মুম্বাই : ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বি চি চি আই) পাকিস্তানত অনুষ্ঠিত হ'বলগীয়া চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে ১৫ জনীয়া দলটো শনিবাৰে ঘোষণা কৰিছে । এই চেম্পিয়নছ ট্ৰফীত অভিজ্ঞ ৰোহিত শৰ্মাই পুনৰ এবাৰ দলক নেতৃত্ব দিব । ইফালে ফাষ্ট বলাৰ মহম্মদ ছামীয়ে প্ৰত্যাৱৰ্তন কৰিছে । একেদৰে পিঠিত আঘাত পোৱা স্বত্বেও তাৰকা ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহক দলত অন্তৰ্ভুক্ত কৰা হৈছে ।
চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় দল ঘোষণা
যুৱ বেটছমেন শুভমন গিলক এই গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাৰ বাবে উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । দলটোত ৰোহিত শৰ্মাক খেলৰ আৰম্ভণিতে সমৰ্থন কৰিবলৈ যশস্বী জয়ছোৱাল আৰু শুভমন গিলৰ দৰে দুগৰাকী যুৱ বেটছমেনক দলৰ বাবে বাছনি কৰা হৈছে ।
🚨 INDIA SQUAD FOR CHAMPIONS TROPHY 2025 🚨
— Johns. (@CricCrazyJohns) January 18, 2025
Rohit (C), Gill (VC), Kohli, Iyer, Rahul, Hardik, Axar, Sundar, Kuldeep, Bumrah, Shami, Arshdeep, Jaiswal, Pant, Jadeja. pic.twitter.com/uvY5gc4du9
দলত দুই উইকেটকীপাৰ-বেটছমেন অন্তৰ্ভুক্ত
বি চি চি আয়ে ঘোষণা কৰা এই দলটোত ২ জন উইকেটকীপাৰ বেটছমেন ক্ৰমে ঋষভ পন্ত আৰু কে এল ৰাহুল অন্তৰ্ভুক্ত আছে । ইফালে বিৰাট কোহলী, কে এল ৰাহুল আৰু শ্ৰেয়স আয়াৰৰ দৰে তাৰকা বেটছমেনসকলে মিডল অৰ্ডাৰ চম্ভালিব ।
ফাষ্ট বলাৰৰ নেতৃত্ব ল'ব যশপ্ৰীত বুমৰাহে
বুমৰাহে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে যোৱা ছিডনী টেষ্টত পিঠিত আঘাত পাইছিল । ইয়াৰ স্বত্বেও তেওঁক ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ অৰ্থ হৈছে তেওঁৰ আঘাত অত্যধিক গুৰুতৰ নহয় । বুমৰাহে এই প্ৰতিযোগিতাখনত পেচ আক্ৰমণৰ নেতৃত্ব দিব । য'ত মহম্মদ ছামী আৰু অৰ্শ্বদীপৰ সম্পূৰ্ণ সমৰ্থন থাকিব ।
SHUBMAN GILL - THE VICE CAPTAIN FOR CHAMPIONS TROPHY 🇮🇳 pic.twitter.com/cvWaJD4KUZ
— Johns. (@CricCrazyJohns) January 18, 2025
৩ স্পিনাৰে দলত পালে স্থান
চেম্পিয়নছ ট্ৰফীত ভাৰতে ডুবাইত সকলোবোৰ মেচ খেলিব । য'ত পিটছবোৰ স্পিন বলাৰৰ বাবে সহায়ক । সেই কথা মনত ৰাখিয়ে দলটোৱে ৩ জন স্পিনাৰক দলত অন্তৰ্ভুক্ত কৰিছে । স্পিনাৰ কুলদীপ যাদৱে স্পিন বলাৰসকলক নেতৃত্ব দিব । দলত অন্তৰ্ভুক্ত আন দুজন তাৰকা স্পিনাৰ হৈছে ক্ৰমে ৰবীন্দ্ৰ জাদেজা আৰু অক্সৰ পেটেল ।
১২ বছৰৰ পিছত চেম্পিয়নছ ট্ৰফী জয়ৰ লক্ষ্য
চেম্পিয়নছ ট্ৰফীৰ ১২ বছৰীয়া নিৰাশা ভংগ কৰিবলৈ ভাৰতীয় দলে খেলপথাৰত অৱতীৰ্ণ হ'ব । যাৰ বাবে বি চি চি আয়ে এক সন্তুলিত দল বাছনি কৰিছে । দলটোত অভিজ্ঞতা আৰু যুৱপ্ৰজন্মৰ মিশ্ৰণ দেখা গৈছে । তাৰকা বেটছমেনসকলৰ সৈতে আক্ৰমণাত্মক বলাৰৰ এক নিখুঁত সংমিশ্ৰণ দেখা গৈছে । ৩ জন অলৰাউণ্ডাৰৰ উপস্থিতিৰ বাবে বেটিং আৰু বলিং দুয়োটা ক্ষেত্ৰতে প্ৰভাৱ থাকিব ।
এইসকল খেলুৱৈয়ে নাপালে স্থান
ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন কৰি অহা অভিজ্ঞ সোঁহাতৰ বেটছমেন কৰুণ নায়াৰক ৰাষ্ট্ৰীয় দলত অন্তৰ্ভুক্ত কৰা হোৱা নাই । তেওঁৰ উপৰিও য়ুজবেন্দ্ৰ চাহাল, মহম্মদ চিৰাজ, ৰবি বিষ্ণোই আৰু সূৰ্যকুমাৰ যাদৱকো চেম্পিয়নছ ট্ৰফীৰ বাবে ঘোষণা কৰা দলত অন্তৰ্ভুক্ত কৰা হোৱা নাই ।
১৩ ফেব্ৰুৱাৰীলৈ হ'ব পাৰে পৰিৱৰ্তন
মন কৰিবলগীয়া যে সম্ভাব্য দলটো ঘোষণা কৰা হৈছে । আই চি চিৰ নিয়ম অনুসৰি যিকোনো দলে ১৩ ফেব্ৰুৱাৰী অৰ্থাৎ বৃহস্পতিবাৰলৈকে তেওঁলোকৰ দলত পৰিৱৰ্তন কৰিব পাৰে । ১৩ ফেব্ৰুৱাৰীত আই চি চিয়ে আনুষ্ঠানিকভাৱে সকলো দল ঘোষণা কৰিব । সেয়ে দলটোত পৰিৱৰ্তন ১৩ ফেব্ৰুৱাৰীলৈকে সম্ভৱ ।
চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে ঘোষণা কৰা ভাৰতীয় দল
ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল (উপ-অধিনায়ক), বিৰাট কোহলী, শ্ৰেয়স আয়াৰ, কে এল ৰাহুল, হাৰ্দিক পাণ্ডিয়া, অক্সৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, মহম্মদ ছামী, অৰ্শ্বদীপ সিং, যশৱী জয়ছোৱাল, ঋষভ পন্ত, ৰবীন্দ্ৰ জাদেজা ।
লগতে পঢ়ক :ৰঞ্জী ট্ৰফীৰ দ্বিতীয় ৰাউণ্ডৰ পৰা নাম প্ৰত্যাহাৰ কোহলী-ৰাহুলৰ - RANJI TROPHY 2025