ETV Bharat / sports

১৯ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপ খেলৰ লাইভ ষ্ট্ৰীমিং কেতিয়া আৰু ক'ত চাব ? - ICC U19 WOMEN T20 WORLD CUP 2025

১৮ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীলৈ মালয়েছিয়াত অনুষ্ঠিত হ’বলগীয়া ১৯ বছৰ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপ ২০২৫ৰ বাবে ১৬টা দল সমুখ সমৰত নামিব ।

ICC U19 WOMEN T20 WORLD CUP 2025
১৯ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপ খেলৰ লাইভ ষ্ট্ৰীমিং কেতিয়া আৰু ক'ত চাব ? (Getty)
author img

By ETV Bharat Assamese Team

Published : Jan 18, 2025, 9:42 PM IST

নতুন দিল্লী: শনিবাৰৰ পৰা আৰম্ভ হৈছে আই চি চিৰ ১৯ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপ ২০২৫ । ডিফেণ্ডিং চেম্পিয়ন ভাৰতক মালয়েছিয়া, শ্ৰীলংকা আৰু ৱেষ্ট ইণ্ডিজৰ লগতে গ্ৰুপ এত স্থান দিয়া হৈছে । নিকি প্ৰসাদৰ নেতৃত্বত ভাৰতে অহা ১৯ জানুৱাৰী দেওবাৰে কুৱালালামপুৰৰ বায়ুমাছ অভালত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব ।

ইংলেণ্ড, আয়াৰলেণ্ড, পাকিস্তান আৰু আমেৰিকাই গ্ৰুপ বিত থাকে । গ্ৰুপ চিত আছে নিউজীলেণ্ড, নাইজেৰিয়া, চামোয়া আৰু দক্ষিণ আফ্ৰিকা । গ্ৰুপ ডিত অষ্ট্ৰেলিয়া, বাংলাদেশ, নেপাল আৰু স্কটলেণ্ড আছে । ২৩ জানুৱাৰীলৈকে গ্ৰুপ পৰ্যায়ৰ মেচ অনুষ্ঠিত হ’ব, তাৰ পিছত ২৫ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ছুপাৰ ছিক্স ।

দুয়োখন ছেমি ফাইনেল ৩১ জানুৱাৰীত অনুষ্ঠিত হ’ব ৷ বায়’মাছ অ’ভেলত ২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ফাইনেল খেলখন । দক্ষিণ আফ্ৰিকাত ২০২৩ চনৰ সংস্কৰণত ইংলেণ্ডক পৰাস্ত কৰি শ্বেফালী বাৰ্মাৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে ডিফেণ্ডিং চেম্পিয়ন হিচাপে পৰিগণিত হয় ।

U19 মহিলা T20 বিশ্বকাপ 2025 ৰ লাইভ ষ্ট্ৰীমিং আৰু লাইভ টেলিকাষ্টৰ সৈতে জড়িত সকলো গুৰুত্বপূৰ্ণ তথ্য :

  • U19 মহিলা T20 বিশ্বকাপ 2025ৰ লাইভ কেতিয়া আৰু ক’ত চাব ?

১৯ বছৰ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপ ২০২৫ৰ খেলসমূহ পুৱা ৮:০০ বজাত আৰু নিশা ১২:০০ বজাত আৰম্ভ হ’ব ।

  • ১৯ বছৰ অনুৰ্ধ মহিলাৰ টি-২০ বিশ্বকাপ ২০২৫ লাইভ ক’ত চাব ?

ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কৰ ওচৰত আছে ১৯ বছৰ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপ ২০২৫ৰ সম্প্ৰচাৰৰ অধিকাৰ । এই মেচসমূহ ষ্টাৰ স্প’ৰ্টছ ২ (এইচডি+এছডি) আৰু ষ্টাৰ স্প’ৰ্টছ ১ হিন্দী (এইচডি+এছডি)ত টেলিকাষ্ট কৰা হ’ব ।

যদি ভাৰতে যোগ্যতা অৰ্জন কৰে তেন্তে ষ্টাৰ স্প’ৰ্টছ ১ হিন্দী (HD+SD) য়ে কেৱল ছেমি ফাইনেল আৰু ফাইনেলহে সম্প্ৰচাৰ কৰিব ।

১৯ বছৰ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপ ২০২৫ৰ ভাৰতীয় দল

নিকি প্ৰসাদ (অধিনায়ক), শনিকা চলকে, জি তৃষা, কমলিনী জি, ভৱিকা আহিৰে, ঈশ্বৰী অৱসাৰে, মিথিলা বিনোদ, যোশিতা ভি জে, সোণম যাদৱ, পাৰুণিকা ছিচ’দিয়া, কেছাৰী দৃতি, আয়ুষী শুক্লা, আনন্দিতা কিশোৰ, এম ডি শবনম, বৈষ্ণৱী এছ ৷

ये भी पढे़ं :-

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.