ETV Bharat / state

৭ দিনৰ ভিতৰত বন্ধ হ'ব ৰেট হল মাইনিং: আৰক্ষী সঞ্চালক প্ৰধান - DGP G P SINGH

গণৰাজ্য দিৱসত ৰাজ্যত ম্যানমাৰৰ দুৰ্বৃত্তৰ দ্বাৰা কূটাঘাত সংঘটিত কৰাৰ আশংকা কৰিছে আৰক্ষীয়ে ।

DGP G P Singh
৭ দিনৰ ভিতৰত বন্ধ হ'ব ৰেট হল মাইনিং (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jan 19, 2025, 5:52 PM IST

ডিব্ৰুগড় : সমাগত গণৰাজ্য দিৱস । গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত যিকোনো ধৰণৰ হিংসাত্মক ঘটনা প্ৰতিহত কৰাৰ লক্ষ্যৰে সষ্টম হৈছে অসম আৰক্ষী । উজনিত বিগত কেইবাদিনো ধৰি বাহৰ পাতি আইন-শৃংখলাৰ পৰিস্থিতি পৰ্যালোচনা কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে । কিয়নো প্ৰথমবাৰলৈ ৰাজধানীৰ বাহিৰত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস পালন কৰা হ'ব ।

এইবাৰ ডিব্ৰুগড়ত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস পালন কৰা হ'ব । ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত অনুষ্ঠিত হ'বলগা গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰীয়ে । সেয়ে ডিব্ৰুগড়ৰ লগতে উজনিৰ জিলাসমূহত আইন-শৃংখলা পৰিস্থিতিক লৈ তৎপৰ হৈছে অসম আৰক্ষী । গণৰাজ্য দিৱসক লৈ বিগত তিনিদিন ধৰি উজনিত বাহৰ পাতি আছিল জি পি সিঙে ।

৭ দিনৰ ভিতৰত বন্ধ হ'ব ৰেট হল মাইনিং (ETV Bharat)

দেওবাৰে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক আৰু অন্যান্য জ্যেষ্ঠ আৰক্ষী বিষয়াৰ সৈতে বৈঠকতো মিলিত হয় আৰক্ষী সঞ্চালক প্ৰধান গৰাকী । তাৰ পূৰ্বে জি পি সিঙে সকলো নিৰাপত্তা আৰু চোৰাংচোৱা সংস্থাৰ বিষয়াৰ সৈতে ডিগবৈত আইন-শৃংখলা পৰিস্থিতি আৰু গণৰাজ্য দিৱসৰ প্ৰস্তুতি পৰ্যালোচনা কৰে । তাৰ পাছতে তেওঁ ডিব্ৰুগড়ত উপস্থিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

ম্যানমাৰৰ দুৰ্বৃত্তৰ দ্বাৰা কূটাঘাতৰ আশংকা :

গণৰাজ্য দিৱসক লৈ উজনিত বাহৰ পাতি থকাৰ কথা উল্লেখ কৰি জি পি সিঙে কয়,"মই যোৱা তিনিদিন উজনি অসমত আছো । অৰুণাচল আৰু নাগালেণ্ডৰ সীমামূৰীয়া অঞ্চলসমূহ য'ত ম্যানমাৰৰ পৰা কিছুমান দুৰ্বৃত্ত আহি কূটাঘাতমূলক কাৰ্যকলাপ কৰিব পাৰে সেই অঞ্চল পৰ্যবেক্ষণ কৰিছো । তাত যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে কৰা হৈছে । ৰাইজৰ সহযোগত শান্তিপূর্ণভাৱে গণৰাজ্য দিৱস পালন কৰিব পাৰিম বুলি আশাবাদী ।"

৭ দিনৰ ভিতৰত অবৈধ ৰেট হল মাইনিং বন্ধ :

অবৈধ কয়লা খননক লৈ ৰাজ্যত ব্যাপক চৰ্চা চলি থকাক লৈ আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে কয়,"মুখ্যমন্ত্ৰীৰ দৃষ্টিত আহিছে মাৰ্ঘেৰিটা, লিডু, লেখাপানীত কিছু অবৈধ কয়লা খনন চলি আছে । কালি এই বিষয়টোক লৈ আলোচনা কৰা হৈছে । প্ৰশাসনিক বিষয়া, বন বিভাগ, ক'ল ইণ্ডিয়াৰ বিষয়াৰ সৈতে বৈঠকত মিলিত হৈ নিৰ্দেশ দিয়া হৈছে, ৭ দিনৰ ভিতৰত বন্ধ কৰিবলৈ । ইতিমধ্যে কালিৰে পৰা এই অভিযান আৰম্ভ কৰা হৈছে । 'নৰ্থ ইষ্ট ক'লফিল্ডছ লীজ এৰিয়া'ৰ ভিতৰত চলি থকা তেনেকুৱা দুটা খনন চিনাক্ত কৰি বন্ধ কৰা হৈছে । আজি পুৱা উমাৰংছ'ত গোটেই অঞ্চলত ছাৰ্ভে কৰা হয়, বিশেষ খনি পোৱা নাই যদিও পূৰ্বৰ খননত পৰি ৰোৱা কয়লা জব্দ কৰাৰ নিৰ্দেশ দিয়া হৈছে । গোটেইখিনি কাম ৭ দিনৰ ভিতৰত সম্পন্ন হ'ব ।"

চিআৰপিএফৰ পৰৱৰ্তী সঞ্চালক প্ৰধান হিচাপে দায়িত্ব :

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙক চিআৰপিএফৰ পৰৱৰ্তী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়াক লৈ তেওঁ কয়,"মোৰ বাবে এইটো বৰ গৌৰৱৰ বিষয় যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে মোক এই দায়িত্ব দিছে । অসমত কাম কৰাৰ মোৰ পূৰ্বৰ অভিজ্ঞতাৰে মই কাম কৰিম । মোৰ ধাৰণা আমি বেলেগ বেলেগ অঞ্চলত ভাল কাম কৰিবলৈ সক্ষম হম ।"

লগতে পঢ়ক :জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙক CRPF ৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি - DGP GYANENDRA PRATAP SINGH

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.