গুৱাহাটী : কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত সংখ্যালঘু অধ্যুষিত চামগুৰি বিধানসভা সমষ্টিত বৃহৎ জয়ৰ পাছতেই বিজেপিয়ে এইবাৰ লক্ষ্য কৰি লৈছে ৰাজ্যৰ আন কেইবাটাও সংখ্যালঘু সমষ্টিক । আগন্তুক ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনত সংখ্যালঘু অধ্যুষিত সমষ্টিক লক্ষ্য কৰি শাসকীয় দলটোৱে প্ৰস্তুত কৰিছে বিশেষ ৰণনীতি ।
বিশেষকৈ ধিং, চামগুৰি, লাহৰীঘাট, ৰূপহী, পূব গোৱালপাৰা, উত্তৰ কৰিমগঞ্জ আৰু দক্ষিণ কৰিমগঞ্জ সমষ্টিক ২০২৬ ৰ বিধানসভা নিৰ্বাচনত নিজৰ দখললৈ অনাৰ লক্ষ্যৰে এতিয়াৰ পৰাই কাম কৰাৰ বাবে দলীয় নেতাসকলক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে । ইফালে সংখ্যালঘু অধ্যুষিত সমষ্টি কেইটাক লক্ষ্য কৰি ৰাইজক চৰকাৰী বিভিন্ন হিতাধিকাৰী আঁচনিত অন্তর্ভুক্ত কৰাৰ ক্ষেত্ৰতো চৰকাৰীভাৱে উদ্যোগ গ্ৰহণ কৰা হৈছে ।
উল্লেখ্য যে, বিগত লোকসভাৰ নিৰ্বাচনত সংখ্যালঘু অধ্যুষিত প্ৰতিটো সমষ্টিত বিজেপিয়ে প্ৰায় ৩০-৩৫ শতাংশ সংখ্যালঘু ভোট লাভ কৰিছিল । আনকি সংখ্যালঘু প্ৰধান অঞ্চলতো গেৰুৱা দলটোৱে প্ৰায় ২০-২৫ শতাংশ ভোট লাভ কৰাটো লক্ষণীয় হিচাপে বিবেচিত হৈছে ।
বিজেপিৰ মতে চৰকাৰখনৰ উন্নয়নমূলক কাম আৰু সৰ্বাংগীন বিকাশৰ বাবেই সংখ্যালঘু ৰাইজো বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছে । ইফালে এইক্ষেত্ৰত চৰকাৰৰ জনপ্ৰিয় অৰুণোদয় আঁচনিখনেও বিশেষ ভূমিকা গ্ৰহণ কৰিছে ।
লক্ষণীয় বিষয় যে মুখ্যমন্ত্ৰীয়ে ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনত সংখ্যালঘু সমষ্টিক টাৰ্গেট কৰি লোৱাৰ পাছতেই ৰাজ্যত সংখ্যালঘু ৰাজনীতি কৰি অহা ৰাজনৈতিক দলবোৰৰ মাজত একপ্ৰকাৰ হাহাকাৰ লাগিছে । কিয়নো বিজেপিয়ে লক্ষ্য কৰি লোৱা সমষ্টিবোৰ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ দখলত আছে । এনে পৰিস্থিতিত কংগ্ৰেছ আৰু এ আই ইউ ডি এফে নিজৰ ভোট বেংক সুৰক্ষিত কৰাৰ বাবে উঠিপৰি লগা পৰিলক্ষিত হৈছে ।
দুয়োটা দলেই প্ৰতিটো বুথ কমিটীতে এতিয়াৰ পৰাই দলীয় সভা-সমিতি অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ দিছে । যাতে বিজেপিয়ে কোনো পৰিস্থিতিতে সমষ্টিকেইটাত খোপনি পুতিব নোৱাৰে । বাজপেয়ী ভৱনৰ এটা বিশ্বস্ত সূত্ৰই জনোৱা মতে আগন্তুক সময়ত মুখ্যমন্ত্ৰীয়ে নিজে সংখ্যালঘু প্ৰধান সমষ্টি কেইটাত গৈ সভা সমিতিত অংশ গ্ৰহণ কৰিব । আনকি সংখ্যালঘু সমষ্টিকেইটাত সংখ্যালঘু নেতাকে বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে ।
ইফালে মুখ্যমন্ত্ৰীয়ে সংখ্যালঘু অধ্যুষিত সমষ্টিবোৰত নিজৰ দলৰ উপৰি মিত্ৰদল অগপকো সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিছে । ইতিমধ্যে অগপই নামনি আৰু বৰাকত নিজৰ ভেঁটি সবল কৰাৰ বাবে তৎপৰতা আৰম্ভ কৰিছে । ভোটৰ অংকত চৰকাৰখনে চৰ এলেকাত বসবাস কৰা সংখ্যালঘু লোকসকলক মাটিৰ পট্টা প্ৰদানৰ বাবেও চিন্তা-চৰ্চা কৰিছে ।
বসুন্ধৰা ৪.০ৰ জৰিয়তে চৰকাৰখনে সংখ্যালঘু এলেকাত বিজেপিৰ প্ৰৱেশ ঘটাবলৈ পৰিকল্পনা কৰিছে । কেৱল সেয়াই নহয় বিজেপি চৰকাৰে বিভিন্ন আঁচনিৰে সংখ্যালঘু লোকৰ কাষ চপাৰ উদ্যোগ গ্ৰহণ কৰিছে । অৱশ্যে বিজেপি চৰকাৰৰ এই পৰিকল্পনাই কিমানদূৰ সাৰ্থকতা লাভ কৰে সেয়া সময়েহে ক'ব ।