ETV Bharat / sports

অখ্যাত গাঁৱৰ ক্ৰীড়া প্ৰতিভাৰ সুবাসেৰে সামৰণি পৰিল ব্ৰহ্মপুত্ৰ ভলীবলৰ - BVL SUPER LEAGUE 2025

সামৰণি পৰিল পঞ্চম ব্ৰহ্মপুত্ৰ ভলীবলৰ চূড়ান্ত লীগৰ । এই ভলীবল লীগৰ পৰায়ে উদ্ভাসিত হ'ল অখ্যাত গাঁৱৰ বহু ক্ৰীড়া প্ৰতিভা ।

BVL Super League 2025
তেজপুৰত সামৰণি পৰিল ব্ৰহ্মপুত্ৰ ভলীবলৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 27, 2025, 7:49 PM IST

তেজপুৰ : ওপজা মাটিৰ পৰশেৰে উজ্জীৱিত ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ পঞ্চম সংস্কৰণৰ চূড়ান্ত খেলৰ সফল সামৰণি পৰিল । জনশূন্য হৈ পৰিল তেজপুৰ পল' ফিল্ড । বিগত চাৰিদিন ধৰি দেশ-বিদেশৰ বিভিন্ন খেলুৱৈ তথা ভলীবল নিয়ন্ত্ৰক সংস্থাৰ বিভিন্ন বিষয়ববীয়াৰ উপস্থিতিৰ লগতে ব্ৰহ্মপুত্ৰ ভলীবলৰ ৩৫ টা দলে চমক লগোৱা খেল প্ৰদৰ্শন কৰে ।

ব্ৰহ্মপুত্ৰ ভলীবল লীগ উপলক্ষে ১৭০ খন গাঁৱৰ প্ৰায় ১০০০ প্ৰশিক্ষককে ধৰি বহুতো খেলুৱৈৰ সমাহাৰ ঘটে তেজপুৰ পল' ফিল্ডত । আনহাতে, চূড়ান্ত খেলত উপস্থিত থাকে ফেডাৰেচন ইণ্টাৰনেচনেল ডি ভলীবলৰ সভাপতি ফেবিঅ' এজেভেড' । ইফালে ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ বাটকটীয়া তথা ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যই এই লীগৰ সফল আয়োজনৰ বাবে গামাঞ্চলৰ সকলো অনুৰাগীক কৃতজ্ঞতা জ্ঞাপন কৰে ।

তেজপুৰত সামৰণি পৰিল ব্ৰহ্মপুত্ৰ ভলীবলৰ (ETV Bharat Assam)

এই ভলীবল লীগৰ চূড়ান্ত খেলৰ আৰম্ভণিৰে পৰা উপস্থিত থাকে অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী ডঃ ভ্লাদিমিৰ গাৰ্বীক । এই লীগ সন্দৰ্ভত তেওঁ কয়, "মই এই শিশু খেলুৱৈৰ অভিভাৱকসকলৰ লগত কথা পাতিছোঁ । তেওঁলোকৰ বাবে ভলীবলৰ ভাল বিদ্যালয়ৰ প্ৰয়োজন আছে । বিজয় লাভ কৰাৰ পিছত তেওঁলোকৰ যি উল্লাস দেখিছোঁ, মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ তেওঁলোকক উৎসাহিত কৰাৰ প্ৰয়োজন । এইটো তেওঁলোকৰ দৰে বহুতো শিশুৰ জীৱন সলনি কৰাৰ এক মহূৰ্ত ।"

BVL Super League 2025
খেলৰ এটা দৃশ্য (ETV Bharat Assam)

তেওঁ লগতে কয়, "বহুতো শিশু গাঁৱৰ পৰা প্ৰথমবাৰৰ বাবে আহিছে । মাত্ৰ এসাঁজ খাদ্যৰে এক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ খেলা খেলি আহিছে । কিন্তু এই ব্ৰহ্মপুত্ৰ ভলীবলৰ দ্বাৰা তেওঁলোকৰ জীৱন-ধাৰণ সলনি হৈছে । ব্ৰহ্মপুত্ৰ ভলীবলে তেওঁলোকৰ জীৱনৰ গতিপথ সলনি কৰিলে । আমি তেওঁলোকক আৰু আগবাঢ়ি যোৱাত সহায় কৰিম, মনোনীত কৰিম ।"

BVL Super League 2025
প্ৰশিক্ষকৰ সৈতে বিজয়ী প্ৰতিযোগী (ETV Bharat Assam)

ব্ৰহ্মপুত্ৰ ভলীবল সন্দৰ্ভত তেওঁ কয়, "ব্ৰহ্মপুত্ৰ ভলীবল কেৱল এটা প্ৰতিযোগিতা নহয়, ই এক সংগ্ৰাম আৰু গণ সংগ্ৰাম । মই মোৰ চকুৰে দেখিবলৈ পাইছোঁ যে তেওঁলোকে এই প্ৰচেষ্টাৰ জৰিয়তে দেশৰ বাবে খেলিবলৈ সুবিধা লাভ কৰিব ।"

BVL Super League 2025
বিজয়ী ট্ৰফী হাতত লৈ প্ৰতিযোগী (ETV Bharat Assam)

তেওঁ পুনৰ কয়, "এই শিশুসকলে ১৫ বছৰলৈ ভলীবলৰ আনন্দ লাভ কৰিব । তাৰ পিছত যেতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা খেল আৰম্ভ কৰিব তাৰ বাবে বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব । সেইসমূহ পাৰ কৰি লক্ষ্যত উপনীত কৰাবলৈ আমি চাব লাগিব ।"

BVL Super League 2025
খেলৰ এটি মুহূৰ্ত (ETV Bharat Assam)

তেওঁ লগতে কয়, "ব্ৰহ্মপুত্ৰ ভলীবলৰ লীগৰ সম্ভাৱনীয়তা যথেষ্ট আছে । ভৱিষ্যতত এই শিশুসকলৰ লগত কাম কৰিবলগীয়া আছে । কষ্ট কৰিব লাগিব, তেতিয়াহে এটা ভাল ফল লাভ কৰিব পাৰিব ।"

BVL Super League 2025
খেলৰ এটি মুহূৰ্ত (ETV Bharat Assam)

আনহাতে, চূড়ান্ত খেলৰ মুহূৰ্তবোৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয় । বিশেষকৈ ১২ বছৰ অনূৰ্ধ্বৰ শিশু খেলুৱৈসকলৰ প্ৰতিভা এক লেখত ল'বলগীয়া দিশ আছিল ।

BVL Super League 2025
খেলৰ এটি মুহূৰ্ত (ETV Bharat Assam)

ইফালে ব্ৰহ্মপুত্ৰ ভলীবলৰ প্ৰতিষ্ঠাপক তথা ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যই কয়, "তেজপুৰত এই লীগৰ আয়োজন কৰাৰ কথা এসময়ত ভাবিবই পৰা নাছিলোঁ । ই মোৰ আৰু আমাৰ সকলো উদ্যোক্তাৰ বাবে এটা ডাঙৰ অভিজ্ঞতা । নিশা ১২ বজালৈ ভোজনালয়ত খাদ্য বিতৰণ, কণ কণ শিশু খেলুৱৈৰ স্বাস্থ্যৰ যতন, সকলো কাম তেজপুৰৰ লোকে কৰি দেখুৱালে । আমি এই খেলৰ পৰা বহুতো খেলুৱৈৰ চিনাক্তকৰণ কৰিলোঁ । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈসকলেও নিৰ্বাচিত কৰিলে ।"

BVL Super League 2025
খেলৰ এটি মুহূৰ্ত (ETV Bharat Assam)

উল্লেখ্য যে এই ভলীবল লীগত বিজয়ী খেলুৱৈসকলক কেৱল এটা ট্ৰফীৰেই সম্বৰ্ধনা জনোৱা নহয় । তেওঁলোকৰ খেলৰ বাবে প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰা হয় । সকলো অংশগ্ৰহণকাৰী দলকে এই সামগ্ৰীসমূহ প্ৰদান কৰা হয় ।

চাৰিদিনৰ এই লীগত মুঠ ৩৫ টা দলৰ ৪০০ লোকৰ অংশগ্ৰহণেৰে ৭২ খন মেচ অনুষ্ঠিত হয় । ১২ বছৰ অনূৰ্ধ্বৰ ল'ৰা-ছোৱালী আৰু ১৬ বছৰ অনূৰ্ধ্বৰ গাঁৱৰ ল'ৰা-ছোৱালীয়ে ইয়াত অংশগ্ৰহণ কৰে । লগতে ১৭০ খন গাঁৱৰ ভলীবলৰ প্ৰশিক্ষকসকলো উপস্থিত থাকে ।

লগতে পঢ়ক :শিশুৰ হাতত মোবাইল নহয়, স্থান পাইছে ভলীবলে - BRAHMAPUTRA VOLLEYBALL LEAGUE
লগতে পঢ়ক :পঞ্চম ব্ৰহ্মপুত্ৰ ভলীবল লীগ; আন্তঃৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ-শীৰ্ষ বিষয়াৰ উপস্থিতিৰে উদুলি-মুদুলি তেজপুৰ - BRAHMAPUTRA VOLLEYBALL LEAGUE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.