ETV Bharat / state

দিল্লীৰ গণৰাজ্য দিৱসত অংশ ল'ব বিআৰঅ'ৰ কৰ্মচাৰীয়ে - REPUBLIC DAY 2025

দিল্লীৰ গণৰাজ্য দিৱসৰ পেৰেডত অৰুণাচল প্ৰদেশৰ মুঠ ৮৩ গৰাকী বিভিন্ন ক্ষেত্ৰৰ লোকে বিশেষ অতিথিৰূপে উপস্থিত থকাৰ সুযোগ লাভ কৰিছে ।

Republic Day 2025
ব্ৰিগেডিয়াৰ সঞ্জীত সিং (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jan 11, 2025, 5:31 PM IST

তেজপুৰ : নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিব সীমান্ত পথ সংস্থাৰ সাধাৰণ কৰ্মচাৰীয়ে । তেজপুৰস্থিত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰৰ কাৰ্যালয়ৰ তৰফৰ পৰা জনোৱা মতে গণৰাজ্য দিৱসৰ পেৰেডত অৰুণাচল প্ৰদেশৰ মুঠ ৮৩ গৰাকী বিভিন্ন ক্ষেত্ৰৰ লোকে বিশেষ অতিথিৰূপে দেশৰ ৰাজধানী নতুন দিল্লীত উপস্থিত থকাৰ সুযোগ লাভ কৰিছে ।

দিল্লীৰ গণৰাজ্য দিৱসত থাকিব সীমান্ত পথ সংস্থাৰ কৰ্মচাৰী

সীমান্ত পথ সংস্থা চমুকৈ বিআৰঅ'ৰ প্রজেক্ট ভৰ্টকৰ মুখ্য অভিযন্তা ব্ৰিগেডিয়াৰ সঞ্জীত সিঙে ইটিভি ভাৰতক কয়,"সীমান্ত পথ সংস্থাৰ প্রজেক্ট ভৰ্টকৰ অধীনত মুঠ ২০ গৰাকী কেজুৱেল কৰ্মচাৰী অৰুণাচল প্ৰদেশৰ অতি পিছপৰা অঞ্চলৰ পৰা নিৰ্বাচিত কৰিছে । প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তৰফৰ পৰা প্ৰত্যেক বছৰেই এনেধৰণৰে ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু পেন ইণ্ডিয়াৰ ধাৰণাৰে এই ব্যৱস্থা গ্ৰহণ কৰা হয় ।"

দিল্লীৰ গণৰাজ্য দিৱসত অংশ ল'ব বিআৰঅ'ৰ কৰ্মচাৰী (ETV Bharat)

অৰুণাচলৰ ৮৩ গৰাকী লোকে অংশ ল'ব

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তথ্য মতে অৰুণাচল প্ৰদেশৰ ৮৩ গৰাকী লোকৰ ভিতৰত সীমান্ত পথ সংস্থাৰ শ্ৰমিক, গৃহ মন্ত্ৰণালয়ৰ দ্বাৰা পৰিচালিত ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰামৰ অধীনত থকা গাঁওসমূহৰ লোক, আত্মসহায়ক গোটৰ মহিলা আৰু অংগনবাড়ী কৰ্মী বিশেষ অতিথিৰূপে দিল্লীত গণৰাজ্য দিৱসৰ সাক্ষী হ'ব । দেশৰ ভিন্ন প্ৰান্তৰ মুঠ ১০ হাজাৰ অতিথিৰ লগতে পেন ইণ্ডিয়াৰ অৰুণাচল প্ৰদেশৰ এই ৮৩ গৰাকী লোকে অংশগ্ৰহণ কৰিব ।

Republic Day 2025
দিল্লীৰ গণৰাজ্য দিৱসত অংশ ল'ব বিআৰঅ'ৰ কৰ্মচাৰী (PRO (Defence) Tezpur)

ব্ৰিগেডিয়াৰ সিঙে কয়, "সীমান্ত পথ সংস্থাৰ এই শ্ৰমিকসকলে বহু কষ্ট কৰি সীমান্তৰ দুৰ্গম পথসমূহ নিৰ্মাণত বছৰৰ সকলো সময়তে জড়িত হৈ থাকে । তেওঁলোকৰ বাবে দুৰ্গম পাহাৰীয়া অঞ্চলত যাতায়ত কৰিবলৈ উপযোগী হৈ উঠে । সীমান্ত পথ সংস্থাৰ শ্ৰমিকসকলে অকল তেওঁলোকৰ অপৰিসীম কষ্টৰ বাবেই নহয় বহু পিছপৰা অঞ্চলৰ হোৱা বাবে তেওঁলোকক দেশৰ ৰাজধানীত অনুষ্ঠিত গণৰাজ্য দিৱস উদযাপন প্ৰত্যক্ষ কৰাৰ এটা সুযোগ প্ৰদান কৰিছে ।" সিঙে লগতে কয়, "সীমান্ত পথ সংস্থাই কেৱল দুৰ্গম পথ নিৰ্মাণেই নহয় বিভিন্ন ধৰণৰ কঠোৰ পৰিশ্ৰম কৰি সংস্থাৰ অন্যান্য নিৰ্মাণ কাৰ্যৰ লগতে দুৰ্গম দলঙসমূহো নিৰ্মাণ কৰে ।"

লগতে পঢ়ক :এইবাৰৰ পৰা কেন্দ্ৰীয় গণৰাজ্য দিৱস অনুষ্ঠিত হ'ব ডিব্ৰুগড়ত - REPUBLIC DAY 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.