গুৱাহাটী : কংগ্ৰেছ আৰু ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ মাজত চলা বাকযুদ্ধ তুংগত উঠিছে । অখিল গগৈৰ কথা শুনিবলৈ সাজু নহয় কংগ্ৰেছক । আনহাতে, কংগ্ৰেছৰ কথাও এতিয়া অখিল গগৈয়ে সহজেই মানিব নোখোজে । বিশেষকৈ বিগত লোকসভা নিৰ্বাচনৰ পিচৰে পৰাই অহি-নকুল সম্পৰ্ক হৈছে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ । এইবাৰ অখিল গগৈক কিয় সকীয়ালে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিয়ে ?
"প্ৰেমত কোনো চৰ্ত নাথাকে, বন্ধুত্বত কোনো চৰ্ত নাথাকে । সেইদৰে মিত্ৰতাতো কোনো চৰ্ত থাকিব নোৱাৰে ।" এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ । ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কংগ্ৰেছৰে মিত্ৰতা সন্দৰ্ভত দুমাহ সময় দিয়াক লৈ মঙলবাৰে সংবাদ মাধ্যমৰ আগত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে ।
সম্পৰ্ক গঢ়িব বিচাৰিলে চৰ্তবিহীন হ'ব লাগে :
বিধায়ক অখিল গগৈয়ে মিত্ৰতাক লৈ কংগ্ৰেছক ধৰি দিয়া সময়সীমা তথা চৰ্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জাকিৰ হুছেইন শিকদাৰে কয়, "কংগ্ৰেছে কাৰোবাৰ পৰামৰ্শহে শুনিব, কিন্তু নিৰ্দেশ নামানে । সঁচাকৈয়ে সম্পৰ্ক গঢ়িব বিচাৰিলে চৰ্তবিহীন হ'ব লাগে । আনহাতে, মিডিয়াৰ জৰিয়তে কোনো ৰাজনৈতিক দলৰ সম্পৰ্ক নহয় । মিডিয়াৰ আগত কোনে কিয় চৰ্ত দিয়ে আমি নাজানো । কিন্তু আমি বিজেপি বিৰোধী শক্তি একত্রিত হোৱাটো বিচাৰো । মিত্রতা কৰাটো বিচাৰো, ভাই-ভাই হোৱাটো বিচাৰো । তাকে কৰিবলৈ গ'লে তেওঁলোকৰো সেই মিত্রতা গুণসমূহ থাকিব লাগিব । চৰ্ত আৰোপ কৰিলে কোনো সম্পৰ্ক ভাল নহয় ।"
কংগ্ৰেছে কাৰো নিৰ্দেশ গ্ৰহণ নকৰে :
তেওঁ পুনৰ কয়, "কংগ্ৰেছ দলে নিজৰ নীতি নিৰ্ধাৰণ নিজৰ হাইকামাণ্ডৰ লগত বহি কৰিব । আমি কাৰোবাৰ পৰামৰ্শ শুনিম, কাৰোবাৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিম । কিন্তু কোনোবাই যদি আমাক নিৰ্দেশ তথা ডেডলাইন দিয়ে তেন্তে সেইটো কংগ্ৰেছে গ্ৰহণ নকৰে ।"
চোতালে চোতালে কংগ্ৰেছ :
কংগ্ৰেছ দলে ৰাইজৰ কাষলৈ যোৱাৰ বাবে আৰম্ভ কৰা 'চোতালে চোতালে কংগ্ৰেছ' শীৰ্ষক অভিযান সন্দৰ্ভত বিধায়ক শিকদাৰে কয়, " ২০১৪ চনৰ পৰা কেন্দ্ৰত বিজেপিয়ে চৰকাৰ চলাই আছে । ২০১৬ চনৰ পৰা বিজেপিয়ে অসমত চৰকাৰ চলাই আছে । আমাৰ সভাপতি ভূপেন বৰাই আৰম্ভ কৰা 'চোতালে চোতালে কংগ্ৰেছ' কাৰ্যসূচীৰ যোগেদি নিশ্চিতভাৱে মানুহৰ ঘৰলৈ যোৱা হ'ব । মানুহৰ ঘৰে ঘৰে গৈ কথা পাতিব । বিজেপি চৰকাৰৰ পৰা ৰাইজে কি পাইছে কি পোৱা নাই সেই সন্দৰ্ভত ৰাইজৰ মনৰ কথাৰ বুজ ল'ব । কংগ্ৰেছৰ পৰা ৰাইজে কি বিচাৰে তাৰ পৰামৰ্শ গ্ৰহণ কৰিব । ৰাইজৰ লগত কথা পাতি কংগ্ৰেছ দলে অনাগত দিনৰ ৰণকৌশল প্ৰস্তুত কৰিব ।"