World environment day: জামুগুৰিহাটৰ পৰা চতিয়ালৈ ৰাষ্ট্ৰীয় ঘাইপথৰ ২১ কিলোমিটাৰ পথত গছপুলি ৰোপণ

By

Published : Jun 5, 2023, 4:21 PM IST

thumbnail

চতিয়া, ৫ জুন: আজি বিশ্ব পৰিৱেশ দিৱস। এই পৰিৱেশ দিৱসৰ দিনা জামুগুৰিহাটৰ চতিয়াত ওলাই আহিল দল সংগঠনৰ লগতে হাজাৰ হাজাৰ ৰাইজ (World environment day observed)। চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত ফ'ৰলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইদাৰৰ মাজত জামুগুৰিহাটৰ চকীঘাটৰ পৰা চতিয়াৰ ঘিলাধাৰী নদীৰ দলঙলৈকে ২১ কিলোমিটাৰ পথচোৱাত হাজাৰ হাজাৰ প্ৰকাৰৰ বিভিন্ন গছপুলি ৰোপণ কৰে অঞ্চলটোৰ নানা দল সংগঠনৰ লগতে ৰাইজে। 

চতিয়াৰ এই বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই। গছপুলিসমুহ ৰোৱাৰ পাচত চৰণীয়া গৰু ছাগলীয়ে খাব নোৱাৰাকৈ বাঁহৰে বেৰৰ মাজত প্লাষ্টিকৰ নেট বান্ধি দিয়াৰ ব্যৱস্থাও কৰা হয়।

লগতে পঢ়ক: World Environment day: ঘৰৰ চৌহদতে গঢ়ি তুলিছে তপোবন সদৃশ বাগিচা

এই বৃক্ষ ৰোপণ কাৰ্যসূচীত শোণিতপুৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, দ্বাদশ অসম আৰক্ষী বাহিনীৰ অধিনায়কৰ উপৰিও কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.