thumbnail

By

Published : Dec 13, 2021, 10:04 PM IST

ETV Bharat / Videos

অধিক হাৰত মাচুল সংগ্ৰহৰ অভিযোগ মঙলদৈৰ এখন বিদ্যালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে

চৰকাৰী নিয়মক বুঢ়া আঙুলি প্ৰদৰ্শন খোদ চৰকাৰী বিদ্যালয়ৰ । নামভৰ্তি, পৰীক্ষাৰ মাচুল বিচাৰি ছাত্ৰ-ছাত্ৰীক হেঁচা বিদ্যালয় কৰ্তৃপক্ষৰ । মাচুল দিবলৈ অপৰাগ ছাত্ৰীক শিক্ষক-কেৰাণীৰ দুৰ্ব্যৱহাৰ ৷ এই অভিযোগ উত্থাপন হৈছে মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়(Mangaldoi town Girls Higher Secondary School)ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷ ছাত্ৰীৰ পৰা বিভিন্ন অজুহাত দেখুৱাই অধিক হাৰত মাচুল সংগ্ৰহ কৰি আহিছে বিদ্যালয়খনৰ কৰ্তৃপক্ষই(Collection of fees at higher rates from students) ৷ ছাত্ৰীৰ অভিযোগ অনুসৰি, এগৰাকী ছাত্ৰীৰ পৰা ৩১ শ টকাকৈ মাচুল সংগ্ৰহৰ ব্যৱস্থা কৰিছে । অৱশ্যে BPL কাৰ্ড থকা ছাত্ৰীৰ পৰা ১৭ শ টকাকৈ সংগ্ৰহ কৰিছে মাচুল । এনে ক্ষেত্ৰত ছাত্ৰৰ পৰা অধিক হাৰত মাচুল সংগ্ৰহ কৰাৰ অভিযোগ তুলি এক নিৰপেক্ষ তদন্তৰ দাবী তুলিছে বিদ্যালয়খনৰ ছাত্ৰী সকলে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.