গুৱাহাটী: প্ৰখ্যাত চলচ্চিত্ৰ নির্মাতা-চিত্ৰনাট্যকাৰ ভাস্কৰজ্যোতি দাসৰ বিয়োগ । কৰ্কট ৰোগত আক্ৰান্ত হৈ বৃহস্পতিবাৰে শেষনিশ্বাস ত্যাগ কৰে চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে । মৃত্যুৰ সময়ত দাসৰ বয়স আছিল ৫১ বছৰ । 'হান্দুক', 'সোণাৰ বৰণ পাখি' আৰু 'বকুল ফুলৰ দৰে' আদিকে ধৰি কেইবাখনো পুৰস্কাৰপ্ৰাপ্ত চলচ্চিত্ৰৰ চিত্ৰনাট্য ৰচনা কৰিছিল ভাস্কৰজ্যোতি দাসে ।
‘অন্তৰ্ধান’ নামৰ চলচ্চিত্ৰখনৰ সহকাৰী পৰিচালক আৰু প্ৰযোজক আছিল ভাস্কৰজ্যোতি দাস । ইফালে চলিত বর্ষত অনুষ্ঠিত হোৱা কেৰালা আন্তৰ্জাতিক তথ্যচিত্ৰ আৰু চুটি চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন হৈছিল তেওঁৰ An Unknown Summer নামৰ তথ্যচিত্ৰখন৷ বিশ্বজুৰি সমাদৃত হৈছিল ভাস্কৰজ্যোতি দাস পৰিচালিত An Unknown Summer। ৱান ৱৰ্ল্ড মিডিয়া এৱাৰ্ডছ-২০২৪ৰ বাবে মনোনয়নো লাভ কৰিবলৈ সক্ষম হৈছিল তেওঁৰ এই তথ্যচিত্ৰখনে । 'চুটি ডকুমেণ্টৰী'ৰ শিতানত মনোনয়নৰ তালিকাত আছিল তথ্যচিত্ৰখন ।
আনহাতে, "হোৱেৰ ইজ মাই হোম" ছবিখনো যুটীয়াভাৱে পৰিচালনা কৰিছিল প্ৰয়াত দাসে । এইগৰাকী চলচ্চিত্ৰ নির্মাতাই নিৰ্মাণ কৰিছিল "আই ডোন্ট ৱান্ট বি বৰ্ণ এগেইন ফৰ পোয়েম"ৰ দৰে বহু প্ৰশংসিত তথ্যচিত্ৰ । দ্বিতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, দ্বিতীয় NEFVTAৰ জুৰী আছিল চলচ্চিত্ৰ নিৰ্মাতা ভাস্কৰজ্যোতি দাস । চিকিৎসালয়ত ভৰ্তিৰ পূৰ্বে শীঘ্ৰেই আহিবলগীয়া এখন নতুন ছবিৰ পোষ্ট-প্ৰডাকচনৰ কাম কৰি আছিল দাসে । জন্মস্থান টংলাত শেষকৃত্য সম্পন্ন কৰা হ’ব চলচ্চিত্ৰ নিৰ্মাতাজনৰ ।
লগতে পঢ়ক: অভিনেত্ৰী-কণ্ঠশিল্পী জ্ঞানদা কাকতি গুৰুতৰভাৱে অসুস্থ