ETV Bharat / politics

প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ দেহাৱসান - DR MANMOHAN SINGH

ভাৰতবৰ্ষৰ বৰ্ষীয়ান ৰাজনীতিবিদ ড৹ মনমোহন সিঙে বৃহস্পতিবাৰ নিশা শেষনিশ্বাস ত্যাগ কৰে ।

FORMER PRIME MINISTER DR MANMOHAN SINGH PASSES AWAY
দেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ড৹ মনমোহন সিঙৰ দেহাৱসান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 14 hours ago

নতুন দিল্লী: ভাৰতবৰ্ষৰ বৰ্ষীয়ান ৰাজনীতিবিদ ড৹ মনমোহন সিঙে বৃহস্পতিবাৰ নিশা শেষনিশ্বাস ত্যাগ কৰে । ৯২ বছৰ বয়সত নতুন দিল্লীৰ এইমছত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

ড৹ সিঙৰ বিয়োগত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ দেশ । ১৯৩৬ চনৰ ২৬ ছেপ্টেম্বৰত বৰ্তমানৰ পাকিস্তানৰ অন্তৰ্ভুক্ত পাঞ্জাৱ প্ৰদেশত জন্মগ্ৰহণ কৰিছিল এইগৰাকী বৰেণ্য ৰাজনীতিবিদে । ৰাজনীতিবিদতকৈ এগৰাকী অৰ্থনীতিবিদ হিচাপেহে বিশ্বজুৰি অধিক সমাদৃত আছিল ড৹ সিং ।

১৯৮২ৰ পৰা ১৯৮৫ চনলৈকে তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । পৃথিৱী বিখ্যাত অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা ড৹ সিং ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল অসমৰ সাংসদ হিচাপে ।

Former Prime minister Dr Manmohan Singh passes away
দেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ড৹ মনমোহন সিঙৰ দেহাৱসান (ETV Bharat Assam)

পৰৱৰ্তী সময়ত প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ কাৰ্যকালত ড৹ সিং দেশৰ বিত্তমন্ত্ৰীৰ আসনতো অধিষ্ঠিত হৈছিল । পৰৱৰ্তী সময়ত তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হয় আৰু দুটাকৈ কাৰ্যকাল প্ৰধানমন্ত্ৰীৰ দায়িত্ব সুকলমে পালন কৰে ৷ '৭০-'৮০ দশকত তেওঁ আছিল ভাৰত চৰকাৰৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা ।

এইগৰাকী বৰেণ্য অৰ্থনীতিবিদ তথা ৰাজনীতিকে ১৯৬৬ চনৰ পৰা ১৯৬৯ চনলৈকে ৰাষ্ট্ৰসংঘতো গুৰুত্বপূৰ্ণ দায়িত্বত কাৰ্যনিৰ্বাহ কৰিছিল । বিগত দীৰ্ঘসময় ধৰি শ্বাস-প্ৰশ্বাসজনিত ৰোগত ভুগি থকা ড৹ সিঙক বৃহস্পতিবাৰে ততাতৈয়াকৈ নতুন দিল্লীৰ এইমছৰ জৰুৰীকালীন বিভাগত ভৰ্তি কৰোৱা হয় যদিও নিশা তেখেতে শেষনিশ্বাস ত্যাগ কৰা বুলি নিশ্চিত কৰে হাস্পতাল কৰ্তৃপক্ষই ।

লগতে পঢ়ক: প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙক এইমছত ভৰ্তি - DR MANMOHAN SINGH

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.