰা । ইয়াৰ বাবে সকলোপক্ষকে ধন্যবাদ ।"

কাজিৰঙালৈ সম্প্ৰতি যথেষ্ট পৰ্যটকৰ আগমন ঘটিছে । ২০২৪-২৫ পৰ্যটন বৰ্ষৰ যোৱা তিনি মাহত ১,৬৪,৬৩৬ দেশী-বিদেশী পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছে বুলি ক্ষেত্ৰ সঞ্চালকগৰাকীয়ে উল্লেখ কৰে । তেওঁ লগতে কয়, "ইয়াৰে ছয় সহস্ৰাধিক বিদেশী পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰিছে । আনহাতে, পৰ্যটকৰ পৰা কাজিৰঙা বন বিভাগে ৪ কোটি ৩২ লাখ টকাৰ ৰাজহ লাভ কৰিছে ।"

লগতে পঢ়ক: প্ৰতিটো নিৰ্বাচনৰ বাবে আগতীয়াকৈ পৰিকল্পনা কৰে বিজেপিয়ে: ৰণোজ পেগু - BJP MEETING

ভোগালী পালেহিয়েই, আগে-ভাগে চুঙাপিঠাৰ জুতি ল'লে শিক্ষাৰ্থীয়ে - CHUNGA PITHA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.