গুৱাহাটী: ভাৰতীয় সংস্কৃতিত গাইক মাতৃৰূপে গণ্য কৰা হয় । গাইৰ পৰাই মানুহে লাভ কৰে আয়ুৰ্বেদ স্বীকৃত দৰৱ পঞ্চগব্য । পঞ্চগব্য হৈছে গাইৰ গাখীৰ, দৈ, ঘি, মূত্ৰ আৰু গোবৰৰ পৰা প্ৰস্তুত কৰা এক প্ৰকাৰৰ মহষৌধ । পঞ্চগব্যৰ জৰিয়তে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় বুলি আয়ুৰ্বেদত কোৱা হৈছে । কৃষিকাৰ্যত সাৰ আৰু কীটনাশক হিচাপেও ব্যৱহাৰ হয় পঞ্চগব্য ।
আয়ুৰ্বেদ বৰ্ণিত পঞ্চগব্য মাহাত্ম্যৰে পৰিচালিত হৈ অসমত এদল উদ্যমীয়ে একে নামেৰে এটা সংস্থা খুলি গোবৰৰ পৰা প্ৰস্তুত কৰিছে বিবিধ সামগ্ৰী । তেওঁলোকে গোবৰৰ পৰা প্ৰস্তুত কৰিছে কাগজ, ৰং, চেণ্ডেল, ফেনাইল, নাম ফলক আদি বিভিন্ন সামগ্ৰী । গোবৰেৰে তৈয়াৰী এই সামগ্ৰীবোৰ অনলাইন পদ্ধতিৰে বিক্ৰীৰ ব্যৱস্থা কৰিছে যোৰহাটৰ পঞ্চগব্য কেন্দ্ৰই । তেওঁলোকৰ সামগ্ৰীয়ে গ্ৰাহকৰ পৰা ইতিমধ্যে যথেষ্ট সহাঁৰি লাভ কৰিছে । এই সামগ্ৰীবোৰ প্ৰস্তুত কৰিবলৈ গোশালা, গোহালি আৰু বিভিন্ন ঠাইৰ পৰা গোবৰ সংগ্ৰহ কৰা হয় ।
অসমীয়া সংস্কৃতিত গোবৰৰ গুৰুত্ব আছে যদিও আধুনিকতাৰ পয়োভৰ আৰু প্ৰযুক্তি প্ৰয়োগ হোৱাৰ ফলত অসমীয়া সমাজ জীৱনত গোবৰ আজিকালি এলাগী হৈছে । গোবৰেই নহয় গৰু (গাই, বলধ)ও অসমীয়া সমাজ জীৱনৰ পৰা ক্ৰমাৎ আতঁৰি গৈছে । গাখীৰৰ প্ৰয়োজন পূৰণৰ বাবে বহু অসমীয়া লোকে গাই পোহে যদিও বলধৰ প্ৰয়োজন তেওঁলোকৰ বাবে প্ৰায় নোহোৱা হৈছে । কৃষি পদ্ধতিত যন্ত্ৰৰ প্ৰয়োগ হোৱাৰ ফলত অসমীয়া চহা জীৱনৰ হালখন, গৰুগাড়ীখনৰ প্ৰয়োজন যেন নোহোৱা হৈছে । ইয়াৰ বাবে অস্তিত্বৰ সংকটত পৰিছে বলধ গৰু । পঞ্চগব্য কেন্দ্ৰই গৰুৰ গোবৰৰ পৰা সামগ্ৰী প্ৰস্তুত কৰাই নহয় আমাৰ সমাজ জীৱনত গাইৰ সমানে বলধ, দমৰাৰ প্ৰয়োজন সন্দৰ্ভতো সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে ।
এই সন্দৰ্ভত যোৰহাটৰ পঞ্চগব্য কেন্দ্ৰৰ মুখ্য ট্ৰাষ্টী হনুমান বাহেটীয়ে কয়, "যোৰহাটৰ কাজিৰঙা বিশ্ববিদ্যালয়ৰ সমীপত ২০২২ ত আৰম্ভ হৈছিল এই উদ্যোগ । অসমত এই উদ্যোগৰ লগত ৫০ গৰাকী লোক জড়িত হৈ আছে । সৰ্বভাৰতীয় পৰ্যায়ত বিভিন্ন স্থানত বেলেগ বেলেগ নামেৰে কেইবাটাও ইউনিট আছে । প্ৰায় এহেজাৰ উদ্যমী জড়িত হৈ আছে এই উদ্যোগৰ লগত । গোবৰৰ পৰা শীত-তাপ নিয়ন্ত্ৰিত প্ৰাকৃতিক ৰং, ইটা, ধূপ, চাকি, কাগজ, কাপোৰ, ফেনাইল, ছেণ্ডেল আদিকে ধৰি বিভিন্ন সামগ্ৰী তৈয়াৰ কৰা হয় । যোৰহাটৰ পঞ্চগব্য কেন্দ্ৰত প্ৰাকৃতিক ৰং, ফেনাইল আৰু পঞ্চমৃত তৈয়াৰ কৰা হয় ।"
এই সন্দৰ্ভত হনুমান বাহেটীয়ে আৰু কয়, "আমাৰ মূল উদ্দেশ্য হৈছে আপদক সম্পদলৈ ৰূপান্তৰ কৰি গো-বংশ ৰক্ষা কৰা । বৈদিক আৰু বিজ্ঞানৰ সংযোগে হৈছে গোবৰ । হিন্দু ধৰ্মত গৰুৰ লগত সম্পৰ্ক আছে । কৃষিকৰ্মত যন্ত্ৰাংশৰ ব্যৱহাৰৰ লগে লগে বলধ গৰুবোৰ এলাগী হৈ পৰিছে । কৃষকসকলৰ মতা গৰুবোৰৰ পৰা যাতে এটা উপাৰ্জন হয় তাৰ প্ৰতি লক্ষ্য ৰাখি কৃষকৰ লগতে গোশালাৰ পৰা গোবৰ সংগ্ৰহ কৰি গোবৰৰ পৰা সামগ্ৰী বনোৱা হয় ।"
তেওঁ লগতে কয়, "গোবৰৰ পৰা উৎপাদন কৰা সামগ্ৰীবোৰ স্বাস্থ্যৰ বাবে উপকাৰী । এই সামগ্ৰীবোৰৰ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বজাৰত চাহিদা অত্যধিক । সামগ্ৰীবোৰ অনলাইনত বিক্ৰী কৰাৰ লগতে অৰ্ডাৰ অনুযায়ী বনাই দিয়া হয় ।"
ইফালে পঞ্চগব্য কেন্দ্ৰৰ অভিযন্তা অংকুৰ বেজবৰুৱাই কয়, "গোবৰৰ লগত প্ৰাকৃতিক উপাদান মিহলাই প্ৰাকৃতিক ৰং উৎপাদন কৰা হয় । তদুপৰি ফ্লৰ ক্লিনাৰত গো-মূত্ৰৰ সৈতে জৈৱিক উপাদান সুগন্ধি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয় । এই ফেনাইলৰ গুণ আছে । এই ফেনাইলেৰে ঘৰ চাফা কৰিলে পৰুৱা-মাখি আদিৰ পৰা হাত সাৰিব পাৰি ।"