ETV Bharat / state

জীৱনক লৈ শংকা: তথাপিও এৰা নাই ৫০০ বছৰীয়া পৰম্পৰা - UNIQE BHELAGHAR

বন বিভাগৰ সহযোগত পাহাৰৰ পৰা গঞাই আনিছে বাঁহ । কি কাৰণে গঞাক পহৰা দিবলগীয়া হৈছে জানিবলৈ পঢ়ক....

BHOGALI BIHU 2025
কলিয়াবৰত বাঘৰ ত্ৰাসৰ মাজতেই সাজিছে ভেলাঘৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 11, 2025, 9:31 PM IST

কলিয়াবৰ: পৰম্পৰা ৰক্ষা কৰি অসমীয়াই ভেলাঘৰ সাজি নিশা সমিলমিলেৰে এসাঁজ আনন্দৰে খাবলৈ সাজু হৈছে । পুহ মাহতেই চহা কৃষকে ধান, মাহ-শস্য চপাই নিজৰ ভঁৰাল ভৰোৱাৰ সমান্তৰালভাৱে প্ৰস্তুতি আৰম্ভ কৰে মাঘ বিহুৰ । ভোগালী বিহুৰ পৰম্পৰা ৰক্ষা কৰিবলৈ ৰাজ্য়ৰ বিভিন্ন ঠাইত ইতিমধ্য়ে আৰম্ভ হৈছে মেজি, ভেলাঘৰ সজাৰ কাম ।

ভোগৰ ভোগালী সন্মুখত । ভোগালীত সকলোৱে মিলি হাঁহে-মাহে,মাছে-মঙহে এসাঁজ খাবলৈ পথাৰত গাঁৱৰ বুঢ়া-মেঠা মিলি খেৰ-নৰা-বাঁহেৰে সাজিছে ভেলাঘৰ । ঠাইভেদে ইয়াৰ আৰ্হি পৃথক যদিও চিন্তা আৰু লক্ষ্য একেই । সেই লক্ষ্য আনন্দৰ,মিলাপ্ৰীতিৰ; ভোগৰ দিনত সকলোৱে মিলি এসাঁজ খোৱাৰ । অসমৰ ঠাইভেদে ভোগালী বিহু উদ্‌যাপনৰ বাবে মেজিঘৰ আৰু হেৰালি ঘৰ সজাৰ পৰম্পৰা আজিও অক্ষুণ্ণ আছে ।

কলিয়াবৰত বাঘৰ ত্ৰাসৰ মাজতেই সাজিছে ভেলাঘৰ (ETV Bharat Assam)

সময়ৰ পৰিৱৰ্তনৰ লগে-লগে হেৰালি ঘৰ বা মেজিঘৰৰ বিভিন্ন পৰিৱৰ্তন হৈছে। পৰম্পৰা এতিয়া প্ৰতিযোগিতালৈ পৰিৱৰ্তন হৈছে । কলিয়াবৰৰ সোণাৰী গাঁৱত শেহতীয়াকৈ বাঘৰ সন্ত্ৰাসৰ মাজতে বুঢ়া-মেঠা সকলোৱে মিলি ঐতিহাসিক কৰাগড়ৰ সমীপত অতীতৰ পৰা চলি অহাৰ দৰে হেৰালি ঘৰ সজাৰ কাম আৰম্ভ কৰিছে । ডেকাহঁতে লগত হেৰালি ঘৰ সজাত বিভিন্ন দিহা-পৰামৰ্শৰ লগতে হাতে-কামে লাগি সহায় কৰিছে বয়োজ্যেষ্ঠই ।

বনৰজাৰ ত্ৰাসৰ মাজতেই সাজিছে হেৰালি ঘৰ :

এই সন্দৰ্ভত এগৰাকী স্থানীয় ব্য়ক্তিয়ে কয়,"হেৰালি ঘৰৰ কেইবাটাও নাম হৈছে বিহু ঘৰ,হেৰালি ঘৰ,ঢেৰা ঘৰ আদি । আমি ভেলাঘৰ সাজো । আমাৰ এই অঞ্চলত হেৰালি ঘৰ সজাটো অতি কমেও পাঁচশ বছৰৰ অতিক্ৰম কৰিছে । যদিও এইবেলি ভয়ানক শংকাৰ বাবে বিহুৰ নহ'ব বুলি ভাবিছিলো । ঘৰৰ ভিতৰলৈকে বাঘ আহে । বামলে-পাহাৰলৈ চৰকাৰে যোৱাতো বন্ধ কৰিছে । সোণাৰী গাঁৱৰ একাংশই বন বিভাগৰ সহযোগত পাহাৰৰ পৰা বাঁহ আনিব লগা হৈছে । ঘৰে প্ৰতি দুটাকৈ বাঁহ,পাহাৰৰ কাক বাঁহ বা ৰোৱা আৰু দুটাকৈ খেৰৰ মুঠিৰে এই হেৰালি ঘৰ সজা হৈছে ।"

শীত পোৰা উৎসৱ:

কলিয়াবৰৰ সোণাৰী গাঁও, কামাখ্যা গাঁৱত ভোগালী বিহুৰ দিনা গঞা ৰাইজে খেৰ-নৰা বাঁহৰে সাজি উলিওৱা হেৰালি ঘৰটি ধৰ্মীয় পৰম্পৰাৰে স্থাপন কৰি তিনিদিন ৰখাৰ পাছত মাঘৰ দ্বিতীয় দিনা পোৰা হয় । প্ৰথম দুনিশা হেৰালি ঘৰত নাম-কীৰ্তন কৰা হয় আৰু তৃতীয় দিনা দুপৰীয়া হেৰালি ঘৰ সম্পূৰ্ণ ধৰ্মীয় নীতি-নিয়মেৰে পোৰে । যদি তৃতীয় দিনটো মঙলবাৰ বা শনিবাৰ হয় তেতিয়া চতুৰ্থ দিনাহে পোৰাৰ নিয়ম । যিহেতু মাঘ মাহ আৰম্ভ হোৱাৰে পৰা শীতৰ প্ৰকোপ কমিবলৈ ধৰে সেয়ে, ইয়াক 'শীত পোৰা' উৎসৱ বুলি কয়। কলিয়াবৰৰ সোণাৰী গাঁও আৰু কামাখ্যা গাঁৱত এই পৰম্পৰাৰে ভোগালী বিহু পালন কৰা হয় ।

লগতে পঢ়ক:মহানগৰবাসীয়ে পাহৰিলে নেকি ভোগালীৰ ভোগৰ ৰন্ধন প্ৰকৰণ ? - BHOGALI BIHU 2025

অট্টালিকাত উঠি চোৱাৰ দুৰ্বাৰ হেঁপাহৰ বাবেই সাজি উলিয়ালে আকৰ্ষণীয় ভেলাঘৰ - UNIQE BHELAGHAR

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.