ETV Bharat / state

ব্ৰহ্মপুত্ৰৰ দিশ ঠায়ে ঠায়ে সলনি হৈছে কিয় ? - STUDY ON BRAHMAPUTRA

আই আই টি ৰুৰকীৰ প্ৰাক্তন অধ্যাপকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰৰ জৰিয়তে কৰিব অধ্য়য়ন ।

Vice-Chancellor of Gauhati University
ব্ৰহ্মপুত্ৰৰ প্ৰতি অহা প্ৰত্যাহ্বান আৰু সম্ভৱনা সন্দৰ্ভত অধ্যয়ন কৰিব নদীবান্ধ বিশেষজ্ঞই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 18, 2025, 5:23 PM IST

গুৱাহাটী: ব্ৰহ্মপুত্ৰৰ প্ৰতি সৃষ্টি হোৱা প্ৰত্যাহ্বান আৰু সম্ভাৱনা সন্দৰ্ভত অধ্যয়ন কৰিব বিশিষ্ট নদীবান্ধ বিশেষজ্ঞ তথা আই আই টি ৰুৰকীৰ প্ৰাক্তন অধ্যাপক নয়ন কুমাৰ শৰ্মাই । গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত থকা ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰৰ জৰিয়তে ব্ৰহ্মপুত্ৰ নদী সন্দৰ্ভত বিভিন্ন বিষয় সামৰি এই অধ্যয়ন কৰা হ'ব ।

এই অধ্যয়নৰ দায়িত্ব অৰ্পণ কৰা হৈছে বিশিষ্ট নদীবান্ধ বিশেষজ্ঞ নয়ন কুমাৰ শৰ্মাক । গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড৹ ননী গোপাল মহন্তই এই কথা প্ৰকাশ কৰি কয়, "ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰৰ জৰিয়তে ব্ৰহ্মপুত্ৰ নদীৰ বিষয়ে অধ্যয়ন কৰাৰ বাবে বিশিষ্ট নদীবান্ধ বিশেষজ্ঞ নয়ন কুমাৰ শৰ্মাৰ লগত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এই সন্দৰ্ভত নয়ন কুমাৰ শৰ্মাই সম্মতি প্ৰদান কৰিছে । ব্ৰহ্মপুত্ৰ নদীৰ তিনি ঠাইত প্ৰথমে তেওঁ অধ্যয়ন কৰিব । অধ্যয়নৰ ৰূপৰেখা তেওঁ প্ৰস্তুত কৰিব । আশা কৰা হৈছে এইধৰণৰ অধ্যয়নত নিশ্চিতভাৱে ব্ৰহ্মপুত্ৰ নদীৰ বিভিন্ন সম্ভাৱনা সন্দৰ্ভত নতুন নতুন কথা প্ৰকাশ পাব। "

ব্ৰহ্মপুত্ৰৰ প্ৰতি অহা প্ৰত্যাহ্বান আৰু সম্ভৱনা সন্দৰ্ভত অধ্যয়ন কৰিব নদীবান্ধ বিশেষজ্ঞই (ETV Bharat Assam)

উপাচাৰ্যগৰাকীয়ে পুনৰ কয়, "ব্ৰহ্মপুত্ৰখন যদি চাই তেতিয়া দেখিব ঠায়ে ঠায়ে শুকাই আহিছে । ব্ৰহ্মপুত্ৰখন যাব লাগে এটা দিশেৰে । কিন্তু ব্ৰহ্মপুত্ৰখনৰ দিশ ঠায়ে ঠায়ে সলনি হৈছে । বহুমুখী হৈ পৰিছে ব্ৰহ্মপুত্ৰ । ব্ৰহ্মপুত্ৰৰ এই বহুমুখী দিশটোক কেনেদৰে এটা দিশলৈ আনিব পাৰি হ'ব সেয়া হৈছে ডাঙৰ প্ৰত্যাহ্বান । এই বিষয়টো অধ্যয়ন কৰাৰ বাবে নয়ন কুমাৰ শৰ্মাই বিশেষ ইচ্ছা প্ৰকাশ কৰিছে । তেওঁক আমি কেইজনমান সহযোগী গৱেষক দিম যাতে তেওঁ এই গৱেষণা আগবঢ়াই নিয়াত সহায় হয় । তেওঁ তিনি ঠাইত অধ্যয়ন কৰিব । এই ভৱিষ্যমুখী গৱেষণাবোৰ নকৰিলে আমি ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাই-শুনাই লাভ নাই ।"

অৰুণাচলত নতুনকৈ নিৰ্মাণ হ'ব ১৩৫ টা বান্ধ :

উল্লেখ্য যে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বৃহৎ নদীবান্ধ নিৰ্মাণকাৰ্যক লৈ এই নদীৰ প্ৰতি বিভিন্ন প্ৰত্যাহ্বান নামি অহাত প্ৰতিক্ৰিয়াৰ সৃষ্টি ‌হৈছে । শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে অৰুণাচলত নতুনকৈ ১৩৫ টা বান্ধ নিৰ্মাণৰ কাম-কাজ আৰম্ভ কৰাৰ দিশত অগ্ৰসৰ হৈছে । বিভিন্ন দল-সংগঠনে ইয়াৰ বিৰোধিতা কৰিছে । শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা কৰা তথ্য মতে, অৰুণাচল প্রদেশত কামেং নদী, সোৱণশিৰি নদী, চিয়াং নদী, দিবাং নদী আৰু লোহিত নদীত ১৩৫ টা নদীবান্ধ নিৰ্মাণ কৰি ৫৭,০০০ মেগাৱাটকৈ অধিক বিদ্যুৎ উৎপাদন কৰিবলৈ পৰিকল্পনা হাতত লৈছে ।

ইয়াৰে টাৱাং নদীত ৮টা নদীবান্ধ নিৰ্মাণ কৰি ২০৫৭ মেগাৱাট, কামেং নদীত ৪৬ টা নদীবান্ধ নিৰ্মাণ কৰি ৬১৮৩ মেগাৱাট, সোৱণশিৰি নদীত ২২ টা নদীবান্ধ নিৰ্মাণ কৰি ১২২৪৮ মেগাৱাট, ডিক্রং নদীত ৪ টা নদীবান্ধৰে ৪১০ মেগাৱাট, চিয়াং নদীত ২৬ টা নদীবান্ধৰে ১০৩০৮ মেগাৱাট, দিবাং নদীত ১৭ টা নদীবান্ধৰে ১০৯৭৭, লোহিত নদীত ১০টা নদীবান্ধৰে ৭৬৭৯.৫০ মেগাৱাট আৰু টিৰাপ নদীত দুটা নদীবান্ধৰে ১৪০ মেগাৱাটসহ সৰ্বমুঠ ৫৭০০২.৫০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিবলৈ পৰিকল্পনা কৰিছে ।

ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰ :

উল্লেখ্য যে যোৱা ছেপ্টেম্বৰত ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰটো মুকলি কৰা হৈছিল । উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী ড৹ সুকান্ত মজুমদাৰে মুকলি কৰিছিল কেন্দ্ৰটো । উত্তৰ-পূৱ পৰিষদৰ পুঁজিৰে এই কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছে । উপাচাৰ্যগৰাকীয়ে জনাই যে কেন্দ্ৰটো স্থাপন কৰাৰ লক্ষ্য হৈছে বানপানী, বহনক্ষম উন্নয়ন আৰু সংৰক্ষণৰ দৰে প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ লগতে ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ সামগ্ৰিক ব্যৱস্থাপনাৰ বাবে আঞ্চলিক সহযোগিতা আৰু নীতি প্ৰণয়নক লাভান্বিত কৰা । এই কেন্দ্ৰটো ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বিস্তৃত গৱেষণাৰ বাবে এক গুৰুত্বপূৰ্ণ গন্তব্যস্থান হিচাপে পৰিকল্পনা কৰা হৈছে, য'ত নদী অৱবাহিকা ব্যৱস্থাপনা, জলবিজ্ঞান, জৈৱ বৈচিত্ৰ, জলবায়ু পৰিৱৰ্তনৰ দৰে বিষয়সমূহৰ লগতে সাংস্কৃতিক আৰু পৌৰাণিক গুৰুত্ব আদি বিষয়সমূহ সামৰি লোৱা হৈছে ।

লগতে পঢ়ক:ব্ৰহ্মপুত্ৰত চীনৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প; ভাৰতৰ প্ৰতিক্ৰিয়া কি ? - CHINA MEGA DAM ON BRAHMAPUTRA

নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নামকৰণ কৰিলে মুখ্যমন্ত্ৰীয়ে - KUMAR BHASKAR VARMA SETU

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.