ঘৰলৈ আহিছিল চি বি আই অফিচাৰ; যাওতে লৈ গ’ল ৩৫ লাখ টকাসহ সোণৰ আ-অলংকাৰ - ROBBERY IN CACHAR
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/23-12-2024/640-480-23177289-thumbnail-16x9-j-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Dec 23, 2024, 4:48 PM IST
|Updated : Dec 23, 2024, 4:58 PM IST
শিলচৰ: কাছাৰৰ ভাগা ইছলামাবাদত সংঘটিত হয় এক ডকাইতিকাণ্ড । চি বি আইৰ পৰিচয় দি ব্যৱসায়ীৰ ঘৰত প্ৰবেশ কৰি বন্দুকধাৰী ডকাইতৰ দলে লুটিলে নগদ ৩৫ লাখ টকাসহ কেইবালাখ টকাৰ সোণৰ আ-অলংকাৰ । দেওবাৰে নিশা কাছাৰ জিলাৰ ধলাই বিধানসভা সমষ্টিৰ ভাগা ইছলামাবাদত সংঘটিত হৈছে এক ডকাইতি-কাণ্ড ।
নিশা দুই বজাত ১৫/২০ জনীয়া বন্দুকধাৰী ডকাইতৰ দলে চি বি আইৰ পৰিচয় দি আবুল হুছেইন নামৰ ব্যৱসায়ীজনৰ ঘৰত সংঘটিত কৰে এই ডকাইতিকাণ্ড । ডকাইতৰ দলটো নিশা ব্যৱসায়ীজনৰ ঘৰৰ উপস্থিত হৈ চি বি আইৰ পৰিচয় দি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি বন্দুক দেখুৱাই ৰছীৰে বান্ধে । ইয়াৰ পাছত আলমাৰী চাবি লৈ ঘৰৰ ভিতৰত লুটপাট আৰম্ভ কৰে ডকাইতৰ দলটোৱে । ডকাইতৰ দলটোৱে ব্যৱসায়ীজনৰ স্ক'ৰপিঅ' বাহনখনত উঠি পলায়ন কৰে যদিও পথতেই চাবিসহ বাহনখন থৈ পলায়ন কৰে । ইয়াৰ পিচতেই নিশাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷