ETV Bharat / international

যুদ্ধবিৰতিত ৩ ঘণ্টা বিলম্ব; উদযাপনৰ বাবে ওলাই আহিল পেলেষ্টাইনী - GAZA CEASEFIRE DELAY

ইজৰাইল আৰু হামাছ সন্মত হোৱাৰ পিছতো ৩ ঘণ্টা পলমকৈ আৰম্ভ যুদ্ধবিৰতি । উদযাপনৰ বাবে ৰাজপথলৈ ওলাই আহিল বহু লোক ।

Gaza Ceasefire Delay
যুদ্ধবিৰতিত ৩ ঘণ্টা বিলম্ব;উদযাপনৰ বাবে ওলাই আহিল পেলেষ্টাইনী (AP)
author img

By ETV Bharat Assamese Team

Published : Jan 19, 2025, 8:46 PM IST

ডেইৰ আল-বালাহ : দীঘলীয়া সংঘৰ্ষৰ অন্তত অৱশেষত গাজা যুদ্ধবিৰতি চুক্তি স্বাক্ষৰিত হ'ল । মধ্যস্থতাকাৰীৰ দেশৰ প্ৰচেষ্টাত ইজৰাইল আৰু হামাছে যুদ্ধবিৰতিৰ বাবে সন্মত হয় । অৱশ্যে ৩ ঘণ্টা পলমকৈ আৰম্ভ হয় যুদ্ধবিৰতি । কিয়নো হামাছে দেওবাৰে পলমকৈ মুকলি কৰাৰ পৰিকল্পনা কৰা তিনিগৰাকী মহিলা বন্দীৰ নাম দিছিল । যাৰ বাবে ইজৰাইলে নামবোৰ নোপোৱালৈকে যুদ্ধবিৰতিত সন্মত হোৱা নাছিল । ইফালে যুদ্ধ বিধ্বস্ত অঞ্চলটোত ৰাইজৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । যুদ্ধবিৰতি পলম হোৱা স্বত্বেও কিছুমান পেলেষ্টাইনীয়ে ঘৰলৈ উভতি আহিবলৈ আৰম্ভ কৰে । স্থানীয় সময় অনুসৰি পুৱা ১১:১৫ বজাত আৰম্ভ হোৱা এই যুদ্ধবিৰতিয়ে সংঘৰ্ষৰ সমাপ্তিক সূচায় ।

ইজৰাইলে বন্দীৰ নাম লাভ নকৰাৰ বাবে যুদ্ধবিৰতিত পলম

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কয় যে ইয়াৰ পূৰ্বে হামাছে বহুসংখ্যক পেলেষ্টাইনী বন্দীৰ বিনিময়ত মুকলি কৰিবলৈ সাজু হোৱা ৩ গৰাকী বন্দীৰ নাম প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি পালন কৰা নাছিল । স্থানীয় সময় অনুসৰি পুৱা ৮:৩০ বজাত যুদ্ধবিৰতি আৰম্ভ হোৱাৰ কথা আছিল । কিন্তু ৩ গৰাকী বন্দীৰ নাম হস্তান্তৰ কৰা হোৱা নাছিল । ইফালে ইজৰাইলৰ শীৰ্ষ সামৰিক মুখপাত্ৰ ৰিয়াৰ এডমিঃ ডেনিয়েল হাগাৰীয়ে কয় যে হামাছে চুক্তিখন পালন নকৰালৈকে সেনাই আক্ৰমণ অব্যাহত ৰাখিছে । সামৰিক বাহিনীয়ে পিছত কয় যে তেওঁলোকে উত্তৰ আৰু মধ্য গাজাত কেইবাটাও সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰে ।

যুদ্ধবিৰতি কাৰ্যকৰীৰ পিছতো ইজৰাইলৰ আক্ৰমণ

যুদ্ধবিৰতি বিলম্বিত হোৱাৰ পিছত দক্ষিণৰ খান ইউনুছ চহৰত ইজৰাইলৰ এয়াৰষ্ট্ৰাইকৰ ফলত কমেও ৮ গৰাকী লোকৰ মৃত্যু হয় । নাছেৰ হাস্পতাল কৰ্তৃপক্ষই হতাহতৰ তথ্য নিশ্চিত কৰে আৰু কয় যে যুদ্ধবিৰতি কাৰ্যকৰী হোৱাৰ প্ৰায় দুঘণ্টা পিছত এই আক্ৰমণ হৈছিল । গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে দেওবাৰে গাজা চহৰত হোৱা আক্ৰমণৰ ফলত আৰু তিনিজন লোকৰ মৃত্যুৰ খবৰ দিয়ে । হামাছে পূৰ্বে কাৰিকৰী কাৰণত নামবোৰ হস্তান্তৰ কৰাত পলম হোৱাৰ কথা স্পষ্ট কৰে । এক বিবৃতিত হামাছে কয় যে যোৱা সপ্তাহত ঘোষণা কৰা যুদ্ধবিৰতি চুক্তিৰ প্ৰতি তেওঁলোক প্ৰতিশ্ৰুতিবদ্ধ ।

যুদ্ধবিৰতিৰ বিৰোধিতা

ইজৰাইলৰ ৰাষ্ট্ৰীয় নিৰাপত্তা মন্ত্ৰী ইটামাৰ বেন-জিভিৰৰ দলটোৱে ইফালে কয় যে কেবিনেট মন্ত্ৰীসকলে যুদ্ধবিৰতিৰ বিৰোধিতা কৰি দেওবাৰে চৰকাৰৰ পৰা পদত্যাগৰ দাবী কৰে । ইহুদী শক্তি দলৰ প্ৰস্থানে নেতান্যাহুৰ মিত্ৰজোঁটক দুৰ্বল কৰে যদিও যুদ্ধবিৰতিত প্ৰভাৱ নপৰে । আন এক পৃথক ঘটনাত ইজৰাইলে ঘোষণা কৰে যে তেওঁলোকে এক বিশেষ অভিযানত ২০১৪ চনৰ ইজৰাইল-হামাছ যুদ্ধত নিহত হোৱা অৰন শ্বাউল নামৰ এজন সৈনিকৰ মৃতদেহ উদ্ধাৰ কৰিছে । ২০১৪ চনৰ যুদ্ধৰ পিছত শ্বাউল আৰু আন এজন সৈনিক হাদাৰ গোল্ডিনৰ মৃতদেহ গাজাতে আছিল আৰু তেওঁলোকৰ পৰিয়ালৰ দ্বাৰা ৰাজহুৱা আবেদনৰ স্বত্বেও মৃতদেহ ঘূৰাই দিয়া হোৱা নাছিল ।

এছ'চিয়েটেড প্ৰেছৰ এগৰাকী সাংবাদিকে জনোৱা মতে গাজাৰ দক্ষিণ চহৰ খান ইউনুছত যুদ্ধবিৰতি উদযাপন কৰিবলৈ শ শ লোক ৰাজপথলৈ ওলাই আহিছিল । উদযাপন চলি থকাৰ সময়তে ৪ গৰাকী মাস্ক পৰিধান কৰা সশস্ত্ৰ হামাছ যুঁজাৰু দুখন বাহনত সেই স্থানত উপস্থিত হৈছিল । য'ত মানুহে তেওঁলোকক আদৰণি জনাইছিল আৰু হামাছৰ সমৰ্থনত শ্ল'গান দিছিল । হামাছে ৰাজপথত পেলেষ্টাইনী পতাকা উৰুৱাইছিল ।

লগতে পঢ়ক :হামাছৰ সৈতে যুদ্ধবিৰতি-পণবন্দী চুক্তিত অনুমোদন ইজৰাইল চৰকাৰৰ - ISRAEL GOVT APPROVES CEASEFIRE DEAL

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.