ETV Bharat / state

উত্তৰ গুৱাহাটীলৈ উচ্চ ন্যায়ালয় তুলি নিয়াৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ ব্যক্তিগত, কেবিনেটৰ নহয়: বাৰ এছ’চিয়েছন - GUWAHATI HIGH COURT BAR ASSOCIATION

সংবিধানৰ মতে, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে ক’ব গুৱাহাটী উচ্চ ন্যায়ালয় ক’ত থাকিব ।‌ চৰকাৰে অকলে সিদ্ধান্ত ল'ব নোৱাৰে ৷

GUWAHATI HIGH COURT BAR ASSOCIATION
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ’চিয়েছনৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 10 hours ago

গুৱাহাটী: গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰ কৰিবলৈ অসম চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ’চিয়েছন । এই সন্দৰ্ভত বৃহস্পতিবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ’চিয়েছনৰ সভাপতি কমল নয়ন চৌধুৰীয়ে কয়, "গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰ কৰাৰ বাবে অসম চৰকাৰৰ কেবিনেটে সিদ্ধান্ত লোৱাটো পৰিতাপৰ বিষয় । গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰ কৰাৰ বাবে ন্যায়ালয়ে কোৱা নাই । অধিবক্তাসকলে‌ও কোৱা নাই ।‌ এই সন্দৰ্ভত যোৱাবছৰ চৰকাৰক আপত্তি দিছিলো ।‌ গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলংখন হোৱাৰ পিছত সিদ্ধান্ত ল'ব বুলি মুখ্যমন্ত্ৰীয়ে কৈছিল । এই সন্দৰ্ভত আমি বাৰ এছ’চিয়ছনৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক লগ কৰিছিলো ।‌ মুখ্য ন্যায়াধীশো আমাৰ পক্ষত আছিল ।"

তেওঁ কয়, "যোৱা ৮ জানুৱাৰীত বাৰ এছ’চিয়ছনৰ সাধাৰণ সভা‌ হ’ল । আমি কেবিনেটৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছো । ৰংমহলত আন্তঃগাঁথনি নাই । কোনো চিটীবাছ সেৱা নাই ।‌ চৰকাৰৰ এয়া টোঘলকী সিদ্ধান্ত ।‌ এইক্ষেত্ৰত কাৰোবাৰ স্বাৰ্থ জড়িত আছে ।‌ ৰাজহুৱা স্বাৰ্থ জড়িত নাই । চৰকাৰে আকোঁৰগোজ হৈ এটা চূড়ান্ত পৰ্যায়লৈ নিলে আমি আদালতত ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন‌ কৰিম ।‌"

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ’চিয়েছনৰ সংবাদমেল (ETV Bharat Assam)

ইফালে এই সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰাই কয়, "গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰৰ সন্দৰ্ভত জনতাৰ মতামত লোৱা হোৱা নাই । চৰকাৰে সিদ্ধান্ত পৰিহাৰ নকৰিলে দৰকাৰ হ'লে অৱস্থান‌ ধৰ্মঘট কৰিম । ৰাষ্ট্ৰপতি আৰু আইন‌ মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিম ।‌"

জ্যেষ্ঠ অধিবক্তা অনিল কুমাৰ ভট্টাচাৰ্যই কয়, "বিধানসভাত এইবোৰ‌ কথা আলোচনা হ'ব লাগে । চৰকাৰে ঋণ লৈছে বহুত হাজাৰ কোটি টকা ।‌ বহুত সমস্যা আছে ।‌ সেইবোৰ‌ কথাত‌‌ চৰকাৰৰ মনোযোগ নাই । প্ৰয়োজন হ'লে ৰংমহললৈ দিছপুৰখন স্থানান্তৰ কৰক ।‌ তেতিয়া গুৱাহাটীৰ ভিৰ কমিব । গুৱাহাটীত উচ্চ ন্যায়ালয় থাকিবনে দিছপুৰ থাকিব সেই লৈ বিতৰ্ক হ'ব লাগে । বিধানসভাৰ ভিতৰে-বাহিৰে বিতৰ্ক হোৱা উচিত ।"

তেওঁ আৰু কয়, "সংবিধানৰ মতে, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে ক’ব গুৱাহাটী উচ্চ ন্যায়ালয় ক’ত যাব ।‌ চৰকাৰে অকলে সিদ্ধান্ত ল'ব নোৱাৰে ।"

এই সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা মৃণাল চৌধুৰীয়ে কয়, "চৰকাৰৰ এয়া একনায়কত্ববাদী সিদ্ধান্ত । কেবিনেটৰ‌ সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সিদ্ধান্ত । গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰ কৰাৰ সিদ্ধান্তটোত কোনো ৰাজহুৱা স্বাৰ্থ জড়িত নাই ।"

লগতে পঢ়ক: সলনি হ’ল টেট পৰীক্ষাৰ দিন, উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.