প্ৰয়াগৰাজ: উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ সংগমত থকা মহাকুম্ভ মেলাৰ ৬ নং ছেক্টৰত দেওবাৰে এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হয় । তম্বু নগৰ মহা কুম্ভত প্ৰায় ২০ৰ পৰা ২৫ টা তম্বুত জুই লাগে । জুইৰ ফলত বহু তম্বু জ্বলি যোৱাৰ লগতে বহু লোক জ্বলি যোৱাৰ খবৰ পোৱা গৈছে । প্ৰচণ্ড বতাহৰ বাবে জুই এটা তম্বুৰ পৰা আন এটা তম্বুলৈ বিয়পি পৰিছে ।
জানিব পৰা মতে, তম্বুত খাদ্য ৰান্ধি থাকোঁতে জুইৰ সূত্ৰপাত হয় । ইয়াৰ পিছত জুইয়ে আৰু বহুতো তম্বু আগুৰি ধৰে । অগ্নিকাণ্ডৰ সম্ভেদ লাভ কৰাৰ লগে লগে আৰক্ষী আৰু প্ৰশাসনৰ শীৰ্ষ বিষয়া ঘটনাস্থলীত উপস্থিত হয় । বহু অগ্নিনিৰ্বাপক বাহিনীৰ লোক জুই নিৰ্বাপনৰ কামত নিয়োজিত হৈ আছে । অৱশ্যে অগ্নিকাণ্ডৰ ফলত বৰ্তমানলৈ কোনো ভক্ত হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই ।
অগ্নিকাণ্ডৰ বাবে মেলা অঞ্চলত বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় । অগ্নিকাণ্ডৰ ফলত শিবিৰত ৰখা বহুকেইটা চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত জুই আৰু ভয়াবহ হৈ পৰিছে । মেলা অঞ্চলৰ এই জুই ইমানেই ভয়াৱহ যে বহু দূৰৰ পৰা দেখা যায় ।
ইফালে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো সেই স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । তেওঁ ঘটনাৰ উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে উপস্থিত শীৰ্ষ বিষয়াক নিৰ্দেশ দিয়ে । ইয়াৰ লগতে উপযুক্ত চিকিৎসাৰ ব্যৱস্থা প্ৰদান কৰিবলৈ তেওঁ নিৰ্দেশনা দিয়ে ।
#WATCH | Prayagraj, Uttar Pradesh | A fire breaks out at the #MahaKumbhMela2025. More details awaited. pic.twitter.com/pmjsAq9jkA
— ANI (@ANI) January 19, 2025
স্বস্তিকা গেটৰ সমীপত আৰু আখৰা থকা ৰে’ল দলঙৰ তলত সংঘটিত হয় এই অগ্নিকাণ্ড । অগ্নিনিৰ্বাপক বাহিনীয়ে ছেক্টৰ ১৯ ছীল কৰি দিছে । জানিব পৰা মতে বৰ্তমানো বিস্ফোৰণ হৈ আছে চিলিণ্ডাৰ । অগ্নিনিৰ্বাপক বাহিনীৰ বহু বাহনে জুই নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে । প্ৰচণ্ড বতাহৰ বাবে জুই নিয়ন্ত্ৰণত অসুবিধা হৈছে ।