ETV Bharat / entertainment

"পত্নী প্ৰসাদ" ৰে আৰম্ভ হৈ সামৰণি পৰিব "কংস বধ" ৰে - THREE DAY BHAONA SAMAROH IN BARPETA

ভাওনাপ্ৰেমীলৈ সুখবৰ ৷ বৰপেটাত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ভাওনা সমাৰোহ ২০২৫ ৷

second three-day Bhaona Samaroh will be held from 18 January in Barpeta
দ্বিতীয় সংখ্যক ভাওনা সমাৰোহ (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Jan 18, 2025, 5:02 PM IST

বৰপেটা : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ লগতে আতাপুৰুষসকলে প্ৰতিষ্ঠা কৰি থৈ যোৱা সত্ৰীয়া সংস্কৃতিৰ সোণসেৰীয়া ঐতিহ্যৰ এক অন্যতম উল্লেখনীয় সৃষ্টি হ’ল অংকীয়া নাট ভাওনা ৷

সেই নাট ভাওনাৰ ধাৰাবাহিকতা বোৱাই ৰখাৰ প্ৰয়াসেৰে বৰপেটা শংকৰী সাংস্কৃতিক ভাওনা দলৰ উদ্যোগত শনিবাৰৰ পৰা ২০ জানুৱাৰীলৈকে তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে বৰপেটাত অনুষ্ঠিত হৈছে দ্বিতীয় সংখ্যক ভাওনা সমাৰোহ ২০২৫ ৷

কাৰ্যকৰী সভাপতি দীপক কুমাৰ দাসৰ ভাষ্য (ETV Bharat Assam)

আজি এই সমাৰোহৰ মথুৰাদাস বুঢ়া আতা ৰংগক্ষেত্ৰৰ দ্বাৰ উন্মোচন কৰে বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া গৌতম পাঠকে ৷ তাৰ পিছতে ভাওনা সমাৰোহৰ পতাকা উত্তোলন আৰু স্মৃতিতৰ্পণ কৰা হয় ৷ সমাৰোহৰ আজি প্ৰথম দিন ৷ প্ৰথম দিনাৰ প্ৰথমখন ভাওনা "পত্নী প্ৰসাদ" পৰিবেশন কৰিব শংকৰ মাধৱ নাম সমিতি দহাটী বৰপেটাই আৰু দ্বিতীয়খন ভাওনা "নাগৰাজ বাসুকী" পৰিবেশন কৰিব শোণিতপুৰ জামুগুৰিহাটৰ মূঢ়াদল সাংস্কৃতিক গোষ্ঠীয়ে ৷ কাইলৈ ১৯ জানুৱাৰীত সমাৰোহৰ দ্বিতীয় দিনাৰ প্ৰথমখন ভাওনা "পাৰিজাত হৰণ" পৰিবেশন কৰিব শংকৰী সাংস্কৃতিক ভাওনা দলে ৷ দ্বিতীয়খন ভাওনা "বৰাহৰ পৃথিৱী উদ্ধাৰ" পৰিবেশন কৰিব মাজুলী গড়মূৰৰ জয়ধ্বনি শিল্পী সমাজে ৷

২০ জানুৱাৰীত সমাৰোহৰ অন্তিম দিনা পৰিৱেশিত হ'বলগীয়া প্ৰথমখন ভাওনা হ'ল বৰপেটা সত্ৰৰ "কোটোৰা খেলা" আৰু দ্বিতীয়খন হ'ল কলিয়াবৰ সত্ৰ মহাসভাৰ "কংস বধ" ৷ এই সমাৰোহ সন্দৰ্ভত ভাওনা সমাৰোহৰ আয়োজন সমিতিৰ কাৰ্যকৰী সভাপতি দীপক কুমাৰ দাসে কয়- "মহাপুৰুষ দুজনাই বৰপেটাত থকাৰ সময়তে সৰ্বাধিক সংখ্যক ভাওনা ৰচনা কৰিছিল । বৰপেটা হ'ল সত্ৰীয়া সংস্কৃতিৰ অন্যতম পীঠস্থান । সেই ধাৰাকে অব্যাহত ৰাখি এই ভাওনা সমাৰোহৰ আয়োজন কৰা হৈছে ।"

লগতে পঢ়ক : শতিকা গৰকা অসমৰ প্ৰথম আধুনিক গীতটো উজ্জীৱিত হ'ব ১০০ শিল্পীৰ কণ্ঠ-নৃত্যৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.