যোৰহাট : উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশনখনি অহা ৬ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য় কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব । এই অধিবেশনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাত যুদ্ধংদেহী তৎপৰতাৰে আৰম্ভ হৈছে কাম-কাজ । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশনক লৈ উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে যোৰহাটত । এইবাৰ এই অধিবেশনখনি ম'হবন্ধা এৰালতলি পথাৰত বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব ।
গুৰু আসন স্থাপন :
আজি নামঘৰ প্ৰতিষ্ঠা কৰি গুৰু আসন স্থাপন কৰাত নাম প্ৰসংগ আৰু হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ম'হবন্ধা এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ । অধিবেশনত ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকল আহি উক্ত স্থানত একত্ৰিত হ'ব । জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো লোকৰ মিলনস্থলী হৈ পৰিব ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাকৰি । শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশনৰ মূল উদ্দেশ্য হ'ল গুৰুজনাৰ অমিয়া বাণী বিশ্বৰ বিভিন্ন দেশত প্ৰচাৰ আৰু প্ৰসাৰ কৰা ।
১৫ হাজাৰ ভক্তই একেলগে গ্ৰহণ কৰিব পাৰিব খাদ্য়:
এই অধিবেশনৰ প্ৰস্তুতি সন্দৰ্ভত এগৰাকী উদ্য়োক্তাই কয়, "যোৰহাটৰ পশ্চিম প্ৰান্তৰ ম'হবন্ধা এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত ৩ কোটি ৫০ লাখ টকা ব্যয়সাপেক্ষে ৯৪ সংখ্যক বাৰ্ষিক অধিবেশনখন অনুষ্ঠিত হ'ব । ১২০০ বিঘা মাটি সামৰি লোৱা এই অধিবেশনস্থলীত ২০০ শিবিৰ স্থাপন কৰা হ'ব ।"
তেওঁ পুনৰ কয়, "এই অধিবেশনস্থলীত ২০০ চৌকাত ভক্তৰ বাবে খাদ্য ৰন্ধা-বঢ়া কৰা হ'ব । আনহাতে, একেলগে ১৫ হাজাৰ ভক্তই খোৱা-ৱোবা কৰিব পাৰিব । অধিবেশনস্থলীত সংঘৰ ১০ হাজাৰ সেৱা বাহিনীৰ লোকক নিয়োগ কৰা হ'ব । এই অধিবেশনস্থলীত গ্ৰন্থ বিপণীৰ লগতে বিভিন্ন সৌন্দৰ্যবহন কৰা বহু সমলো প্ৰতিফলিত হ'ব ।"