ETV Bharat / state

পশুধন আৰু হাঁহ-কুকুৰা মেলাত এইবাৰ কি কি থাকিব ? - LIVESTOCK AND POULTRY FAIR

শুকুৰবাৰৰ পৰা গুৱাহাটীৰ খানাপাৰা ফাৰ্ম গে'ট খেলপথাৰত পশুধন আৰু হাঁহ-কুকুৰা মেলা ২০২৫ ।

Livestock and Poultry Fair to be held at Khanapara Farm Gate Ground
পশুধন আৰু হাঁহ-কুকুৰা মেলা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 9 hours ago

গুৱাহাটী: ১০, ১১ আৰু ১২ জানুৱাৰীত তিনিদিনীয়াকৈ গুৱাহাটীৰ খানাপাৰা ফাৰ্ম গে'ট খেলপথাৰত আয়োজন কৰা হৈছে পশুধন আৰু হাঁহ-কুকুৰা মেলা ২০২৫ । ৰাজ্যৰ পশুপালন আৰু পশুচিকিৎসা বিভাগ তথা অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ উদ্যোগত খানাপাৰাৰ পশুধন পাম চৌহদ খেলপথাৰত আয়োজন কৰা হৈছে পঞ্চম পশুধন আৰু হাঁহ-কুকুৰা মেলা, ২০২৫ । উক্ত মেলাত ডেৰ শতাধিককৈও অধিক বিপণি থাকিব আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা উদ্যোগী পশুপালক তথা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিব ।

বৃহস্পতিবাৰে খানাপাৰাৰ ফাৰ্মগেটত এক সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে পশুপালন আৰু পশুচিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালে । মন্ত্ৰীগৰাকীয়ে সংবাদমেল সম্বোধন কৰি কয়, "প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে এই পশুধন আৰু হাঁহ-কুকুৰা মেলা । এনে মেলাৰ জড়িয়তে শিক্ষিত যুৱক-যুৱতী সকলে পশুধনৰ প্ৰতি আগ্ৰহী হ'ব । লাভজনক ব্যৱসায়ৰ প্ৰতি আগ্ৰহী কৰাৰ মানসেৰে প্ৰতি বছৰে এই মেলাখন আয়োজন কৰা হয় । এইবাৰৰ মেলাত ডেৰ শতাধিক বিপণিয়ে অংশগ্ৰহণ কৰিব । উত্তৰ পূৰ্বাঞ্চলৰ কেইবাজনো প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব এই মেলাত । লগতে পশুপালকক ৰাজ্যিক ভিত্তিত পুৰস্কাৰ প্ৰদান কৰাৰ উপৰিও শ্ৰেষ্ঠ পশুপালকলৈ ১ লাখ টকাৰ পুৰস্কাৰ আগবঢ়োৱা হ'ব ।"

পশুধন আৰু হাঁহ-কুকুৰা মেলা (ETV Bharat Assam)

মন্ত্ৰী পালে লগতে কয়, "এইবাৰৰ মেলাত কুকুৰ আৰু মেকুৰীৰ বিশেষ শ্ব' কৰা হ'ব । কণী যুঁজ আৰু কণী খোৱাৰ এক প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব মেলাস্থলীত । ৰাষ্ট্ৰীয় পশুৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিভাগটোৱে বিভিন্ন প্ৰতিষেধক প্ৰস্তুত কৰিছে । ইয়াৰ উপৰি বিভাগে ৰাষ্ট্ৰীয় আঁচনিসমূহ সুকলমে কাৰ্যকৰী কৰি আহিছে । গাখীৰ উৎপাদনৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা লৈ প্লান্ট প্ৰস্তুত কৰিছে বিভাগটোৱে । সেই অনুসৰি নিতৌ ১০ লাখ লিটাৰ গাখীৰ উৎপাদন কৰিছে বিভাগে । বিভাগৰ উৎকৰ্ষ সাধনৰ বাবে নতুনকৈ নিযুক্তি দিয়া হৈছে পশু চিকিৎসক আৰু সহায়ক ।" লগতে অহা শুকুৰবাৰে অনুস্থিত হ'বলগা উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ সম্ভাৱনা থকা বুলিও সংবাদমেলত তেওঁ জানিবলৈ দিয়ে ।

ইফালে সংবাদমেলত উপস্থিত থাকি অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই কয়, "কাইলৈৰ পৰা অনুস্থিত হ'বলগা মেলাৰ প্ৰস্তুতি ইতিমধ্যে সম্পন্ন কৰা হৈছে । কাইলৈ দিনৰ ১১ বজাত উদ্বোধন কৰা হ'ব মেলাখন । উঠি অহা যুৱক-যুৱতীৰ আত্মনিৰ্ভৰশীলতাৰ ওপৰত লক্ষ্য কৰি অনুষ্ঠিত কৰি অহা হৈছে এই মেলাখন । মেলাত প্ৰতিখন জিলাৰ ৪ গৰাকীকৈ গো-পালক, ছাগলী পালক আৰু হাঁহ-কুকুৰা পালকক পুৰস্কৃত কৰা হ'ব । বিগত বিত্তীয় বৰ্ষত ৬০ লাখ টকা লাভ কৰিবলৈ সক্ষম হৈছে বিভাগটোৱে ।"

আনহাতে গাহৰি মাংসৰ মূল্য বৃদ্ধি হোৱাৰ কথাটো নস্যাৎ কৰে বিভাগৰ অধ্যক্ষ মনোজ শইকীয়াই । লগতে তেওঁ কয় "অসমত আফ্ৰিকান চোৱাইন ফ্লু হোৱাৰ পিছত নিম্নগামী হৈছে গাহৰিৰ উৎপাদন । ইয়াৰে গইনা লৈ যাতে গাহৰি মাংসৰ দাম বৃদ্ধি নহয় তাৰ প্ৰতি নজৰ ৰাখিব অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমে ।"

লগতে পঢ়ক: দুস্প্ৰাপ্য দেওহাঁহে হাঁহি বিৰিঙাইছে প্ৰকৃতিপ্ৰেমীৰ মুখত - NAMERI NATIONAL PARK

নিউয়ৰ্ক টাইমছৰ তালিকাত জিলিকিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান - KAZIRANGA NATIONAL PARK

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.