ETV Bharat / state

সোণাৰুৱে সোণগুৰি ছটিয়াব... কাঞ্চন-কৃষ্ণচূড়াই পাতিব ৰঙৰ মেলা - SONARU KANCHAN KRISHNACHURA

প্ৰকৃতি প্ৰেমৰ বিৰল নিদৰ্শনেৰে আৰম্ভ সোণাৰু-কাঞ্চন-কৃষ্ণচূড়া মহোৎসৱ । বিশিষ্ট শিল্পী, সুৰকাৰ, গীতিকাৰ ইবচন লাল বৰুৱালৈ এইবৰ্ষৰ 'চিৰসেউজ বঁটা' ।

Sonaru-Kanchan-Krishnachura Festival begins with the pattern of love for nature
সোণাৰু-কাঞ্চন-কৃষ্ণচূড়া মহোৎসৱ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 18, 2025, 5:43 PM IST

ডিব্ৰুগড়: ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰকৃতিৰ ধ্বংসযজ্ঞ চলি থকা সময়ত চৰাইদেউ জিলাখনক সোণাৰু, কাঞ্চন আৰু কৃষ্ণচুড়াৰ ৰঙেৰে সেউজীয়া কৰাৰ লক্ষ্যৰে কাম কৰি আহিছে এজন প্ৰকৃতিপ্ৰেমী অনুপ পাটকাইয়ে ।

চৰাইদেউ জিলাৰ বিভিন্ন স্থানত পথ-উপপথৰ দাঁতিত বৰ্তমানলৈকে দুই লক্ষাধিক সোণাৰু, কাঞ্চন আৰু কৃষ্ণচূড়াৰ পুলি ৰোপণ কৰি একপ্ৰকাৰৰ অভিলেখ গঢ়াৰ লগতে জনসচেতনতা সৃষ্টি কৰা জিলাখনৰ প্ৰকৃতিপ্ৰেমী অনুষ্ঠান 'সোণাৰু-কাঞ্চন-কৃষ্ণচূড়া'ই অতিক্ৰম কৰিলে পাঁচটা বছৰ ৷ প্ৰকৃতিপ্ৰেমী অনুপ পাটকাইৰ প্ৰচেষ্টাত, জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাং, মাধৱ ৰঞ্জন, কুসুম কৈলাস, নীল আকাশকে ধৰি শিল্পী সমাজৰ সহযোগত বৰ্তমান এক বৃহৎ অনুষ্ঠানলৈ পৰিণত হোৱা "সোণাৰু-কাঞ্চন-কৃষ্ণচূড়া" ৰ পঞ্চম বৰ্ষপুতি অনুষ্ঠান আৰম্ভ হৈছে শনিবাৰৰ পৰা ।

সোণাৰু-কাঞ্চন-কৃষ্ণচূড়া মহোৎসৱ (ETV Bharat Assam)

চৰাইদেউৰ দিচাংপানীত পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে "সোণাৰু-কাঞ্চন-কৃষ্ণচূড়া"ৰ পঞ্চম বৰ্ষপুতি । পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা প্ৰথম দিনাৰ কার্যসূচীসমূহ উচৰ্গা কৰা হৈছে সদ্যপ্ৰয়াত শিল্পী ৰাজীৱ শদিয়াৰ নামত । এই মহোৎসৱত বৃক্ষৰোপণৰ সজাগতাৰ লক্ষ্যৰে কেইবাটাও বৃহৎ কাৰ্যসূচীৰ লগতে সদৌ অসম ভিত্তিত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ৷

অনুষ্ঠানৰ লগত সংগতি ৰাখি 'সোণাৰু-কাঞ্চন-কৃষ্ণচূড়া'ৰ চিৰসেউজ বঁটা এইবাৰ বিশিষ্ট শিল্পী, সুৰকাৰ-গীতিকাৰ ইবচন লাল বৰুৱাক প্ৰদান কৰা হ'ব । অসমৰ প্ৰায় অৰ্ধ- শতাধিক জনপ্ৰিয় কণ্ঠশিল্পীয়ে অংশগ্ৰহণ কৰিবলগা এই অনুষ্ঠানত অন্তিম দিনাৰ সাংস্কৃতিক অনুষ্ঠানত বলিউডৰ কন্ঠশিল্পী বিনোদ ৰাথোৰ আৰু চান্দনী মূখাৰ্জীয়ে গীত পৰিৱেশন কৰিব ।

চৰাইদেউক সোণাৰু, কাঞ্চন, কৃষ্ণচূড়াৰ ৰঙেৰে ৰঙীণ কৰাৰ প্ৰয়াস:

চৰাইদেউ বুলি ক'লে সকলোৰে মনলৈ আহে ঐতিহাসিক স্থানসমূহৰ কথা । চৰাইদেউ জিলাখনত থকা বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামকে ধৰি বহু ঐতিহাসিক স্থান পৰিদৰ্শন কৰিবলৈ আহে দেশী-বিদেশী পৰ্যটক । সেয়ে ঐতিহাসিক চৰাইদেউ জিলাখনক সোণাৰু, কাঞ্চন, কৃষ্ণচূড়া ফুলৰ ৰঙেৰে ৰঙীণ কৰা প্ৰয়াস কৰি আহিছে প্ৰকৃতিপ্ৰেমী অনুপ পাটকাইয়ে ।

ইতিমধ্যে চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত সোণাৰু-কৃষ্ণচূড়া- কাঞ্চন গছৰ পুলি ৰোপণ কৰি চৰাইদেউ জিলাখনক চিৰসেউজ কৰি তুলিবলৈ সক্ষম হৈছে । প্ৰকৃতি সুৰক্ষাৰ লক্ষ্যৰে চৰাইদেউ জিলাত বৰ্তমানলৈকে দুই লক্ষাধিকৰো অধিক বৃক্ষৰোপণ কৰা সোণাৰু-কাঞ্চন-কৃষ্ণচূড়া অভিযানে সম্পূৰ্ণ কৰিলে পাঁচটা বছৰ । এতিয়া চৰাইদেউ জিলাখন সোণাৰু, কাঞ্চন, কৃষ্ণচূড়া ফুলৰ ৰঙেৰে ৰঙীণ হৈ উঠিছে ।

২০১৯ চনৰ পৰা প্ৰকৃতিপ্ৰেমী অনুপ পাটকাইয়ে প্ৰথম নিজা প্ৰচেষ্টাত এই বৃক্ষৰোপণ কাৰ্যসূচী কৰি গৈছিল যদিও পৰৰ্ৱতী সময়ত জিলাখনৰ শিল্পী সমাজ, একাংশ সংবাদকৰ্মী, সমাজকৰ্মীয়ে প্ৰকৃতিপ্ৰেমীগৰাকীক সহযোগিতা কৰিবলৈ আগবাঢ়ি আহে ।

ভাৰতবৰ্ষৰ ভিতৰত চৰাইদেউ জিলাক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস:

ঐতিহাসিক চৰাইদেউৰ দিচাংপানীত পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা "সোণাৰু কাঞ্চন কৃষ্ণচূড়া"ৰ পঞ্চম বৰ্ষপূৰ্তিৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ পাছতে প্ৰকৃতিপ্ৰেমী অনুপ পাটকাইয়ে কয়, "এই অনুষ্ঠান অনু্ষ্ঠিত কৰি ভাল লাগিছে । কাৰণ ইয়াত বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা-ধৰ্মৰ লোকৰ সমাৱেশ ঘটিছে । প্ৰকৃতি সুৰক্ষিত কৰি চৰাইদেউখনক সোণাৰু-কাঞ্চন-কৃষ্ণচূড়াৰ ৰঙেৰে ৰঙীণ কৰাৰ বাবে ৰাজনৈতিক, অৰাজনৈতিক সকলো দল-সংগঠনে সহযোগিতা কৰিছে । চৰাইদেউ জিলাখনক পৰ্যটনৰ কেন্দ্ৰবিন্দু কৰাৰ বাবে আমি এই প্ৰচেষ্টা চলাই আহিছো । ৰাইজে সহযোগিতা কৰিছে । এইদৰে আগবাঢ়িব পাৰিলে ভাৰতবৰ্ষৰ ভিতৰত চৰাইদেউ জিলাক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব পাৰিম ।"

প্ৰকৃতি ৰক্ষাৰ বাবে সেউজ যাত্ৰা:

সোণাৰু-কাঞ্চন-কৃষ্ণচূড়াৰ পঞ্চম বৰ্ষপুতিত উপস্থিত থাকি জনপ্ৰিয় কন্ঠশিল্পী কুসুম কৈলাসে কয়, "প্ৰাকৃতিক পৰিৱেশ আৰু গছ-গছনিক বচোৱাৰ লক্ষ্যৰে আমি এক সেউজ যাত্ৰা আৰম্ভ কৰিছোঁ । ৰাইজে এইক্ষেত্ৰত সহযোগিতা কৰিব ।"

লগতে পঢ়ক: চৰাইদেউক আকৰ্ষণীয় পৰ্যটনস্থলী কৰাৰ লক্ষ্যৰে প্ৰকৃতিপ্ৰেমীৰ নিৰলস প্ৰচেষ্টা - Nature lover of Charaideo - NATURE LOVER OF CHARAIDEO

সোণাৰু-কাঞ্চন-কৃষ্ণচূড়াৰ চতুৰ্থ বৰ্ষপুতি - Plantation program in Sonari

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.