thumbnail

By

Published : Oct 20, 2021, 5:49 PM IST

ETV Bharat / Videos

তেজপুৰত বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী

"বাংলাদেশত যদি এজন হিন্দু লোক হত্যা কৰে, তেন্তে আমি অসমত ৫ জন বাংলাদেশী মুছলমান হত্যা কৰিম । হিন্দু লোকৰ ওপৰত অত্যাচাৰ সহ্য কৰা নহ'ব ।" তেজপুৰত প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ এই মন্তব্য কৰে বিশ্ব হিন্দু পৰিষদৰ সাংগঠনিক সম্পাদক বিৰাজ বৰফুকনে । বাংলাদেশত হিন্দু লোকসকলৰ ওপৰত চলা অত্যাচাৰৰ প্ৰতিবাদত তেজপুৰত ৰাজপথলৈ ওলাই আহিল বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদৰ সদস্যসকল । বুধবাৰে বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদে প্ৰতিবাদী সমদল উলিওৱাৰ লগতে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে । তেজপুৰৰ বৰগোলা চাৰিআলিৰ পৰা আদালত চাৰিআলিলৈ প্ৰতিবাদী সমদল বাহিৰ কৰে বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদে । প্ৰতিবাদকাৰীসকলে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাচিনাৰ প্ৰতিকৃতিও দাহ কৰে । এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি বিশ্ব হিন্দু পৰিষদৰ সাংগঠনিক সম্পাদক বিৰাজ বৰফুকনে কয় যে, যদি বাংলাদেশত হিন্দু লোকৰ ওপৰত পুনৰ আক্ৰমণ চলে, তেন্তে অসমতো আক্ৰমণৰ বলি হ'ব বাংলাদেশী মুছলমান । বাংলাদেশত হিন্দু লোকৰ ওপৰত চলা আক্ৰমণ অসমত থকা বাংলাদেশী মুছলমানে সমৰ্থন কৰিছে বুলিও তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে । প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে তেওঁ বাংলাদেশৰ প্ৰধানমন্ত্ৰীক সকীয়াই দিয়ে যে, স্বাধীনতা সংগ্ৰামত যেনেদৰে বাংলাদেশক ভাৰতে সহায় কৰিছিল, ঠিক তেনেদৰে প্ৰয়োজন হ'লে বাংলাদেশক ভাৰতৰ লগত চামিল কৰিব । সেয়ে, বাংলাদেশত হিন্দু লোকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ সংগঠনটোৱে দাবী জনায় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.