লখিমপুৰ : অসমৰ মানুহৰ বাবে এটি তেনেই চিনাকী নাম আপং। ৰাজ্য়খনৰ বিভিন্ন জনগোষ্ঠীৰ মাজত ইয়াৰ নাম, প্ৰস্তুত কৰা পদ্ধতি বেলেগ বেলেগ যদিও প্ৰায় সকলো জনগোষ্ঠীয়ে চাউলৰ পৰাই তৈয়াৰ কৰে আপং । কিন্তু ইয়াৰ ভিতৰত মিচিং জনগোষ্ঠীৰ মহিলাসকলে প্ৰস্তুত কৰা আপঙৰ আছে এক সুকীয়া সোৱাদ । মিচিং সমাজৰ ধৰ্মীয় ৰীতি-নীতি, পূজা-পাৰ্বণ, মৃতকৰ কাজ আদিত এইবিধ পানীয়ৰ ভূমিকা মনকৰিবলগীয়া ।
সমাগত মিচিং সকলৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং । ইয়াৰ লগে লগে আৰম্ভ হ'ল পৰম্পৰাগত আপং প্ৰস্তুত পৰ্ব । অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিং সকলৰ আছে চহকী কৃষ্টি-সংস্কৃতি । তেওঁলোকে পালন কৰা উৎসৱ সমূহৰ অন্যতম হৈছে আলি আয়ে লৃগাং । প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে এই কৃষিভিত্তিক উৎসৱটো পালন কৰা হয় । তাৰবাবে মাহজোৰাকৈ চলোৱা হয় প্ৰস্তুতি । বিশেষকৈ আলি আয়ে লৃগাঙৰ বাবে প্ৰয়োজনীয় উপাদান সমূহৰ অন্যতম আপং প্ৰস্তুত কৰা হয় কিছু দিনৰ আগতেই । এইবাৰো তাৰ ব্যতিক্রম হোৱা নাই ।
আপং প্ৰস্তুত আৰম্ভণি পৰ্ব :
লখিমপুৰৰ বড়িমূৰীত কেন্দ্রীয়ভাৱে পালন কৰি অহা আলি আয়ে লৃগাঙৰ বাবে দেওবাৰে আনুষ্ঠানিকভাৱে আপং প্ৰস্তুত কৰাৰ আৰম্ভণি কৰা হয় । লখিমপুৰ নগৰৰ সমীপৰ চাবতি শান্তিপুৰত দেওবাৰে আপং প্ৰস্তুত কৰাৰ আৰম্ভণি কৰে মিচিং ৰাইজে । এই উপলক্ষে নাচি-বাগি আপোন পাহৰা মিচিং ৰাইজ ।
আপং কি ?
অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ উৎসৱ-পাৰ্বণৰ খাদ্য সম্ভাৰৰ অন্যতম হ'ল এইবিধ পানীয় । থলুৱাভাৱে প্ৰস্তুত কৰা আৰু বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত এই বিশেষ পানীয়ক বিভিন্ন নামেৰে জনা যায় । মিচিং সমাজত এই পানীয়ক আপং বুলি কোৱা হয় । আপং মিচিং সমাজত দুই ধৰণৰ -নগিন আপং আৰু পঃৰ আপং। সাধাৰণতে মিচিং সমাজত সৰহভাগ উৎসৱতে পঃৰ আপংহে বেছিকৈ প্ৰচলিত।
নগিন আৰু পঃৰ আপং প্ৰস্তুত প্ৰণালী :
নগিন আপঙৰ ব্যবহাৰ কম যদিও বিশেষ কেইটামান সামাজিক কৰ্মত অপৰিহাৰ্য । ভাত সিজাই তাৰ সৈতে এটা বিশেষ লাড়ু বা পিঠা মিহলি কৰি কেইদিনমান গাপ দি ৰখাৰ পাছত নগিন আপং খোৱাৰ উপযোগী হয় । গাপ দি ৰখা বস্তুখিনি চেকি সেই পানীয় সকাম নিকামত আগবঢ়াই পান কৰা হয় । উল্লেখ্য এই আপং পান কৰিলে ৰাগী অনুভৱ হয় ।
মিচিং সমাজত সৰহভাগ উৎসৱতে পঃৰ আপং প্ৰচলিত । পঃৰ আপং প্ৰস্তুত প্ৰণালী কিছু দীঘলীয়া । প্ৰথমে তুঁহ আৰু ধান খেৰ পুৰি ছাই তৈয়াৰ কৰা হয় । সমানে ভাত সিজোৱা হয় । পাছত ভাত আৰু ছাইখিনি মিহলাই লোৱা হয় । এই মিশ্ৰণত বিভিন্ন গছ লতিকাৰ পৰা প্ৰস্তুত কৰা বিশেষ লাড়ু বা পিঠা মিহলাই কমেও পোন্ধৰ দিনৰ বাবে ৰাখি থোৱা হয় । পৰৱৰ্তী সময়ত বিশেষ ব্যবস্থাৰে এই খিনি চেকি তাৰ পৰা ওলোৱা পানীয় সেৱন কৰা হয় । উল্লেখ্য নগিন আপঙৰ ৰং বগা হোৱাৰ বিপৰীতে পঃৰ আপং বা ছাই মদৰ ৰং সামান্য কলা হয় ।
আপঙত মিহলোৱা বিশেষ লাড়ু বা পিঠা বিধ কি ?
বিভিন্ন জাতি-জনগোষ্ঠীয়ে থলুৱাভাৱে প্ৰস্তুত কৰা পানীয়ত অপৰিহাৰ্য এবিধ লাড়ু বা পিঠা । পৰম্পৰাগতভাৱে বহুতে এই পিঠা প্ৰস্তুত কৰাৰ পদ্ধতি শিকি লয় । এই পিঠাত থাকে বিভিন্ন ধৰণৰ গছ লতিকাৰ পাত, শিপা আদি । বিভিন্ন গছৰ পাত,শিপা আদি নিৰ্দিষ্ট মাত্ৰাত লৈ খুন্দি লোৱা হয় । তাৰ লগত পিঠা গুড়ি বা চাউলত গুড়ি সানি শুকুৱাই লোৱা হয় । এই পিঠা বজাৰত বিক্ৰীও হয় । জনগোষ্ঠী ভেদে সাজ, ছাইমদ আদি যি পানীয়ই প্ৰস্তুত নকৰক তাত এই লাড়ু বা পিঠা দিবই লাগিব । নহ'লে তাৰ গুণাগুণ নহয় ।
এনে পানীয় ক্ষতিকৰ নেকি ?
বিভিন্ন জাতি-জনগোষ্ঠীয়ে পবিত্র হিচাপে গণ্য কৰি তেওঁলোকৰ উৎসৱ-পাৰ্বণত ব্যবহাৰ কৰে সাজ, আপং আদি কিছু নিচাজাতীয় পানীয় । এয়া সেৱন কৰিলে কিছু ৰাগী হয়। নিৰ্দিষ্ট মাত্রাত খালে এনে পানীয়ই অপকাৰ নকৰে বুলি তেওঁলোকৰ বিশ্বাস । বৰং পঃৰ আপঙৰ দৰে আপঙে শৰীৰত উপকাৰ কৰে বুলিহে মিচিং সমাজে বিশ্বাস কৰে । উল্লেখ্য যে বিলাতী সুৰাৰ তুলনাত থলুৱা এনে পানীয় শৰীৰৰ বাবে কম ক্ষতিকাৰক বুলি অতীজৰ পৰা বিশ্বাস প্ৰচলিত হৈ আহিছে । থলুৱাভাৱে প্ৰস্তুত কৰা ভাত,গছ লতিকাৰ পাত, শিপা আদিৰ পৰা প্ৰস্তুত কৰা পানীয় ক্ষতিকৰ নহয় বুলি জনবিশ্বাস অব্যাহত আছে ।