মেষ ৰাশি : বিত্তীয় আৰু ব্যৱসায়িক বিষয়ৰ বাবে দিনটো অনুকূল । আৰ্থিক লাভৰ বাহিৰেও দীৰ্ঘম্যাদী বিনিয়োগ কৰিব পাৰে ৷ ভৱিষ্যতৰ বাবে লাভদায়ক হ’ব । দিনটো বন্ধু আৰু প্ৰিয়জনৰ সৈতে কটাব ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে । ধৰ্মৰ প্ৰতি আকৃষ্ট হ’ব ।
বৃষ ৰাশি : মিঠা মাতে সকলোকে মোহিত কৰিব ৷ আজি সক্ৰিয় অনুভৱ কৰিব ৷ কামত মন বহিব আৰু সফল হ’ব ৷ ধনাগমনৰ দিশ শুভ ৷
মিথুন ৰাশি : দিনটো মধ্যমীয়া ৷ ভাবনাৰ সাগৰত ডুব যাব পাৰে ৷ ফলত মনত দুবিধাৰ সৃষ্টি হ’ব ৷ কামত মনোযোগিতাৰ অভাৱ হ’ব ৷ কৰো লগত তৰ্ক নকৰিব, বিশেষকৈ মাতৃ আৰু মহিলা বন্ধুৰ লগত ৷ ভ্ৰমণৰ যোগ, কিন্তু সম্ভৱ হ’লে ভ্ৰমণ এসপ্তাহৰ বাবে বাতিল কৰক ৷ পানীৰ পৰা অলপ সাৱধানে থকাক ৷
কৰ্কট ৰাশি : নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে, এয়া উচিত সময় ৷ আৰম্ভ কৰা কামত সফলতা লাভ কৰিব ৷ ব্যৱসায়ত উন্নতি ৷ পৰিয়াল আৰু বন্ধুৰ লগত সৰু বনভোজ এটালৈ যাব পাৰে ৷ ধনাগমনৰ লগতে সামাজিক স্বীকৃতি লাভ ৷
সিংহ ৰাশি : এটা মিশ্ৰিত দিন ৷ খৰচৰ মাত্ৰা বৃদ্ধি ৷ দাঁতৰ বিষ আৰু চকুৰ অসুখ হ’ব পাৰে ৷ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ৷
কন্যা ৰাশি : দিনটো শুভ ৷ শৰীৰ উন্নত ৷ ধনৰ দিশত শুভ ৷ আনন্দৰে সময় পাৰ কৰিব ৷ গঠনমূলক আৰু সামাজিক কামে আপোনাক আনন্দ প্ৰদান কৰিব ৷ লাভজনক ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ ভাল খবৰ আহিব ৷ বিবাহিতসকলে বৈবাহিক সুখ অনুভৱ কৰিব ৷
তুলা ৰাশি : যদি সম্ভৱ হয়, আজি মানুহৰ লগত যোগাযোগ অলপ কম কৰক ৷ ব্যৱসায়ৰ বাবে বেয়া সময় ৷ সেয়ে কৰ্মক্ষেত্ৰত সহযোগীসকলৰ লগত ভাল ব্যৱহাৰ কৰক ৷ আইনী কামত বিশেষ সাৱধান হওক ৷ অতি ঘনিষ্ঠসকলৰ লগত সম্পৰ্কত বিঘিনি ঘটিব পাৰে ৷ শৰীৰৰ যত্ন লওক ৷ গাড়ী চলাওঁতে সাৱধান হওক ৷ ধ্যান আৰু প্ৰাৰ্থনা কৰক ৷
বৃশ্চিক ৰাশি : দিনটো শুভ ৷ আজিৰ দিনটোৱে বহু সুযোগ আৰু আৰু সুফল কঢ়িয়াই আনিব ৷ বিবাহৰ যোগ ৷ বিবাহিতসকলে পত্নী আৰু সন্তানৰ পৰা সহযোগ লাভ কৰিব ৷ সামাজিক জীৱনত স্থিতি সবল হ’ব ৷
ধনু ৰাশি : দিনটো শুভ ৷ বৈবাহিক জীৱনৰ সুখকৰ ৷ গ্ৰহৰ প্ৰভাৱ ভাল ৷ ঘৰুৱা পৰিৱেশ উন্নত ৷ ধনাগমনৰ বাট মুকলি ৷ দায়িত্ব আৰু কাম বৃদ্ধি ৷ কামৰ বাবে ভ্ৰমণৰ যোগ আছে ৷ পিতৃ আৰু ভাতৃৰ পৰা ধনৰ সহায় পাব ৷
মকৰ ৰাশি : দিনটো মিশ্ৰিত ফলদায়ক ৷ দিনটো লাভজনক হ’ব যদিও আৰম্ভণিত অলপ কম হ’ব ৷ আমদানি-ৰপ্তানিৰ ব্যৱসায়ৰ বাবে শুভ ৷ কলাসন্মত কামত সফলতা লাভ ৷ কামত মনোনিৱেশ কৰাত ব্যৰ্থ হ’ব ৷ অস্থিৰতা অনুভৱ কৰিব ৷ সন্তানৰ বাবে উদ্বিগ্নতা বাঢ়িব ৷ ভ্ৰমণৰ যোগ ৷
কুম্ভ ৰাশি : গণেশৰ পৰামৰ্শ মতে, বে-আইনী আৰু অনৈতিক কামৰ পৰা আঁতৰি থাকক ৷ কথা কওঁতে সাৱধান হওক ৷ পৰিয়ালৰ সদস্যৰ লগত তৰ্ক হ’ব পাৰে ৷ মানসিকভাৱে কষ্ট অনুভব কৰিব ৷ নিজৰ ভুলৰ বাবে আনক দোষাৰোপ নকৰিব ৷
মীন ৰাশি : গতানুগতিক জীৱন ৷ গ্ৰহ আপোনাৰ পক্ষত আছে ৷ আনন্দৰ মুহূৰ্ত উপভোগ কৰিব ৷ পৰিয়ালৰ লগত খোৱা আৰু ফুৰাৰ আনন্দ উপভোগ কৰিব ৷ প্ৰিয়জনৰ সৈতে সম্পৰ্ক ভাল ৷