ETV Bharat / bharat

শ্ৰীনগৰৰ জলাশয়ক লৈ বিশেষ পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ - JK TOURISM

নেশ্যনেল কনফাৰেন্সৰ বিধায়ক তানভিৰ ছাদিকে নতুন দিল্লীত কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতক সাক্ষাৎ কৰে ।

JK Tourism
শ্ৰীনগৰৰ জলাশয়ক লৈ বিশেষ পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jan 19, 2025, 3:01 PM IST

শ্ৰীনগৰ : অনুচ্ছেদ ৩৭০ বাতিলৰ পিছৰে পৰা জম্মু-কাশ্মীৰৰ বিভিন্ন দিশৰ উন্নয়ন বাবে অধিক গুৰুত্ব প্ৰদান কৰিছে চৰকাৰে । অঞ্চলটোৰ পৰ্যটন ক্ষেত্ৰখনক অধিক আগুৱাই লৈ যোৱাৰ বাবেও প্ৰচেষ্টা লৈ থকা হৈছে । তাৰ অংশ হিচাপে কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে শ্ৰীনগৰৰ কেইবাটাও জলাশয়ক পৰিৱেশ-অনুকূল পৰ্যটন গাঁৱলৈ ৰূপান্তৰ কৰাৰ আশ্বাস দিছে ।

শ্ৰীনগৰৰ উন্নয়নক লৈ ১৮০ কোটিৰ প্ৰকল্প

জম্মু-কাশ্মীৰৰ বিধানসভাৰ শাসনাধিষ্ঠ নেশ্যনেল কনফাৰেন্সৰ সদস্য তানভিৰ ছাদিকে শনিবাৰে এই কথা উল্লেখ কৰে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰাৰ পিছতে তানভিৰ ছাদিকে এই কথা জনায় । তেওঁ পুৱাই নতুন দিল্লীত পৰ্যটন মন্ত্ৰীৰ সৈতে হোৱা বৈঠকত শ্ৰীনগৰৰ ডাল, খুশালচাৰ, গিলচাৰ আৰু আনচৰচাৰত মীৰ বেহৰীৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি ১৮০ কোটি টকাৰ এক বিতং প্ৰকল্প প্ৰতিবেদন দাখিল কৰে ।

তেওঁ কয়, "এই প্ৰকল্পটো অগ্ৰাধিকাৰৰ ভিত্তিত গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়াৰ বাবে মই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ওচৰত গভীৰভাৱে কৃতজ্ঞ । এই প্ৰকল্পটোৱে কেৱল স্থানীয় সম্প্ৰদায়সমূহক উন্নত কৰাই নহয় এক বহনক্ষম পৰ্যটন গন্তব্য স্থান হিচাপে জম্মু-কাশ্মীৰৰ বিশ্বব্যাপী খ্যাতি বৃদ্ধি কৰিব ।"

এই প্ৰকল্পটোৰ অটল সমৰ্থনৰ বাবে পৰ্যটন মন্ত্ৰী তথা মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাকো তেওঁ ধন্যবাদ জ্ঞাপন কৰে । তেওঁ কয় যে এই প্ৰকল্পটোৰ উদ্দেশ্য হৈছে এই জলাশয়সমূহৰ অনন্য পাৰিপাৰ্শ্বিক আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰা যাতে পৰ্যটনৰ লাভালাভ স্থানীয় সম্প্ৰদায়সমূহৰ পক্ষত থাকে । ছাদিকৰ মতে এই পদক্ষেপটো দলৰ ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতিৰ অংশ আৰু এই ক্ষেত্ৰসমূহৰ সামগ্ৰিক বিকাশৰ প্ৰতি চৰকাৰৰ সমৰ্পণক প্ৰতিফলিত কৰে ।

ছাদিকে কয়, "প্ৰস্তাৱটোত আন্তঃগাঁথনি উন্নত কৰা, মৌলিক সুবিধা বৃদ্ধি কৰা আৰু সম্প্ৰদায়-আধাৰিত পৰ্যটনৰ বাবে প্ৰস্তুত কৰা বহনক্ষম পদক্ষেপৰ কথা উল্লেখ কৰা হৈছে ।" তেওঁ লগতে কয় যে এই প্ৰকল্পটোৰ লক্ষ্য হৈছে এই অঞ্চলবোৰৰ প্ৰাকৃতিক বৈভৱ আৰু এই জলাশয়বোৰক বাসস্থান হিচাপে লোৱা প্ৰায় ৩০,০০০-৩৫,০০০ বাসিন্দাৰ প্ৰত্যাহ্বানমূলক জীৱন ধাৰণৰ পৰিস্থিতিৰ মাজৰ ব্যৱধান দূৰ কৰা ।

লগতে পঢ়ক :ওড়িশাৰ কলা-সংস্কৃতিৰ প্ৰশংসা ছিংগাপুৰৰ ৰাষ্ট্ৰপতিৰ - SINGAPORE PRESIDENT ODISHA VISIT

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.