গুৱাহাটী : সামাজিক মাধ্যমত পুনৰ অসম সন্দৰ্ভত বিকৃত মন্তব্য কৰিলে এজন ইউটিউবাৰে । ইয়াৰ পূৰ্বেও বহুবাৰ অসমকলৈ বিভিন্নজনে বিকৃত মন্তব্য কৰাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । এইবাৰ অসমৰ মৰিগাঁও জিলাৰ মায়ঙৰ বিখ্যাত যাদুকলাক লৈ বিকৃত মন্তব্য কৰিলে অভিষেক কৰ নামৰ এজন ইউটিউবাৰে । সামাজিক মাধ্যমত ভাইৰেল হোৱা অভিষেক কৰৰ ভিডিঅ'টোত মায়ঙৰ যাদুকলাৰ প্ৰসংগত বিভ্ৰান্তিকৰ তথ্য দাঙি ধৰা হৈছে । মায়ঙৰ যাদুকলাক অতি বিকৃত ৰূপ দিয়া হৈছে ।
ব্যাপক চৰ্চিত ভিডিঅ'টোকলৈ সামাজিক মাধ্যমযোগে অসমৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে । মুখ্যমন্ত্রীৰ নিৰ্দেশৰ পাছতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙেও ইউটিউবাৰজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সদৰী কৰিছে । মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়াৰ পাছতে ইউটিউবাৰ অভিষেক কৰে সামাজিক মাধ্যমযোগে নিজৰ ভুলৰ বাবে ক্ষমা প্ৰাৰ্থনা বিচৰাৰ উপৰিও ভিডিঅ'টো আঁতৰ কৰাৰ কথা সদৰী কৰিছে । উল্লেখ্য যে ইউটিউবাৰ অভিষেক কৰে ইউটিউব চেনেল 'Riya Upreti'ত দিয়া এটা সাক্ষাৎকাৰত অসম সম্পৰ্কত এই বিকৃত মন্তব্য কৰিছিল ।
Noted Sir. Lawful action shall be taken. Warm regards. https://t.co/igk4O2rjgp
— GP Singh (@gpsinghips) January 10, 2025
মায়ঙৰ যাদুকলাকলৈ ইউটিউবাৰ অভিষেক কৰে কি কৈছিল ?
ইউটিউবাৰ অভিষেক কৰে 'Riya Upreti' নামৰ এটা ইউটিউব চেনেলত দিয়া সাক্ষাৎকাৰত প্ৰসংগক্ৰমে অসমৰ মায়ঙৰ বিখ্যাত যাদুকলা সন্দৰ্ভত মন্তব্য কৰিছিল । যিটো মন্তব্য আছিল সম্পূৰ্ণ ভিত্তিহীন । তথ্য বিকৃত কৰি ইউটিউবাৰজনে মায়ঙৰ যাদুকলা সন্দৰ্ভত মন্তব্য কৰিছিল । ভিডিঅ'টোত তেওঁ কৈছিল, "অসমত এতিয়াও এনে এখন গাঁও আছে, যিখন গাঁৱৰ মহিলাসকলৰ ইমান সিদ্ধি আছে যে তেওঁলোকে মানুহক ছাগলীকে ধৰি যিকোনো জন্তু বনাই দিব পাৰে । নিশা পুনৰ সেই জন্তুবোৰক মানুহ বনাই তেওঁলোকে সম্ভোগ কৰে । কাৰণ তেওঁলোকে বিভিন্ন তান্ত্রিক অভ্যাস কৰে ।" এইদৰে তেওঁ মায়ঙৰ যাদুকলাক অতি বিকৃত ৰূপত ভিডিঅ'টোত দাঙি ধৰিছিল ।
মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া আৰু কঠোৰ নিৰ্দেশ :
ইউটিউবাৰ অভিষেক কৰৰ বিকৃত ভিডিঅ'টো সন্দৰ্ভত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । মুখ্যমন্ত্রীৰ কাৰ্যালয়ৰ 'এক্স' হেণ্ডেল যোগে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰা হৈছে । মুখ্যমন্ত্রীৰ কাৰ্যালয়ৰ 'এক্স' হেণ্ডেল যোগে কোৱা হৈছে,"Riya Upreti নামৰ এটা ইউটিউব চেনেলৰ এটা ভিডিঅ'ত অভিষেক কৰ নামৰ লোকজনে অসমৰ ইতিহাস আৰু পৰম্পৰা সন্দৰ্ভত অগ্ৰহণযোগ্য মন্তব্য কৰা দেখা গৈছে । ভুল তথ্য বিয়পোৱাৰ বাবে উক্ত ব্যক্তিজনৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা উচিত ।" মুখ্যমন্ত্রীৰ এই প্ৰতিক্ৰিয়াৰ পাছতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে ব্যৱস্থা গ্ৰহণৰ কথা সদৰী কৰিছে ।
A video from a YouTube channel ,named Riya Upreti, is in circulation where an individual named Abhishek Kar is seen making unacceptable comments on Assam's history and traditions.
— Chief Minister Assam (@CMOfficeAssam) January 10, 2025
Appropriate action may be initiated against the said individual for spreading misinformation.… pic.twitter.com/NBpJSTWwMC
ভুলৰ বাবে ক্ষমা প্ৰাৰ্থনা ইউটিউবাৰ অভিষেক কৰৰ :
কোনো ধৰণৰ অধ্যয়ন নকৰাকৈ অসম সম্পৰ্কত বিকৃত মন্তব্য কৰাৰ পাছতে ক্ষমা প্ৰাৰ্থনা কৰিবলৈ বাধ্য হ'ল ইউটিউবাৰ অভিষেক কৰে । মায়ঙৰ যাদুবিদ্যা সন্দৰ্ভত কৰা বিকৃত মন্তব্যৰ পাছতে অসমৰ মুখ্যমন্ত্রীয়ে কৰা প্ৰতিক্ৰিয়া আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ কঠোৰ স্থিতিৰ পাছতে ভয় খাই সামাজিক মাধ্যম যোগে ইউটিউবাৰ অভিষেক কৰে অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিলে ।
সামজিক মাধ্যম যোগে তেওঁ কয়,"মই মোৰ ভুলৰ বাবে ক্ষমা প্ৰাৰ্থনা বিচাৰো । মই উদ্দেশ্য প্ৰণোদিতভাৱে কৰা নাছিলো । কাৰো মনত আঘাত দিয়াৰ বাবে ভিডিঅ'টো কৰা নাছিলো । মই জানিব পাৰিছো যে ভিডিঅ'টোৱে বহুতৰে মনত আঘাত দিছে । অসমৰ মানুহৰ আবেগত আঘাত দিছে । মই মানুহৰ মাজত প্ৰতিক্ৰিয়া হোৱাৰ বাবে কৰা নাছিলো । সেই ভিডিঅ'টোৰ বাবে মই সকলোৰে ওচৰত ক্ষমা বিচাৰিছো । মই ভিডিঅ'টো আঁতৰাই দিয়াৰ বাবে সংশ্লিষ্ট পক্ষলৈ ইতিমধ্যে অনুৰোধ জনাইছো । এতিয়াৰে পৰা মই কিবা কোৱাৰ পূৰ্বে যি কোনো তথ্য সংগ্ৰহ কৰাৰ ক্ষেত্রত সতৰ্ক হ'ম । যাতে ভুল বাৰ্তা নাযায় । পুনৰ বাৰ মই ভিডিঅ'টোৰ বাবে ক্ষমা বিচাৰিছো ।"
লগতে পঢক :কচুতলিৰ উচ্ছেদক লৈ উচ্চ ন্যায়ালয়ৰ নতুন আদেশ - GUWAHATI HC ON KACHUTOLI EVICTION