গুৱাহাটী : গুৱাহাটী মহানগৰীৰ মাজমজিয়াত নৃশংস ঘটনা । বামুণীমৈদামস্থিত ৰে'লৱে কলনীত উদ্ধাৰ একেটা পৰিয়ালৰে ৩ গৰাকী সদস্যৰ মৃতদেহ । একেটা কোঠাতে উদ্ধাৰ স্বামী, স্ত্ৰী আৰু কন্যাৰ মৃতদেহ । পত্নী আৰু কন্যাৰ দেহত চোকা অস্ত্ৰৰ দাগ স্পষ্ট হোৱাৰ বিপৰীতে চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে স্বামী লোহিত ঠাকুৰীয়াৰ মৃতদেহ । এই ঘটনাই সমগ্ৰ মহানগৰীতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
- স্বামী, পত্নী আৰু কন্যাৰ মৃতদেহ উদ্ধাৰ
জানিব পৰা মতে, মঙলবাৰে নিশাই এই ঘটনাটো সংঘটিত হৈছিল যদিও ওচৰ-চুবুৰীয়াই বুধবাৰে দিনৰ ভাগতহে গম পায় । ইফালে দিনৰ প্ৰায় ২ বজাত স্থানীয় লোকৰ খবৰৰ ভিত্তিত বামুণীমৈদামৰ ৰে'লৱে কলনীৰ বাসগৃহত উপস্থিত হয় চানমাৰি থানাৰ এটা দল আৰু ৰে'ল আৰক্ষী । পিছত চিআইডি আৰু ফৰেন্সিকৰ দলো উপস্থিত হৈ ভিতৰৰ পৰা মৃতদেহকেইটা উদ্ধাৰ কৰে । আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে চোকা অস্ত্ৰৰ লগতে বিভিন্ন সামগ্ৰী ।
স্থানীয় লোকে জনোৱা মতে, মৰিগাঁও নিবাসী লোহিত ঠাকুৰীয়া আছিল মহিলাগৰাকীৰ দ্বিতীয় স্বামী । আনহাতে মৃতদেহ উদ্ধাৰ হোৱা কিশোৰীগৰাকীও পূৰ্বৰ স্বামীৰে আছিল । কিশোৰীগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী আছিল । মঙলবাৰে দিনৰ ভাগত পৰিয়ালটোক হাঁহি ফূৰ্তি কৰি থকা দেখা পাইছিল চুবুৰীয়াই ।
আনকি ৰে'ল বিভাগৰ কাৰিকৰী বিভাগৰ কৰ্মচাৰী মহিলাগৰাকীয়ে অলপতে চতুৰ্থ শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীলৈ পদোন্নতি হোৱাত পাৰ্টীও দিছিল সহকৰ্মীসকলক । নিশা প্ৰায় ৯.৩০ বজালৈ সকলো ঠিকেই আছিল যদিও ১০ বজাৰ পিছত স্বামী আৰু পত্নীৰ মাজত কিবা কথাক লৈ কাজিয়া হোৱা শুনিছিল চুবুৰীয়াই । কিন্তু ওচৰ চুবুৰীয়াই কল্পনাও কৰিব পৰা নাছিল যে ইমান ডাঙৰ ঘটনা সংঘটিত হ'ব ।
- কন্যাক ধৰ্ষণৰ অপচেষ্টা !
এতিয়া সকলোৱে সন্দেহ কৰিছে যে লোহিত ঠাকুৰীয়াই প্ৰথমে পত্নী আৰু কন্যাক হত্যা কৰিছে আৰু পিছতে নিজকে শেষ কৰি দিছে ! জানিব পৰা মতে গুৱাহাটীত নিৰাপত্তাৰক্ষী হিচাপে কাম কৰা লোহিত ঠাকুৰীয়াই কেইবছৰমান পূৰ্বে মহিলাগৰাকীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল । বিবাহ পাশত আৱদ্ধ হ'লেও দুয়োৰে মাজত সম্পৰ্ক সিমান মধুৰ নাছিল বুলি বহুতে অভিযোগ কৰিছে ।
অভিযোগ অনুসৰি সতীয়া কন্যাৰ ওপৰত বেয়া দৃষ্টিও ৰাখিছিল লোহিত ঠাকুৰীয়াই । স্থানীয় লোকে জনোৱা মতে, সতীয়া কন্যাক ধর্ষণৰ চেষ্টা চলোৱাৰ অভিযোগত প্ৰায় ৬ মাহ পূৰ্বে লোহিত ঠাকুৰীয়াই কাৰাগাৰলৈও যাবলগীয়া হৈছিল । সেয়ে প্ৰতিশোধ ল'বলৈ লোহিত ঠাকুৰীয়াই এই সিদ্ধান্ত ল'লে নেকি বুলি এতিয়া সকলোৱে সন্দেহ কৰিছে ।
- আৰক্ষীয়ে কি কয় ?
অৱশ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । ঘটনা সন্দৰ্ভত ডিচিপি অমিতাভ বসুমতাৰীয়ে কয়, "লোহিত ঠাকুৰীয়াই কিশোৰীগৰাকীৰ ডিঙিত দাৰে ঘপিয়াই, লগতে পত্নীৰ ডিঙিতো ঘপিয়ায় । পিছত কাঠৰ বাতামেৰে মূৰত মৰিয়াই মাৰিয়াই নৃশংসভাৱে হত্যা কৰে । ঘৰৰ ভিতৰৰ সকলো বস্তু সিঁচৰতি হৈ আছিল । কিন্তু ঘটনাৰ পূৰ্বে সকলোৱে মিলি একেলগে ভাত খাইছিল । ভাতৰ লগত মাংসও খাইছিল তেওঁলোকে ।"
আৰক্ষীয়ে সন্দেহ কৰা মতে নিশা প্ৰায় ডেৰ বজাত এই ঘটনাটো সংঘটিত হৈছে । আৰক্ষী বিষয়াগৰাকীৰ মতে কিশোৰীগৰাকীক হত্যাৰ পূৰ্বে পত্নীক হত্যা কৰিছিল লোহিত ঠাকুৰীয়াই । পিছত লোহিতে ভাতৃলৈ এছএমএছৰ জৰিয়তে পত্নী আৰু কন্যাক হত্যা কৰাৰ কথা অৱগত কৰিছিল । তাৰ পিছত লোহিতে অন্তিম সিদ্ধান্ত গ্ৰহণ কৰিছিল বুলি আৰক্ষীয়ে সন্দেহ কৰিছে ।
(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ ।)