ETV Bharat / bharat

প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙক এইমছত ভৰ্তি - DR MANMOHAN SINGH

বৰ্ষীয়ান ৰাজনীতিকগৰাকীৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি দেখাৰ লগে লগেই এইমছৰ জৰুৰীকালীন বিভাগত ভৰ্তি কৰোৱা হয় ৷

Dr Manmohan Singh
প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙক এইমছত ভৰ্তি (ETV Bharat)
author img

By PTI

Published : 14 hours ago

নতুন দিল্লী: গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিং ৷ বৃহস্পতিবাৰে সন্ধিয়া হঠাতে অসুস্থ হৈ পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক ততাতৈয়াকৈ নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ)ত ভৰ্তি কৰোৱা হয় ৷ 92 বছৰীয়া বৰ্ষীয়ান ৰাজনীতিকগৰাকীৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি দেখাৰ লগে লগেই এইমছৰ জৰুৰীকালীন বিভাগত ভৰ্তি কৰোৱা হয় তেওঁক ৷ সম্প্ৰতি বিশেষজ্ঞ চিকিৎসকৰ দলে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক সুস্থ কৰি তুলিবলৈ চিকিৎসা অব্যাহত ৰাখিছে যদিও তেওঁৰ স্বাস্থ্য সন্দৰ্ভত কোনো তথ্য অদ্যাপি হাস্পতালৰ ফালৰ পৰা প্ৰকাশ কৰা নাই ৷ ইতিমধ্যে এইমছলৈ ৰাওনা হৈছে মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, ছলমান খুৰছিদকে ধৰি কংগ্ৰেছৰ শীৰ্ষ নেতাসকল ৷

অধিক তথ্যৰ অপেক্ষাত...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.