গুৱাহাটী: এইবাৰ প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী । ১৭ ফেব্ৰুৱাৰীৰ পৰা ২৫ মাৰ্চলৈ চলিব অসম বিধানসভাৰ বাজেট অধিৱেশন । ৰাজ্যপালৰ ভাষণেৰে প্ৰথমদিনা অধিৱেশন অনুষ্ঠিত হ'ব কোকৰাঝাৰ জিলাৰ বি টি চি ভৱনত । আৰম্ভণিৰ দিনটোত চলিত বিত্তীয় বৰ্ষৰ বিপৰীতে পৰিপূৰক দাবী মঞ্জুৰি প্ৰস্তাৱ, চৰকাৰী বিধেয়ক উত্থাপন, বিধানসভা কমিটীৰ প্রতিবেদন দাখিল আৰু ষষ্ঠ অনুসূচীভুক্ত এলেকাৰ আৰ্থ-সামাজিক উন্নয়ন সন্দৰ্ভত এক আলোচনাৰ বাদে আন বিশেষ কোনো কাৰ্যসূচী নাই ।
১৮ ফেব্ৰুৱাৰীৰ দিনা অধিৱেশন বন্ধ থাকিব যদিও ১৯ ফেব্ৰুৱাৰীৰ পৰা পুনৰ দিছপুৰৰ নতুন বিধানসভা ভৱনত অধিৱেশন আৰম্ভ হ'ব আৰু মাজতে চৰকাৰী বন্ধসহ বিভাগীয় স্থায়ী কমিটীসমূহৰ বৈঠকৰ বাবে অধিৱেশনৰ কাৰ্যসূচী বন্ধ থাকিব । অধিৱেশনৰ ১০ মাৰ্চৰ দিনা আগন্তুক বিত্তীয় বৰ্ষৰ (২০২৫-২০২৬) বাবে ৰাজ্যিক বাজেট দাখিল হ'ব । শনিবাৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত বিধানসভাৰ কাৰ্য উপদেষ্টা
কমিটীৰ বৈঠকত অধিৱেশনৰ কাৰ্যসূচীখন চূড়ান্ত কৰা হয় ।
২৫ মাৰ্চলৈকে চলিব বিধানসভাৰ অধিৱেশন । কাৰ্যসূচী অনুসৰি প্রথমদিনা অর্থাৎ ১৭ ফেব্ৰুৱাৰীত কোকৰাঝাৰত ৰাজ্যপালৰ ভাষণেৰে বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব । ইয়াৰ পাছত ১৯ ফেব্ৰুৱাৰীৰ পৰা দিছপুৰৰ অসম বিধানসভাৰ কক্ষত চলিব অধিৱেশনৰ আন কর্মসূচী । ১০ মার্চ সোমবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব ২০২৫-২৬ বৰ্ষৰ সাধাৰণ বাজেট । ১৭ ফেব্ৰুৱাৰী, ১৯ ফেব্ৰুৱাৰী, ২০ ফেব্ৰুৱাৰী, ৩ মার্চ, ৪ মার্চ, ৫ মার্চ, ৬ মার্চ, ৭ মার্চ, ১০ মার্চ, ১১ মার্চ, ১২ মার্চ, ২১ মার্চ, ২৪ মার্চ আৰু ২৫ মার্চকে ধৰি মুঠ ১৪ দিন হ’ব বিধানসভাৰ বাজেট অধিৱেশনৰ কৰ্মদিন ।
লগতে পঢ়ক: ২৬ জানুৱাৰীত অশান্তি কৰিবলৈ ম্যানমাৰৰ পৰা কোন নামি আহিছে !