গুৱাহাটী: উত্তৰ-পূব ভাৰতৰ প্ৰৱেশদ্বাৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ বালিচৰত দেশী-বিদেশী পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে আয়োজন কৰা হৈছে ব্ৰহ্মপুত্ৰ কাৰ্নিভেল । গুৱাহাটীৰ ব্ৰক্ষ্মপুত্ৰৰ লচিত ঘাটত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত ব্ৰহ্মপুত্ৰ কাৰ্নিভেলৰ মাজেৰে দৰ্শনীয় প্ৰদৰ্শন অসম পৰ্যটন নিগমে আয়োজন কৰিছে । যোৱা ১৫ ডিচেম্বৰ পৰা আৰম্ভ হোৱা এই ব্ৰহ্মপুত্ৰ কাৰ্নিভেলত মানুহৰ মিশ্ৰিত সমাগম হৈছে ।
অহা মাৰ্চলৈ মহানগৰীৰ লাচিত ঘাটত ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক পৰিৱেশত চলিবলগীয়া এই মহোৎসৱ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু জয়ন্ত মল্লবৰুৱাই আনুষ্ঠানিকভাৱে যোৱা ১৫ ডিচেম্বৰত পৰ্যটকৰ বাবে মুকলি কৰিছিল । উল্লেখ্য যে দুবছৰ আগতে পাইলত প্ৰজেক্ট হিচাপে ব্ৰহ্মপুত্ৰ কাৰ্নিভেলৰ আয়োজন কৰা হৈছিল । এইবাৰ দ্বিতীয়বাৰৰ বাবে এই মহোৎসৱৰ আয়োজন কৰা হৈছে । ৯০ দিনীয়া আড়ম্বৰপূৰ্ণ কাৰ্যসূচীৰে চলি থকা এই মহোৎসৱত নৈসৰ্গিক পৰিৱেশৰ মাজত প্ৰযুক্তিগত চিন্তাৰে উত্তৰ-পূৰ্বাঞ্চলবাসী তথা দেশী-বিদেশী পৰ্যটকক আমোদ দিয়াৰ ব্যৱস্থা কৰা হৈছে ।
এই মহোৎসৱত থকা ৩০ খন খাদ্যৰ বিপণিত পৰম্পৰাগত খাদ্য সম্ভাৰৰ সোৱাদ লোৱাৰ লগতে বিভিন্ন খেল-ধেমালিৰ অনন্য অভিজ্ঞতা লাভ কৰাৰ ব্যৱস্থা কৰা হৈছে । তদুপৰি যিসকল দেশী-বিদেশী পৰ্যটকে ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰি নিশা কটাব বিচাৰে তেওঁলোকৰ বাবে ব্ৰহ্মপুত্ৰৰ বালিচৰত অত্যাধুনিক কক্ষৰ ব্যৱস্থা কৰা হৈছে ।
নিশা শিল্পীসকলৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হৈছে । মহোৎসৱত প্ৰৱেশ পত্ৰ এজনৰ ৩০ টকা নিৰ্ধাৰণ কৰা হৈছে । বিভিন্ন জল ক্ৰীড়াৰ ব্যৱস্থা কৰা হৈছে । দিনত ৰিভাৰ ক্ৰুজৰ বাবে এজনৰ ৬০০ টকা নিৰ্ধাৰণ কৰা হৈছে । দিনত ৰিভাৰ ক্ৰুজ পুৱা ১০ বজাৰ পৰা বিয়লি ৩.৩০ বজালৈ সময় নিৰ্ধাৰণ কৰা হৈছে । আনহাতে নৈশ ৰিভাৰ ক্ৰুজৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ বাবে এজন লোকৰ বাবে ২০০০ টকা নিৰ্ধাৰণ কৰা হৈছে । লগতে শিশুৰ বাবে বিভিন্ন দুঃসাহসিক খেল-ধেমালিৰো ব্যৱস্থা কৰা হৈছে ।