ETV Bharat / technology

আপুনিও নিয়োগ প্ৰত্যাশী নেকি; AI ৰ সহায়ত বাচনি কৰক নিজৰ পছন্দৰ চাকৰিটো - LINKEDIN AI JOB MATCH FEATURE

লিংকডইনত চাকৰি বিচাৰিবলৈ নতুনকৈ প্ৰৱৰ্তন কৰা হৈছে এআই ফিচাৰ । আহক আমি আপোনাক কওঁ যে ই আপোনাক কেনেকৈ সহজে নতুন চাকৰি বিচাৰি উলিওৱাত সহায় কৰিব---

linkedin-ai-job-match-features-details-know-how-to-find-jobs-easily-details-in-assamese
আপুনিও নিয়োগ প্ৰত্যাশী নেকি; AI ৰ সহায়ত বাচনি কৰক নিজৰ পছন্দৰ চাকৰিটো (Linkedin)
author img

By ETV Bharat Tech Team

Published : Jan 18, 2025, 5:14 PM IST

হায়দৰাবাদ: ভাৰতৰ লগতে পৃথিৱীৰ আন বহু দেশত নিবনুৱা সমস্যা এক জলন্ত সমস্যা হিচাপে দেখা দিছে । ইয়াৰ এটা প্ৰধান কাৰণ হ’ল নিযুক্তিৰ অসুবিধা । ভাৰতৰ বহু নিবনুৱা অথবা চাকৰি প্ৰাৰ্থীয়ে চাকৰি বিচাৰিবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে যদিও এতিয়াও পছন্দৰ চাকৰিটো পোৱা নাই । linkedin এনেকুৱা এটা প্লেটফৰ্ম যিয়ে মানুহৰ এই সমস্যাটো বহু পৰিমাণে হ্ৰাস কৰিবলৈ চেষ্টা কৰিছে । এতিয়া linkedin ত চাকৰি বিচৰাসকলৰ বাবে নিজৰ প্লেটফৰ্মত AI ফিচাৰ প্ৰৱৰ্তন কৰিছে । এই নতুন বৈশিষ্ট্যৰ সবিশেষ জানো আহক---

লিংকডইনত এআইৰ জৰিয়তে চাকৰি বিচাৰক

লিংকডইনৰ এই AI বৈশিষ্ট্যৰ নাম Job Match । ইয়াৰ ফলত linkedin ত আপোনাৰ পছন্দৰ চাকৰি বিচাৰি পোৱাৰ প্ৰক্ৰিয়াটো অলপ সহজ হৈ পৰিব । এতিয়ালৈকে মানুহে linkedin ত নিজৰ ক্ষেত্ৰখনৰ চাকৰি বিচাৰিবলৈ কীৱৰ্ড নিজেই দিব লাগিছিল, যাতে তেওঁলোকে নিজৰ ক্ষেত্ৰখনৰ চাকৰিৰ সুবিধাবোৰ চাব পাৰে । এতিয়াৰে পৰা এইটো নহ’ব । নতুন AI বৈশিষ্ট্য Job Match ৰ সহায়ত linkedin স্বয়ংক্ৰিয়ভাৱে মানুহৰ পেছাদাৰী অভিজ্ঞতা পৰীক্ষা কৰি চাকৰিৰ অৰ্হতাৰ সৈতে তুলনা কৰিব ।

পূৰ্বে যদি ব্যৱহাৰকাৰীয়ে সঠিক কীৱৰ্ড দিব নোৱাৰে তেন্তে তেওঁলোকে নিজৰ ক্ষেত্ৰত অথবা পছন্দৰ চাকৰিৰ প্ৰস্তাৱ দেখা নাপাইছিল ৷ কিন্তু এতিয়া লিংকডইনৰ নতুন এআই বৈশিষ্ট্যই আপোনাৰ প্ৰফাইল স্বয়ংক্ৰিয়ভাৱে পৰীক্ষা কৰিব, আপোনাৰ পেছাদাৰী অভিজ্ঞতা নজৰ দিব আৰু সেই অনুসৰি নিৰ্দিষ্ট ক্ষেত্ৰত নতুন চাকৰিৰ অফাৰ দেখুৱাব । এই বৈশিষ্ট্যৰ সহায়ত মানুহে নিজৰ ক্ষেত্ৰখনত চাকৰি বিচাৰি পোৱাটো অতি সহজ আৰু স্বয়ংক্ৰিয় হৈ পৰিব ।

Job Match বৈশিষ্ট্যই কেনেকৈ কাম কৰিব ?

যদি এই AI বৈশিষ্ট্যই অনুভৱ কৰে যে আপুনি এই ভূমিকা অথবা ক্ষেত্ৰৰ বাবে উপযুক্ত প্ৰাৰ্থী, তেন্তে ই আপোনাক উক্ত পদৰ বাবে আবেদন কৰিবলৈ পৰামৰ্শ আগবঢ়াব । যদি এই বৈশিষ্ট্যই আপোনাৰ বাবে কোনো পদ উপযুক্ত বুলি নাভাবে, তেন্তে ই আপোনাক সেই ভূমিকাৰ বাবে আবেদন নকৰিবলৈ পৰামৰ্শ দিব । অৰ্থাৎ কোনো কোম্পানীয়ে তালিকাভুক্ত কৰা চাকৰিটো আপোনাৰ বাবে উপযুক্ত হয় নে নহয় সেই বিষয়ে পৰামৰ্শ দিব ।

AI Job Match বৈশিষ্ট্যই আপোনাৰ চাকৰিৰ তালিকাৰ লগতে চাকৰিৰ সাৰাংশও অংশীদাৰী দিব । ই আপোনাক বিতংভাৱে বুজাব যে আপোনাৰ যোগ্যতাৰ সৈতে উক্ত কামটোৰ কেনেকৈ আৰু কিমানখিনি মিল আছে । ইয়াৰ ফলত নতুন চাকৰি বিচাৰিবলৈ কম সময় লাগিব ।

ইয়াৰ উপৰিও যদি আপোনাৰ লিংকডইনৰ প্ৰিমিয়াম চাবস্ক্ৰিপচন আছে, তেন্তে আপুনি চাকৰিটোৰ মেচ লেভেলৰ বিষয়ে বিতং তথ্য পাব ।

এইদৰে লিংকডইনৰ AI Job Match বৈশিষ্ট্যই ভাৰতকে ধৰি বিশ্বৰ বহু লোকক নতুন চাকৰি বিচাৰি উলিওৱাত সহায় কৰিব পাৰে আৰু ইয়াৰ সহায়ত বহু লোকেও উপকৃত হ’ব পাৰে ।

লগতে পঢ়ক: LinkedIn ত অন্তৰ্ভুক্ত হ’ল 4 টাকৈ ভাৰতীয় ভাষা - LinkedIn adds new language

চাকৰি প্ৰত্যাশীৰ বাবে LinkedIn ৰ বিশেষ বাৰ্তা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.