গুৱাহাটী : অসমীয়া পৰম্পৰাগত লাড়ু-পিঠা দেশ-বিদেশলৈ প্ৰেৰণ কৰি আত্মনিৰ্ভৰশীল হোৱাৰ লগতে আন তিনিগৰাকী মহিলাকো স্বাৱলম্বী কৰিছে ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ এগৰাকী মহিলাই । নাম তেওঁৰ অসীমা হাজৰিকা দত্ত । তেওঁ দুলীয়াজানত স্থাপন কৰা ‘‘আমাৰ আখল’’ নামৰ এটা প্ৰতিষ্ঠানৰ জৰিয়তে পৰম্পৰাগত লাড়ু-পিঠা ডিব্ৰুগড়, গুৱাহাটী, নলবাৰী আদিলৈ প্ৰেৰণ কৰি আহিছে ।
লগতে দিল্লী, ঝাৰখণ্ড, ওড়িশা, বেংগালুৰু, লণ্ডনকে ধৰি দেশ-বিদেশৰ বিভিন্ন স্থানলৈ প্ৰেৰণ কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । লণ্ডনত থকা একাংশ অসমীয়াই বিহুৰ উপৰি সময়ে সময়ে অৰ্ডাৰ কৰি তেওঁৰ পৰা পৰম্পৰাগত পিঠা-পনা ক্ৰয় কৰে ৷ অৰ্ডাৰ অনুসৰি তেওঁ নিয়মীয়াকৈ লণ্ডনলৈ লাড়ু-পিঠা পঠিয়াই থাকে ৷
সংগ্ৰামৰ মাজেৰে নিজক প্ৰতিষ্ঠা কৰাৰ সংকল্প গ্ৰহণ কৰা মহিলাগৰাকীয়ে সম্প্ৰতি ‘‘আমাৰ আখল’’ৰ জৰিয়তে প্ৰতিষ্ঠিত হৈছে ৷ নিজৰ এই যাত্ৰা সন্দৰ্ভত অসীমা হাজৰিকা দত্তই ইটিভি ভাৰতৰ আগত কয়, "২০১৫ চনত স্বামীৰ পৰা ৩০০ টকা লৈ থলুৱা লাড়ু-পিঠাৰ ব্যৱসায় আৰম্ভ কৰিছিলো ৷ নিজ হাতেৰে বনোৱা নাৰিকলৰ পিঠা, তিল পিঠা, তিলৰ লাড়ু, নাৰিকলৰ লাড়ু, তেল পিঠা, মিলেটৰ তেল পিঠা, সুতুলী পিঠা, ভাপত দিয়া পিঠা আদি বিক্ৰী কৰি আহিছো । তদুপৰি ১৫ আগষ্ট আৰু ২৬ জানুৱাৰীত তিনি ৰঙৰ পিঠা বা একেটা পিঠাতে তিনিধৰণৰ জাতীয় পতাকাৰ ৰং দি প্ৰস্তুত কৰা পিঠাই বিশেষ সমাদৰ লাভ কৰিছে ৷ সেই পিঠাৰ টোপোলা ৰাইজে বিভিন্ন লোকক উপহাৰ দিবলৈ কিনি নিয়ে ৷"
উল্লেখ্য যে, ‘‘আমাৰ আখল’’ৰ জৰিয়তে নিজৰ লগতে আন তিনিগৰাকী মহিলায়ো কৰ্মসংস্থাপন লাভ কৰিছে । তদুপৰি, ৰাজ্যৰ বিভিন্ন স্থানলৈ গৈ লাড়ু-পিঠা বনোৱাৰ প্ৰশিক্ষণ দিয়াৰ লগতে লাড়ু-পিঠা থলুৱা উপায়েৰে কিদৰে সংৰক্ষণ কৰিব পৰা যায় তাৰো প্ৰশিক্ষণ দিয়া হয় ।
আনহাতে, জোৰণত দিয়াৰ বাবে লাড়ুৰ-পিঠাৰ এখন আকৰ্ষণীয় উপহাৰ থাল বনোৱা হয় । এই থালখনেও বিশেষ সমাদৰ লাভ কৰিছে । তেওঁ লগতে কয়, "আমি সামগ্ৰীবোৰৰ গুণগত মানৰ ওপৰত গুৰুত্ব দিওঁ । আমাৰ লাড়ু-পিঠাৰ বিশেষত্ব এয়ে যে ইয়াৰ সোৱাদটো আনতকৈ পৃথক আৰু দুমাহলৈকে সংৰক্ষণ কৰিব পাৰি । লাড়ু-পিঠা বিক্ৰী কৰি মাহিলি ৩০-৪০ হাজাৰ টকা উপাৰ্জন হোৱাৰ লগতে বিহুৰ সময়ত ৩-৪ লাখ টকাৰ পিঠা লাড়ু বিক্ৰী হয় । এমাহ আগৰে পৰা দিনে-নিশাই লাড়ুৰ-পিঠাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছো ।"
ব্যৱসায় সন্দৰ্ভত তেওঁ কয়, "লাড়ু-পিঠাৰ ব্যৱসায়ত ৭০ শতাংশ লাভ থাকে । কিন্তু বহুতে এই কথাটো বুজি নাপায়।" আনহাতে, ‘‘আমাৰ আখল’’ৰ নিয়মীয়া গ্ৰাহক জিতুল দত্তই কয়, "আমাৰ আখলৰ পৰা বিহুৰ উপৰি আন সময়তো লাড়ু-পিঠা ক্ৰয় কৰো । বজাৰত পোৱা আন পিঠাতকৈ ইয়াৰ সোৱাদ সুকীয়া । উন্নতমানৰ চাউল, তিল আদি ব্যৱহাৰ কৰি লাড়ু-পিঠাবোৰ বনায় । যাৰ বাবে সোৱাদ সুকীয়া হয় ।"
গুৱাহাটীৰ গ্ৰাহক অঞ্জলি দেৱীয়ে কয়, "আমাৰ আখলৰ পৰা বিহুৰ লগতে আন অনুষ্ঠানত লাড়ু-পিঠা অৰ্ডাৰ দি আহিছো । লাড়ু-পিঠাবোৰৰ লগতে জোৰণৰ থালিখন অতি আকৰ্ষণীয় । আমাৰ আখলৰ লাড়ু-পিঠাবোৰ স্বাস্থ্যসন্মতভাৱে প্ৰস্তুত কৰে ।"
ইফালে অসীমা হাজৰিকা দত্তৰ পৰা প্ৰশিক্ষণ হোৱা লখিমপুৰৰ মুন্নী বৰুৱাই কয়, "অসীমা হাজৰিকা দত্তৰ তাত প্ৰশিক্ষণ লৈ স্বাৱলম্বী হৈছো । বিহুৰ লগতে আন সময়তো লাড়ু-পিঠা বনাই উজনি অসমৰ বিভিন্ন ঠাইৰ লগতে গুৱাহাটী, বিহাৰ আৰু ওড়িশালৈ লাড়ু-পিঠা পঠিয়াইছো । এতিয়া বিহুৰ সময়ত বহু অৰ্ডাৰ পাইছো । তেওঁৰ তাত প্ৰশিক্ষণ লৈ স্বাৱলম্বী হৈছো ।"
উল্লেখ্য যে, ২০২৩ চনত ‘‘অসম যুৱ ৰত্ন’’ সন্মানেৰে সন্মানিত হৈছে অসীমা হাজৰিকা দত্ত । তেওঁৰ এই স্বনিয়োজন আৰু স্বাৱলম্বিতাৰ কাহিনীয়ে আন দহজনকো উৎসাহিত কৰিছে ।