ডিব্ৰুগড় : অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে শেহতীয়াকৈ গো-মাংস সন্দৰ্ভত কেইবাটাও নিৰ্দেশনা জাৰি কৰিছে । কিন্তু গাহৰি মাংসৰ ক্ষেত্ৰত তেনে কোনো নীতি নিৰ্দেশনা জাৰি কৰা নাই । বৰঞ্চ গাহৰি পালনৰ ক্ষেত্ৰত নিবনুৱাক সহায়ৰ বাবে চৰকাৰে নতুন আঁচনি ৰূপায়ণৰ প্ৰতিশ্ৰুতি দিছে । ইয়াৰ মাজতে উৰুকাৰ নিশা গাহৰিৰ মাংস কটাক কেন্দ্ৰ কৰি চৰাইদেউ জিলাত ভয়ংকৰ মাৰপিটৰ ঘটনা । উৰুকাত গাহৰি মাংস কটাৰ বাবে হিন্দু যুৱকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে বিশেষ সম্প্ৰদায়ৰ যুৱকৰ বিৰুদ্ধে । ঘটনাটো সংঘটিত হৈছে চৰাইদেউৰ মৰাণৰ খুমটাই সোণালী পথত ।
গাহৰি কটাৰ বাবে সংঘৰ্ষ
জানিব পৰা মতে ভোগালী বিহুৰ উৰুকাৰ দিনা মৰাণৰ খুমটাই সোণালী পথত ভেলাঘৰৰ সন্মুখত গাহৰি কাটিছিল বিজেপি কৰ্মী তথা খিলঞ্জীয়া অসমীয়া যুৱক ক্ষীৰোদ চাংমাইয়ে । সেই সময়তে ওচৰৰে দুজনমান বিশেষ সম্প্ৰদায়ৰ যুৱকে গাহৰি কটাত বাধা প্ৰদান কৰিছিল ক্ষীৰোদ চাংমাইক । প্ৰথম অৱস্থাত ক্ষীৰোদ চাংমাইয়ে সেই কথা মানি লৈছিল । অভিযোগ অনুসৰি নিশালৈ ৰেকিব আহমেদ, কদিৰ আহমেদ আৰু চাহিদ আহমেদ নামৰ লোককেইজনে চোকা অস্ত্ৰ লৈ ভেলাঘৰত থকা ক্ষীৰোদ চাংমাইক আক্ৰমণ কৰে । মাৰপিটৰ দৃশ্য বন্দী হৈছিল মোবাইলৰ কেমেৰাত ।
ঘটনা সন্দৰ্ভত মৰাণহাট আৰক্ষীক এহাজাৰ দাখিল কৰে ভুক্তভোগী পৰিয়ালৰ লোকে । এজাহাৰ দাখিলৰ পাছতে আৰক্ষীয়ে অভিযুক্তসকলক আটক কৰে যদিও পিছত মুকলি কৰি দিয়ে । অভিযোগ অনুসৰি বৰ্তমান এই বিশেষ সম্প্ৰদায়ৰ যুৱক কেইজনৰ পৰা ক্ষীৰোদ চাংমাইৰ পৰিয়ালৰ লোক বাহিৰলৈ ওলাবলৈ ভয় কৰা হৈছে । যুৱককেইজনে বিভিন্ন ধৰণে পৰিয়ালটোক ভাবুকি দিয়াৰো অভিযোগ উঠিছে । ইফালে এই ঘটনা পোহৰলৈ অহাৰ পিছতে জাঙুৰ খাই উঠিছে মৰাণৰ কেইবাটাও দল-সংগঠন ।
খিলঞ্জীয়া অসমীয়া যুৱকে বিহুত গাহৰি কটাত বাধা প্ৰদান কৰা বিশেষ সম্প্ৰদায়ৰ যুৱককেইজনৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে দল-সংগঠনে । তাৰ মাজতে অঞ্চলটোৰ ৰাইজে মৰাণহাট আৰক্ষী থানাত উপস্থিত হৈ আৰক্ষী বিষয়াগৰাকীক জবাবদিহি কৰাৰ লগতে ঘটনাৰ উচিত তদন্তৰ দাবী জনায় ।
ভুক্তভোগীৰ মন্তব্য
বিশেষ সম্প্ৰদায়ৰ যুৱকে গাহৰি কটাৰ বাবে মাৰপিট কৰাত চিকিৎসাধীন হ'বলগা হোৱা ক্ষীৰোদ চাংমাইয়ে ঘটনা সন্দৰ্ভত কয়,"মেজিৰ ভোজৰ বাবে কেইজনমানে মিলি গাহৰি এটা আনিছিলো । সেইটো কাটি থাকোতেই কেইজনমান লোকে বাধা প্ৰদান কৰিছিল । ৰাইজে গাহৰি কটাৰ বাবে বেয়া পাইছে যদি ইয়াৰ পাছতেই আৰু নাকাটো বুলি কৈছিলো । কিন্তু ৰাতি যুৱক কেইজনে ভেলা ঘৰৰ পৰা মাতি আনি মোক মাৰপিট কৰে । মই চিঞৰ-বাখৰ কৰাৰ পিছত ওচৰ-চুবুৰীয়া ওলাই আহে যদিও মই অচেতন হৈ পৰো । এজাহাৰ দাখিল কৰাৰ পাছত আৰক্ষীয়ে যুৱক কেইজনক ধৰিছিল যদিও এৰি দিলে । আমি ন্যায় নাপালো । আমাক উচিত ন্যায় প্ৰদান কৰিব লাগে আৰক্ষীয়ে ।"