ব্ৰহ্মপুত্ৰত সলিল সমাধি কিশোৰৰ - Teenager Death By Drowning

By ETV Bharat Assamese Team

Published : Sep 8, 2024, 6:54 PM IST

thumbnail
শুক্ৰেশ্বৰ ঘাটত অঘটন (ETV Bharat Assam)

গুৱাহাটী, ৮ ছেপ্টেম্বৰ: গুৱাহাটী মহানগৰীৰ শুক্ৰেশ্বৰ ঘাটত আজি পুৱাই সংঘটিত হয় এক অঘটন । আত্মীয়ৰ মৃতকৰ ক্ৰিয়া-কৰ্মৰ বাবে শুক্ৰেশ্বৰ ঘাটলৈ অহাৰ সময়তেই ব্ৰহ্মপুত্ৰত ডুব যায় দুই কিশোৰ । চাহিল বাছফৰ (১৫) আৰু আদিত্য বাছফৰ (১৭) নামৰ কিশোৰ দুজনে ক্ৰিয়া-কৰ্মৰ পিচত গা ধুবলৈ পানীত নমাৰ পিচতেই ঘটিল অঘটনটো ।

প্ৰত্য়ক্ষদৰ্শী আৰু পৰিয়ালৰ লোকে উল্লেখ কৰা মতে, দুয়োজন কিশোৰ পানীত ডুব যোৱাত চাহিল বাছফৰ নামৰ কিশোৰজনক এজন লোকে জীৱন্তে উদ্ধাৰ কৰে যদিও সন্ধানহীন আনজন কিশোৰৰ মৃত্য়ু ঘটে । ইয়াৰ পিচতেই এছ ডি আৰ এফে ঘটনাস্থলীৰ সমীপতে উদ্ধাৰ কৰে কিশোৰজনৰ মৃতদেহ ।  

কিশোৰ দুজন কটন কলেজিয়েট উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ দশম শ্ৰেণীত অধ্যয়ন কৰি আছিল । পৰিয়ালৰ লোকে এই সন্দৰ্ভত উল্লেখ কৰি কয়, "কিশোৰ দুজনৰ বৰদেউতাকৰ আজি দহা কৰ্ম আছিল । তেওঁলোক এই কৰ্ম কৰিবৰ বাবে পৰিয়ালৰ সৈতে ব্ৰহ্মপুত্ৰৰ পাৰলৈ আহিছিল । কৰ্ম কৰাৰ পিছত নদীত গা ধুই থাকোতে দুয়ো উটি যায় ।"

লগতে পঢ়ক:নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল দম্পতীৰ

মৰ্মান্তিক: খেলি থাকোতেই সলিল সমাধি দুটি শিশুৰ - Minor Death By Drowning

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.