ETV Bharat / state

মাই কান্দে আয়ৈ-বিয়ৈ, দেউতাই কান্দে ৰৈ... দেউতাই পোহা মইনা চৰাই আজি উৰি যায় ! - COMMUNITY MARRIAGE IN TINSUKIA

একেখন ৰভাৰ তলতে বহি বিবাহপাশত আবদ্ধ হ’ল ২৫৫ যোৰা দৰা-কইনা ।

Community marriage held in Tinsukia
সামূহিক বিবাহ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 14, 2025, 4:20 PM IST

তিনিচুকীয়া : উদুলি-মুদুলি ৰভাতলী ৷ কোনোৱে যদি সাজিছে বিবাহ মণ্ডপৰ আসন, আন কোনোৱে আকৌ তৈয়াৰ কৰিছে বিবাহৰ অভ্যৰ্থনালৈ অহা অতিথি আপ্যায়নৰ বাবে সুস্বাদু ভোজন ৷ ইফালে মাংগলিক উৰুলিৰ পাছতে পুৰোহিতৰ মন্ত্ৰোচ্চাৰণে পবিত্ৰ কৰিছে চাৰিওদিশ ৷ সাজু হৈছে দৰা-কইনা ৷ আয়তিয়েও গাইছে হিয়া কান্দি উঠাকৈ বিয়ানাম ৷

পুৰোহিতে বৰ-কইনাক মতাৰ পাছতে ৰভাতলীলৈ ওলাই আহিছে শ শ যোৰা দৰা-কইনা ৷ সকলোৱে হেনো বহিব বিয়াত ৷ এতিয়া হয়তো আপুনি ভাবিছে কি ক’বলৈ বিচৰা হৈছে এই প্ৰতিবেদনত !

মাংগলিক ৰীতি-নীতিৰে বিবাহপাশত আবদ্ধ হ’ল শ শ যোৰা দৰা-কইনা (ETV Bharat Assam)

প্ৰকৃততে তিনিচুকীয়াত আয়োজন কৰা হৈছে এখন বিবাহ, যিখন বিবাহক লৈ চৰ্চিত হৈছে উজনি অসম ৷ কিয়নো এইখন বিবাহ আন বিবাহৰ দৰে নহয় । সাধাৰণতে এখন বিবাহত বহে এটা দম্পতি, কিন্তু এইখন বিবাহত এটা নহয় ২৫৫ যোৰা দম্পতি বহিছে একেলগে । বিবাহথলীত আয়োজন কৰা হৈছে সকলোৰে বাবে খোৱা-বোৱাও ।

Community marriage held in Tinsukia
সামূহিক বিবাহ (ETV Bharat Assam)

আচলতে, বৃহস্পতিবাৰে তিনিচুকীয়াৰ ঐতিহাসিক শিৱধাম মন্দিৰৰ চৌহদত উত্তৰ-পূৰ্বাঞ্চলৰ লোক কল্যাণ সমিতি, জন কল্যাণ সংস্থা, জয়পুৰ আৰু তিনিচুকীয়া জিলা বিবাহ সমিতিৰ উদ্যোগত সামূহিক বিবাহ সংস্কাৰৰ আয়োজন কৰা হয় । বিশাল মণ্ডপ সাঁজি তিনিচুকীয়া জিলাখনৰ লগতে কাষৰীয়া দুলীয়াজান, মেয়াও, ডিব্ৰুগড়, যোৰহাটৰ ২৫৫ যোৰা দম্পতি বিবাহপাশত আবদ্ধ হয় ।

লগতে পঢ়ক : জানমণিয়ে স্বামীৰূপে বৰণ কৰিলে মানস বৰুৱাক

প্ৰথমে পুৱাৰ ভাগত চহৰখনৰ দেৱী পুখুৰীত পানী তুলি এক বিশাল কলহ যাত্ৰাৰ জৰিয়তে চহৰখন পৰিভ্ৰমণ কৰাৰ পাছত মুখ্যস্থান শিৱধাম মন্দিৰত উপস্থিত হয় আয়তীৰ দল । তাৰ পাছতে পুৰোহিতৰ উপস্থিতিত মাংগলিক ৰীতি-নীতিৰে অগ্নিদেৱতাক সাক্ষী কৰি ইজনে সিজনক বৰমালা পিন্ধাই বিবাহপাশত আবদ্ধ হয় ।

Community marriage held in Tinsukia
সামূহিক বিবাহ (ETV Bharat Assam)

এই সামূহিক বিবাহ সংস্কাৰ আয়োজক সমিতিৰ সভাপতি কাজল গোঁহায়ে কয়, ‘‘বহু সময়ত আৰ্থিক অসুবিধাৰ বাবে হিন্দু সনাতনী ধৰ্মৰ লোকসকলে বিবাহৰ নীতি-নিয়ম কৰিব নোৱাৰে ৷ তেনে কিছু অসুবিধাৰ অজুহাত লৈ অন্য ধৰ্মলৈ ধৰ্মান্তৰিত কৰা দেখা যায় । গতিকে তেনে লোকসকলৰ কথা চিন্তা কৰিয়েই আজি এই সামূহিক বিবাহ অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷’’

লগতে পঢ়ক : কমলৰ ভনীয়েক নহয়, হোমক সাক্ষী কৰি ৰিয়েল লাইফত বিদিশাৰ স্বামী হ’ল মোহন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.