গুৱাহাটী: ডিমা হাচাওৰ উমৰাংছ’ৰ কয়লা খনিত সংঘটিত ঘটনাৰ এছ আই টি তদন্তৰ দাবী কৰিছে লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে । এই দাবীৰে তেওঁ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীলৈ পত্র প্ৰেৰণ কৰিছে । পত্রযোগে তেওঁ কয়, "২০২৫ চনৰ ৬ জানুৱাৰীত অসমৰ ডিমা হাচাও জিলাৰ এটা অবৈধ কয়লা খনিত সংঘটিত হোৱা কৰুণ ঘটনাত কমেও ১০ জন শ্ৰমিক আৱদ্ধ হৈ আছে । কয়লা খনিটোত পানী সোমোৱাৰ পিছত শ্ৰমিকসকল আৱদ্ধ হৈ থকা বুলি ধাৰণা কৰা হৈছে । বৰ্তমানেও উদ্ধাৰ অভিযান চলি আছে । খনিত আৱদ্ধ শ্ৰমিকসকল ভাগ্য এতিয়াও অনিশ্চয়তাত আছে ।"
এই শোকাবহ ঘটনাটো সাধাৰণ ঘটনা নহয় বুলি উল্লেখ কৰি সাংসদ গগৈয়ে কয়, "অঞ্চলটোত অবৈধ কয়লা খননৰ বিষয়টো বহু বছৰ ধৰি চলি আহিছে । অতীতত এনে ধৰণৰ অসংখ্য দুৰ্ঘটনাৰ খবৰ পোৱা গৈছিল । অসমত অবৈধ ৰেট-হল মাইনিং অব্যাহত আছে যদিও ২০১৪ চনত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে এনে খনন নিষিদ্ধ কৰিছে । ২০২১ চনত ন্যায়াধীশ ব্ৰজেন্দ্ৰ প্ৰসাদ কাটাকেৰ নেতৃত্বত এক জনীয়া ন্যায়িক আয়োগে দাখিল কৰা প্ৰতিবেদনত দেখা গৈছে যে অঞ্চলটোত ৰেট-হল মাইনিং নিয়ন্ত্ৰণহীনভাৱে বিকশিত হৈ আছে ।"
![UMRANGSO COAL MINE TRAGEDY](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11-01-2025/as-ghy-03-latter-to-pm-by-mp-gaurav-gogoi-regarding-umrangso-incident-7209925_11012025144256_1101f_1736586776_269.jpg)
তেওঁ আৰু কয়, "আয়োগৰ ফলাফলে সূচায় যে এই অবৈধ খনন কাৰ্যকলাপবোৰ হৈছে অপৰ্যাপ্ত আইন প্ৰৱৰ্তন, দুৰ্নীতি আৰু দায়বদ্ধতাৰ অভাৱৰ বাবে । কেন্দ্ৰীয় চৰকাৰেও ৰিজাৰ্ভ ফৰেষ্টত ৰেট-হল মাইনিং নিৰন্তৰ অস্তিত্ব স্বীকাৰ কৰিছে আৰু ডিগবৈৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল এনে খনন চলি থকাৰ কথা স্বীকাৰ কৰিছে । ২০১৯ চনত এই সন্দৰ্ভত লোকসভাত তথ্য দিয়া হৈছিল ।"
লগতে পঢ়ক: এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ অভিযান অসফল; কয়লাখনিত এতিয়াও আবদ্ধ ৯ শ্ৰমিক
তেওঁ লগতে কয়, "কেন্দ্ৰীয় চৰকাৰে উল্লেখ কৰা অনুসৰি অসম চৰকাৰ ডিগবৈৰ নামফাই সংৰক্ষিত বনাঞ্চল আৰু চালেকিৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত অবৈধ কয়লা খননৰ বিষয়ে অৱগত আছিল । অঞ্চলটোত অবৈধ খননৰ ফলত বহুকেইটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈছে । উমৰাংছ' আৰু কাৰ্বি আংলঙৰ দৰে এলেকাত স্থানীয়ভাৱে চলি থকা খননকাৰ্য ৰোধ কৰাত জিলা প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে । যদি এই কাৰ্যক নিয়ন্ত্ৰণহীন কৰি ৰখা হয় তেন্তে ইয়াত কাম কৰা শ্ৰমিকসকলৰ জীৱন বিপদাপন্ন হৈ থাকিব আৰু পৰিৱেশৰ অধিক ক্ষতি হ'ব । পৰিস্থিতিৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি মই আপোনাক তাৎক্ষণিক পদক্ষেপ ল'বলৈ আৰু এই ঘটনাটোৰ পুংখানুপুংখ তদন্তৰ বাবে এক বিশেষ অনুসন্ধান দল (এছ আই টি) গঠন কৰিবলৈ অনুৰোধ জনাইছো ।"
"এছ আই টিয়ে কেৱল খনিৰ অবৈধ কাৰ্যকলাপটো চোৱাই নহয় এই দুৰ্ঘটনাৰ বাবে দায়ী সকলক চিনাক্ত কৰিব লাগিব । লগতে অবৈধ কয়লা খননৰ সমস্যাৰ সমাধান কৰিব লাগিব । ইয়াৰ ভিতৰত আছে ৰেট-হল মাইনিঙৰ ওপৰত এন জি টিৰ নিষেধাজ্ঞা বলবৎ কৰাত ব্যৰ্থতা, জিলা প্ৰশাসন আৰু জিলা আৰক্ষীকে ধৰি স্থানীয় কৰ্তৃপক্ষৰ সহযোগ । যাৰ বাবে বাৰে বাৰে দুৰ্ঘটনা সংঘটিত হোৱা স্বত্বেও এই অবৈধ কাৰ্যকলাপবোৰ অব্যাহত ৰাখিবলৈ সক্ষম কৰিছে।"
বিৰোধী উপ-দলপতি কয়, "এছ আই টিয়ে এই খনিবোৰত সুৰক্ষাৰ মানদণ্ড আৰু কামৰ পৰিস্থিতিও পৰীক্ষা কৰিব লাগে । যিবোৰ নিৰন্তৰভাৱে উপেক্ষা কৰা হয় । যাৰ ফলত মাৰাত্মক ঘটনা ঘটে । তদুপৰি অনুসন্ধানটোৱে কাৰ্বি আংলং, ডিমা হাচাও আৰু উজনি অসমত অন্যান্য অবৈধ খনন স্থান চিনাক্ত আৰু মেপ কৰাৰ বাবে ইয়াৰ পৰিসৰ সম্প্ৰসাৰিত কৰিব লাগে । য'ত এইবোৰ কাৰ্যকলাপবোৰ অবিৰতভাৱে অব্যাহত আছে । অসমৰ ৰাইজৰ তথা দেশবাসীয়ে সত্য জানিবলৈ আৰু ন্যায় পোৱাটো অধিকাৰ । অবৈধ খনন বন্ধ কৰিবলৈ আৰু দুৰ্বল শ্ৰমিকসকলক শোষণ আৰু ক্ষতিৰ পৰা সুৰক্ষিত কৰাটো আমাৰ সামূহিক প্ৰচেষ্টা হোৱা উচিত । মই বিশ্বাস কৰোঁ আপুনি এই জৰুৰী অনুৰোধটো বিবেচনা কৰিব আৰু এক নিৰপেক্ষ আৰু স্বচ্ছ অনুসন্ধানৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল'ব ।"
লগতে পঢ়ক: উমৰাংছ' কয়লাখনি ট্ৰেজেডী : শনিবাৰে উদ্ধাৰ হ’ল মুঠ তিনিজন শ্ৰমিকৰ মৃতদেহ